নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমত ১৬ৰ পৰা ১৯ মাৰ্চলৈ বৰষুণৰ সম্ভাৱনা

নিয়মীয়া বাৰ্তা, ১৬ মাৰ্চঃ অসমকে ধৰি উত্তৰ-পূব ভাৰতৰ কিছু অংশত পৰৱৰ্তী ৩-৪ দিনত বৰষুণ আৰু বজ্ৰপাত হ’ব বুলি সম্ভাৱনা ব্যক্ত কৰা হৈছে।

ভাৰত বতৰ বিজ্ঞান বিভাগৰ মতে, পৰৱৰ্তী দুই দিনত অৰুণাচল প্ৰদেশত ব্যাপক হাৰত বৰষুণ আৰু তুষাৰপাতৰ লগতে ১৬ৰ পৰা ১৯ মাৰ্চলৈ অসম আৰু মেঘালয়তো বিচ্ছিন্ন ৰূপত বৰষুণ, বিজুলী-ঢেৰেকনি হ’ব পাৰে।

সৰ্বভাৰতীয় বতৰৰ আপডেটত আইএমডিয়ে কয় যে এইকেইদিনত সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত বিজুলী-ঢেৰেকনিসহ কিছু পৰিমাণে বৰষুণ হোৱাৰ সম্ভাৱনা আছে। অৱশ্যে প্ৰবল বৃষ্টিপাত আশংকা নাই বুলি বিভাগটোৱে জানিবলৈ দিয়ে।

You might also like