পশ্চিমবংগত ভুৱা আধাৰকার্ডসহ ২ চীনা লোকক গ্রেপ্তাৰ
নিয়মীয়া বাৰ্তা ১৭ মাৰ্চঃ ভুৱা আধাৰকার্ডসহ পশ্চিমবংগৰ শিলিগুড়িৰ বাগডোগ্রা বিমানবন্দৰত দুজন চীনা নাগৰিকক মঙলবাৰে পুৱা আৰক্ষীয়ে গ্রেপ্তাৰ কৰা ঘটনাক লৈ সৃষ্টি হৈছে চাঞ্চল্য৷ উত্তৰ প্রদেশৰ ঠিকনাত এই ভুৱা আধাৰকার্ড সংগ্রহ কৰিছিল চীনা নাগৰিক দুজনে৷ দুয়োজনকে কেন্দ্রীয় ঔদ্যোগিক সুৰক্ষা বাহিনী (চিআইএছএফ)ৰ কর্মীয়ে গ্রেপ্তাৰ কৰিছে৷
শিলিগুড়িৰ পৰা উত্তৰ প্রদেশৰ গাজিয়াবাদলৈ যাত্রা কৰাৰ বাবে বিমানবন্দৰত উপস্থিত হৈছিল চীনা লোক দুজন৷ অৱশ্যে কোন উৰণ সংস্থাৰ বিমানেৰে দুয়োজন চীনা লোকে গাজিয়াবাদ অভিমুখে যাত্রা কৰিবলৈ লৈছিল সেই সন্দর্ভত কোনো তথ্য প্রকাশ কৰা নাই চি আই এছ এফে৷
গ্রেপ্তাৰ কৰা লোক দুজনক ঝাং জুন (৩৯) আৰু কাইলেং (৪২) বুলি চিনাক্ত কৰা হৈছে৷ উল্লেখনীয় যে যোৱা ৩ মার্চত ফ্রান্স আৰু ১৪ মার্চত কাঠমাণ্ডু ভ্রমণ কৰিছিল দুয়োজন চীনা লোকে৷