নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘সুৰ সংগম–২’ উন্মোচন বিশিষ্ট কথা শিল্পী হোমেন বৰগোহাঞিৰ

নিয়মীয়া বাৰ্তা, ১৬ মাৰ্চঃ গুৱাহাটীস্থিত ‘নিয়মীয়া বার্তা’ৰ মুখ্য কার্যালয়ত সোমবাৰে বিয়লি বিশিষ্ট কণ্ঠশিল্পী সন্দীপ চমৰীয়াই ৰচনা কৰা আৰু সুৰ দিয়া ৰাজস্থানী আৰু অসমীয়া গীতৰ কেছেট ‘সুৰ সংগম–২’ উন্মোচন কৰা হয়৷ কেছেটটো উন্মোচন কৰে ‘নিয়মীয়া বার্তা’ কাকতৰ মুখ্য সম্পাদক তথা বিশিষ্ট কথাশিল্পী হোমেন বৰগোহাঞিয়ে৷ আৰম্ভণিতে উন্মোচক বৰগোহাঞিক গামোচা আৰু ৰাজস্থানী ছাফাৰে সম্বর্ধনা জনায় সন্দীপ চমৰীয়াই৷

কেছেটটো উন্মোচন কৰি তেওঁ কয়– ‘আজি মই এটা অভিনৱ কাম কৰিলোঁ৷ যোৱা বহু বছৰ ধৰি মই বহুত কিতাপ উন্মোচন কৰিছোঁ, বহুত গানৰ কেছেট উন্মোচন কৰিছোঁ, কিন্তু প্রথমবাৰৰ কাৰণে এজন মাৰোৱাৰী শিল্পীয়ে ৰচনা কৰা আৰু সুৰ দিয়া গানৰ এটা কেছেট উন্মোচন কৰিলোঁ৷ মাৰোৱাৰীসকলে অসমৰ শিক্ষা, স্বাস্থ্য, সমাজসেৱা আৰু সাহিত্য সেৱালৈ যথেষ্ট মূল্যৱান অৱদান আগবঢ়াইছে৷ বোধহয় প্রথমবাৰৰ কাৰণে এজন মাৰোৱাৰীয়ে নিজেই ৰচনা কৰা আৰু সুৰ কৰা এটা গানৰ কেছেট অসমীয়া ৰাইজলৈ আগবঢ়াইছে৷

গানটোৰ ৰচক আৰু গায়ক সন্দীপ চমৰীয়াই ‘সংগীতৰ যাত্রা’ৰ এটা অভিনৱ অনুষ্ঠান স্থাপন কৰিছে৷ যাৰ জৰিয়তে তেওঁ বহুতো অভিনৱ অসমীয়া গান অসমীয়া শ্রোতাসকলৰ মাজলৈ লৈ যোৱাৰ প্রয়াস কৰিছে৷ এই উদ্দেশ্য আগত ৰাখি তেওঁ প্রথমে লাচিত বৰফুকন আৰু জ্যোতিপ্রসাদ আগৰৱালাৰ জীৱনৰ কাহিনী অৱলম্বন কৰি কেইবাটাও নতুন গীত ৰচনা কৰিছে৷ কেছটটোত ৰাজস্থানী বিৰহ গীত, প্রেম গীত, ৰাজস্থানৰ মৰুভূমি আৰু বীৰ গাথাৰ ওপৰত আধাৰিত গীত, ফাগুন বিষয়ক গীত অন্তর্ভুক্ত হৈছে৷ অনুষ্ঠানত উপস্থিত থাকে ব্রহ্মপুত্র সাহিত্য সভাৰ সভাপতি কিশোৰ কুমাৰ জৈন, মাৰোৱাৰী হিন্দী পুস্তকালয়ৰ সভাপতি ৰবি অজিতসৰিয়া, ওদালগুৰিৰ ন্যায়িক দণ্ডাধীশ ৰঞ্জিতা আগৰৱালা আৰু সংগীত পৰিচালক অসীম নাথ৷

You might also like