নির্বাচনৰ পূর্বে দৰমহা লাভৰ অনিশ্চয়তাত বেতনবঞ্চিত প্রাথমিক শিক্ষক
নিয়মীয়া বাৰ্তা, ১৭ মাৰ্চঃ বর্তমানলৈকে প্রয়োজনীয় বাজেট প্রেৰণ নকৰাৰ বাবে শিৱসাগৰ জিলাৰ লগতে সমগ্র ৰাজ্যৰ বেতন বঞ্চিত প্রাথমিক শিক্ষকসকলে সমাগত বিধানসভা নির্বাচনৰ পূর্বে দৰমহা লাভ কৰাৰ আশা ক্ষীণ৷
উল্লেখ্য যে বর্তমানৰ চৰকাৰখনে চলিত বর্ষৰ ৩০ জানুৱাৰীত গুৱাহাটীৰ খানাপাৰাত ৰাজ্যৰ ৪,৫১১গৰাকী প্রাথমিক বিদ্যালয়ৰ শিক্ষকৰ চাকৰি নিয়মীয়াকৰণ কৰি নিযুক্তি পত্র প্রদান কৰিছিল৷ দীর্ঘদীন ধৰি বেতনৰ পৰা বঞ্চিত হৈ থকা শিক্ষকসকলে বৰ আগ্রহেৰে নিযুক্তি পত্র গ্রহণ কৰি নিজ নিজ বিদ্যালয়ত যোগদান কৰি কার্যনির্বাহ কৰি আছে৷ কিন্তু বর্তমানলৈকে শিক্ষকসকলৰ দৰমহাৰ বাবে প্রয়োজনীয় বাজেট শিক্ষা বিভাগে জিলাসমূহলৈ প্রেৰণ নকৰাৰ বাবে নির্বাচনৰ পূর্বে দৰমহা লাভ কৰাৰ আশা ক্ষীণ হৈ অহাত শিক্ষকসকল পুনৰ এক দুঃচিন্তাত পৰিছে৷ যিহেতু বিধানসভা নির্বাচনলৈ মাজত মাথোঁ কেইটামান দিনহে বাকী আছে, তাৰ মাজতে বেংকৰ ধর্মঘট, বিষয়াসকল নির্বাচনৰ কাম–কাজত জডিত ইত্যাদি বিভিন্ন বিষয় জডিত হৈ আছে৷
ৰাজ্যৰ দীর্ঘদিনীয়া বেতন বঞ্চিত প্রাথমিক শিক্ষকৰ সমস্যা সমাধান কৰাৰ বাবে চৰকাৰৰ ওচৰত কৃতজ্ঞ যদিও বর্তমানলৈকে দৰমহা প্রদান কৰাৰ ক্ষেত্রত হেমাহি কৰাৰ বাবে তীব্র অসন্তুষ্টি প্রকাশ কৰিছে সদৌ অসম বেতন বঞ্চিত কর্মৰত প্রাথমিক শিক্ষক সন্থাই৷ নির্বাচনৰ পূর্বে শিক্ষকসকলৰ দৰমহা মুকলি কৰি দিবৰ বাবে অনুৰোধ জনাইছে সদৌ অসম বেতন বঞ্চিত কর্মৰত প্রাথমিক শিক্ষক সন্থাৰ সভানেত্রী হেমাঞ্জলি ভূঞা দত্ত আৰু সাধাৰণ সম্পাদক বসন্ত নেওগে৷ যদি নির্বাচনৰ পূর্বে দৰমহা প্রদান নকৰে তেন্তে শিক্ষক সমাজক কণা হঁাহক পতান দিয়াৰ বাহিৰে আন একো নহয় বুলি অভিহিত কৰিছে সভাপতি–সম্পাদকে৷ আন একাংশ বেতন বঞ্চিত শিক্ষকে অতি দুখেৰে জানিবলৈ দিছে যে দিনহাজিৰা কৰি পোৱা আৰু আনৰ পৰা টকা ধাৰলৈ লৈ গুৱাহাটীৰ পৰা নিযুক্তি পত্র আনিবলৈ গৈছিল৷ যদি সময়ত দৰমহা কেইটা লাভ নকৰে তেন্তে ধাৰ পৰিশোধ কেনেকৈ কৰিব ইয়াক লৈ প্রশ্ণ উত্থাপন হৈছে৷ ইয়াৰ উপৰি বিশ–পঁচিশ বছৰ পূর্বে একেধৰণে একেজন বিষয়াই নিযুক্তি দিয়া একাংশ শিক্ষকে বর্তমানেও কোনো ধৰণৰ সমস্যাৰ মুখামুখি নোহোৱাকৈ চাকৰি কৰি থকাৰ বিপৰীতে একাংশ শিক্ষক দীর্ঘদীন ধৰি বঞ্চিত হৈ অহাৰ পাছত চাকৰি নিয়মীয়াকৰণ কৰি যদি নির্বাচনৰ পূর্বে দৰমহা প্রদান নকৰে তেন্তে চৰকাৰখনে শিক্ষক সমাজক পুনৰবাৰ মানসিকভাৱে নির্যাতন কৰাৰ বাহিৰে আন একো হ’ব নোৱাৰে বুলি অভিযোগ উত্থাপন কৰিছে দুর্ভগীয়া শিক্ষক সমাজে৷ ইয়াৰ উপৰি শিৱসাগৰ জিলাত যোগ্যতা থকা ১২০গৰাকী শিক্ষক নিযুক্তি লাভৰ পৰা বঞ্চিত হৈ ৰ’ল৷
শিক্ষা বিভাগৰ চৰম হেমাহিৰ বাবেই শিৱসাগৰ জিলাৰ ৫৩গৰাকী বুনিয়াদী প্রশিক্ষণপ্রাপ্ত শিক্ষক প্রশিক্ষণপ্রাপ্ত তালিকাৰ পৰা বাদ পৰি টিউটৰ হিচাপে নিযুক্তি গ্রহণ কৰিব লগা হোৱাৰ বাবে শিক্ষা বিভাগক চোকা সমালোচনা কৰিছে পদ্মা দেৱী, অন্নলতা দাস, ভন কলিতা, অৰুণা গগৈ নামৰ শিক্ষয়িত্রী কেইগৰাকীয়ে৷ আনহাতে বুনিয়াদী প্রশিক্ষণ গ্রহণ নকৰা আৰু মাত্র তিনি মাহ প্রশিক্ষণ লোৱা শিক্ষকেও কি যাদুৰ বলত প্রশিক্ষণপ্রাপ্ত তালিকাৰ অন্তর্ভুক্ত হ’ল ইয়াকে লৈ প্রশ্ণ উত্থাপন কৰিছে৷ তদুপৰি জিলাখনত এটা দিনৰো দৰমহা লাভ নকৰা শিক্ষকেও নিযুক্তি লাভ কৰা আদি কৰি বিভিন্ন বিসংগতি ধৰা পৰাৰ বিষয়ে অৱগত কৰিছে শিক্ষক সন্থাৰ সভাপতি–সম্পাদকে৷ এই সন্দর্ভত ইতিমধ্যে শিক্ষামন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা, প্রাথমিক শিক্ষা আয়ুক্ত সচিব, প্রাথমিক শিক্ষা সঞ্চালকলৈ তথ্য সহকাৰে পৃথকে পৃথকে স্মাৰক–পত্র প্রদান কৰিছে বুলি জানিবলৈ দিছে সন্থাৰ সভাপতি কুশল বুঢ়াগোহঁাই আৰু সাধাৰণ সম্পাদক বসন্ত নেওগে৷