ধুবুৰীত বিএছএফ–চিআৰপিএফ আইটিবিপিৰে গুৰুত্বপূর্ণ বৈঠক ডিজিপিৰ
নিয়মীয়া বাৰ্তা, ১৭ মাৰ্চঃ অসম আৰক্ষীৰ বিশেষ আৰক্ষী সঞ্চালকপ্রধান ড০ এল আৰ বিষ্ণইৰ উপস্থিতিত মঙলবাৰে ধুবুৰীত এক গুৰুত্বপূর্ণ বৈঠক অনুষ্ঠিত হয়৷ ধুবুৰীস্থিত জিলা উপায়ুক্তৰ কার্যালয় প্রেক্ষাগৃহত অনুষ্ঠিত বৈঠকখনত বিএছএফ, চিআৰপিএফ আৰু আইটিবিপিকে ধৰি জিলাখনৰ শীর্ষ আৰক্ষী বিষয়া উপস্থিত আছিল৷
বৈঠকখন সমাপ্ত হোৱাৰ পিছত ধুবুৰীৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্রাক লগত লৈ ধুবুৰী চহৰৰ বিভিন্ন স্থানত পদব্রজে উপস্থিত হৈ ৰাইজৰ লগত মত বিনিময় কৰা দেখা যায় বিশেষ আৰক্ষী সঞ্চালকপ্রধানগৰা৷
আনহাতে এই প্রতিবেদকৰে হোৱা এক বার্তালাপত ড০ বিষ্ণই আন্তঃৰাজ্যিক আৰু আন্তঃৰাষ্ট্রীয় সীমামূৰীয়া হোৱাহেতুকে ধুবুৰী জিলাখন সামান্য সংবেদনশীল বুলি মন্তব্য কৰে৷ লগতে বাংলাদেশৰ সৈতে থকা আন্তঃৰাষ্ট্রীয় সীমা আৰু চুবুৰীয়া ৰাজ্য পশ্চিমবংগৰে থকা আন্তঃৰাজ্যিক সীমাত বিএছএফৰ মোতায়েন থকা বুলি উল্লেখ কৰি বিষয়টোলৈ বিএছএফৰে কথা–বতৰা হোৱা বুলি উল্লেখ কৰে অসম আৰক্ষীৰ বিশেষ আৰক্ষী সঞ্চালকপ্রধানগৰাকীয়ে৷
Marathon meeting & training session was held today at Dhubri with SP @Dhubri_Police & other ranks. We we’re joined by CAPF officials from @ITBP_official, @BSF_India & @crpfindia. We discussed the @ECISVEEP guidelines in detail for a #FreeFairSafeElection! @DGPAssamPolice pic.twitter.com/U4sbHJS8Wr
— Dr L R Bishnoi, IPS (@lrbishnoiassam) March 16, 2021