নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আঠখন দেশত ক’ভিড ভেকচিন বর্জন

নিয়মীয়া বাৰ্তা ১৬ মাৰ্চঃ অক্সফ’ড–আষ্ট্রাজেনেকাৰ ক’ভিড ভেকচিন ইউৰোপৰ কেইবাখনো দেশে বর্জন কৰিছে৷ শেহতীয়াকৈ নেদাৰলেণ্ডে এই ভেকচিন প্রদান কার্যসূচী বাতিল কৰিছে দেশখনত৷ বিভিন্ন দেশত ভেকচিন গ্রহণ কৰাৰ পিছত বহু লোক পার্শ্বক্রিয়াত আক্রান্ত হোৱা বুলি সংবাদ প্রকাশ পোৱাৰ পিছতে এখনৰ পিছত এখনকৈ দেশে এই ভেকচিনবিধ বর্জন কৰিবলৈ লৈছে৷

লক্ষণীয়ভাৱে বিশ্ব স্বাস্থ্য সংস্থাই এই ভেকচিন গ্রহণৰ ফলত শৰীৰত পার্শ্বক্রিয়াৰ প্রতিফলন ঘটাৰ তথ্য সঁচা নহয় বুলি উল্লেখ কৰিছে যদিও ইউৰোপত ৮খনকৈ দেশে ভেকচিনবিধ বর্জন কৰিছে৷

You might also like