নিয়মীয়া বাৰ্তা, ২৭ ডিচেম্বৰঃ জম্মু–কাশ্মীৰৰ ৰাজধানী শ্রীনগৰত বর্তমান অতিপাত ঠাণ্ডা ৷ কাশ্মীৰ উপত্যকাৰ চহৰখনত নিশাৰ ভাগত এইবাৰ বছৰটোৰ সর্বাধিক ঠাণ্ডাৰ অভিলেখ সৃষ্টি হৈছে৷ বতৰ বিজ্ঞান কেন্দ্রই জনোৱা মতে, বুধবাৰে নিশা শ্রীনগৰত তাপমাত্রাৰ পৰিমাণ আছিল মাইনাছ ৫ ডিগ্রী চেলছিয়াছৰ পৰা ০.৭ ডিগ্রীৰ ভিতৰত৷ সোমবাৰৰ নিশা ইয়াৰ পৰিমাণ আছিল ৪.৩ ডিগ্রী চেলছিয়াছ ৷ তাৰ বাবে চহৰখনত বহুতো পানীযোগান আঁচনিৰ নলা বৰফময় হৈ পৰিছে৷ কাশ্মীৰৰ আন বহু ঠাইৰ লগতে লাডাখতো বর্তমান হিমচেঁচা পৰিৱেশ, যাৰ বাবে সাধাৰণ জীৱন যাত্রা ব্যাহত হৈ পৰিছে৷