নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এয়া অসমৰ সভ্যতা সংস্কৃতি–অস্তিত্ব ৰক্ষাৰ মহানির্বাচন

ৰঙিয়া–কলাইগাঁও–হোজ্ নির্বাচনী ৰণহুংকাৰ যোগী আদিত্যনাথৰ

নিয়মীয়া বাৰ্তা ১৮ মাৰ্চঃ বিজেপিৰ ষ্টাৰ কেম্পেইনাৰ উত্তৰ প্রদেশৰ মুখ্যমন্ত্রী যোগী আদিত্যনাথে বুধবাৰে ৰাজ্যৰ তিনি সমষ্টি ক্রমে কলাইগাঁও, ৰঙিয়া আৰু হোজাইত ৰণডংকা বজায়৷ তিনিখন বিশাল জনসভাত অংশগ্রহণ কৰি মুখ্যমন্ত্রী আদিত্যনাথে কংগ্রেছ আৰু এ আই ইউ ডি এফক সমালোচনাৰ লক্ষ্য কৰি লয়৷ তদুপৰি তেওঁ বিগত সময়ছোৱাত বিজেপি নেতৃত্বাধীন কেন্দ্র আৰু ৰাজ্য চৰকাৰে ৰূপায়ণ কৰা বিভিন্ন আঁচনিও ভাষণত সামৰি লয়৷ কলাইগাঁও মহাবিদ্যালয়ৰ খেলপথাৰত সমষ্টিটোৰ বিজেপিৰ প্রার্থী মধুৰাম ডেকাৰ হৈ প্রচাৰ চলাই তেওঁ কয়– ‘বিকাশৰ পথত অসম আজিও বহু পিছপৰি ৰোৱাৰ মূলতেই হ’ল কংগ্রেছ৷ অসমৰ জনসাধাৰণক লৈ কংগ্রেছে কুটিল ৰাজনীতি কৰি আহিছে৷ তেওঁলোকে কেতিয়াও ৰাজ্যখনৰ বিকাশৰ বাবে মনোনিৱেশ কৰা নাছিল৷ যিকোনো প্রকাৰে কোনো এটা পক্ষক হাথিয়াৰ সজাই কংগ্রেছে ৰাজনৈতিক মুনাফা লাভৰ বাবে দেশৰ ভিতৰতে উগ্রবাদী, আতংকবাদী আৰু বিচ্ছিন্নতাবাদী শক্তিক প্রশ্রয় দি আহিছে৷ অনুপ্রৱেশকাৰীক সমর্থন কৰা এ আই ইউ ডি এফৰ লগত মিলি কংগ্রেছে নির্বাচনত প্রভাৱান্বিত কৰিবলৈ কুৎসিত প্রয়াস কৰিছে কংগ্রেছে৷’ সেয়েহে আগন্তুক বিধানসভা নির্বাচন অসমৰ সভ্যতা, সংস্কৃতি আৰু অস্তিত্ব ৰক্ষাৰ বাবে মহানির্বাচন বুলি মন্তব্য কৰে যোগী আদিত্যনাথে৷

অসমৰ ৰাইজে অনুপ্রৱেশকাৰীক সমর্থন কৰা দলক আঁতৰাই পঠিয়াবলৈ সংকল্পবদ্ধ হৈছে বুলি উল্লেখ কৰি তেওঁ কয়– ‘অসমত সন্ত্রাসবাদ আৰু আন্দোলনৰ সলনি শান্তিপূর্ণ পৰিৱেশ, উন্নয়ন আৰু স্ব–নিয়োজনৰ পৰিৱেশ গঢ় লৈ উঠিছে বিজেপি চৰকাৰৰ কার্যকালত৷ প্রধানমন্ত্রী মোদীৰ নেতৃত্বত সংবিধানৰ বিতর্কিত ৩৭০ অনুচ্ছেদ বাতিল কৰাৰ লগতে ৫০০ বছৰীয়া বিবাদৰ অন্তত ৰাম মন্দিৰ নির্মাণ কৰিবলৈ সক্ষম হৈছে৷ দেশত এতিয়া সকলো ধর্ম, বর্ণ, ভাষাক সন্মান প্রদর্শনৰ সময় আহি পৰিছে৷ সকলোকে বিশ্বাসত লৈ এখন নতুন ভাৰত নির্মাণ কৰা হ’ব৷ য’ত কাৰো তুষ্টিকৰণ নাথাকিব৷ সম–ধিকাৰেৰে বিকাশৰ গতি ত্বৰান্বিত হ’ব৷’ ভাষণৰ আৰম্ভণিতে মা কামাখ্যালৈ প্রণাম জনাই উত্তৰ প্রদেশৰ মুখ্যমন্ত্রীগৰাকীয়ে স্মৰণ কৰিলে মহাপুৰুষ শ্রীমন্ত শংকৰদেৱৰ লগতে সুধাকণ্ঠ ভূপেন হাজৰিকাকো৷ সুধাকণ্ঠৰ কালজয়ী গীত মহাবাহু ব্রহ্মপুত্র মহামিলনৰ তীর্থ আওৰাই তেওঁ কয় যে সঁচা অর্থত অসমভূমি মহামিলনৰ তীর্থ৷ মহাপুৰুষ শংকৰদেৱৰ অৱদানৰ বিষয়ে উল্লেখ কৰি তেওঁ কয়– ‘অসমভূমি শংকৰদেৱৰ ভূমি৷ মহাপুৰুষ শংকৰদেৱ এনে এগৰাকী দূৰদর্শী মহাপুৰুষ আছিল, যিগৰাকীয়ে সমগ্র ভাৰতবর্ষৰ ভিতৰতে সাংস্কৃতিক ৰাষ্ট্রবাদৰ হকে কাম কৰিছিল৷ এনে এগৰাকী মহাপুৰুষক কংগ্রেছে মান্যতা প্রদান কৰা নাছিল৷’ আজিৰ এই সভাখনত উত্তৰ প্রদেশৰ শক্তিমন্ত্রী আৰ পি সিং, বিজেপিৰ ৰাষ্ট্রীয় সাধাৰণ সম্পাদক দিলীপ কুমাৰ শইকীয়া, বিটিচিৰ ই এম দিগন্ত বৰুৱা প্রমুখ্যে কেইবাগৰাকীও নেতা উপস্থিত থাকে৷ উল্লেখ্য যে আজি বিশেষ বিমানযোগে গুৱাহাটীত উপস্থিত হোৱাৰ পাছতে তেওঁক দলীয় নেতৃবর্গই আদৰণি জনায়৷ ইয়াৰ পাছতে যোগী আদিত্যনাথে কামাখ্যা মন্দিৰ দর্শন কৰে আৰু নির্বাচনী প্রচাৰ সভালৈ হেলিকপ্ঢাৰযোগে ৰাওনা হয়৷
গোৰেশ্বৰত নির্বাচনী ৰণডংকা
ৰঙিয়া বিধানসভা সমষ্টিৰ প্রার্থী ভৱেশ কলিতাৰ হৈ আজি নির্বাচনী ৰণডংকা বজালে যোগী আদিত্যনাথে৷ গোৰেশ্বৰৰ বেঙেনাহাটী সত্র প্রাংগণত বিয়লি অনুষ্ঠিত বিশাল নির্বাচনী সভাত অংশগ্রহণ কৰি উত্তৰ প্রদেশৰ মুখ্যমন্ত্রীগৰাকীয়ে কয় যে বিজেপিয়ে বিচ্ছিন্নতাবাদী আৰু সন্ত্রাসবাদীক কেতিয়াও প্রশ্রয় দিয়া নাই আৰু ভৱিষ্যতেও নিদিয়ে৷ বিগত ৫ বছৰত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ নেতৃত্বত ৰাজ্যলৈ শান্তি–সম্প্রীতিৰ পৰিৱেশ ঘূৰি আহিছে বুলি উল্লেখ কৰি তেওঁ কয়–‘ভেদাভেদ, উচ্চ–নীচ ভাবধাৰা পৰিহাৰ কৰি নৰেন্দ্র মোদী নেতৃত্বাধীন বিজেপি চৰকাৰে উন্নয়ন আৰু শান্তিৰ বাতাৱৰণ সৃষ্টি কৰিছে৷ প্রধানমন্ত্রী মোদীৰ নেতৃত্বত ভাৰত আজি শক্তিশালী হৈছে৷’ এই সভাখনতো কংগ্রেছৰ নেতৃত্বত গঠন কৰা মহাজোঁটক আক্রমণৰ লক্ষ্য কৰি লৈ যোগী আদিত্যনাথে কয় যে কেৱল অনুপ্রৱেশ, দুর্নীতিৰ বাবে এই মহাজোঁট গঠন কৰা হৈছে৷ সেয়েহে পুনৰ বিজেপি চৰকাৰক শাসনৰ গাদীলৈ ওভতাই আনিবলৈ ৰাইজলৈ আহ্বান জনায় মুখ্যমন্ত্রীগৰাকীয়ে৷ সভাত প্রার্থী ভৱেশ কলিতা, ৰাষ্ট্রীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়ায়ো ভাষণ প্রদান কৰে৷
হোজাইত নির্বাচনী প্রচাৰ যোগী আদিত্যনাথৰ
হোজাই আৰু লামডিং সমষ্টিৰ বিজেপি প্রার্থী ক্রমে ৰামকৃষ্ণ ঘোষ আৰু শিবু মিশ্রৰ হৈ নির্বাচনী ৰণহুংকাৰ দিলে উত্তৰ প্রদেশৰ মুখ্যমন্ত্রী যোগী আদিত্যনাথে৷ লংকা ক্রীড়া সন্থাৰ খেলপথাৰত আয়োজন কৰা সভাখনত অসমীয়াতে ভাষণ আৰম্ভ কৰি যোগী আদিত্যনাথে ৰাজ্যবাসীলৈ আগন্তুক ৰঙালীবিহুৰ শুভেচ্ছা জ্ঞাপন কৰে৷ এই সভাখনতো মহাপুৰুষ শ্রীমন্ত শংকৰদেৱৰ লগতে সুধাকণ্ঠক স্মৰণ কৰি যোগী আদিত্যনাথে বিজেপি চৰকাৰৰ কার্যকালত হোৱা উন্নয়নৰ কথা উল্লেখ কৰে৷ কংগ্রেছক কঠোৰ ভাষাৰে সমালোচনা কৰি তেওঁ কয় যে কংগ্রেছৰ কূটনীতি আৰু ষড়যন্ত্র আজি অব্যাহত থকা হ’লে এই ধৰিত্রী বিপদাপন্ন হ’লহেঁতেন৷ প্রধানমন্ত্রী মোদীৰ নেতৃত্বত চৰকাৰে দেশক সুৰক্ষা দিয়াৰ লগতে উন্নয়নৰ পথত আগুৱাই নিবলৈ সক্ষম হৈছে বুলি উল্লেখ কৰি তেওঁ কয়– প্রধানমন্ত্রী মোদীয়ে দেশৰ মহিলাক সুৰক্ষিত কৰাৰ বাবে তিনি তালাকৰ বিৰুদ্ধে আইন প্রণয়ন কৰিলে৷ এতিয়া তিনি তালাক বুলি কোৱা ব্যক্তিক পোনে পোনে জে’ললৈ প্রেৰণ কৰা হয়৷ ৰাজ্যত সর্বানন্দ সোণোৱাল চৰকাৰে উন্নয়ন কৰিবলৈ সক্ষম হৈছে৷ আগন্তুক নির্বাচনত দুয়োগৰাকী প্রার্থীক জয়যুক্ত কৰিবলৈ তেওঁ আহ্বান জনায়৷ লক্ষণীয় যে আজিৰ সভাখনত বর্তমানৰ বিধায়ক তথা টিকটবঞ্চিত শিলাদিত্য দেৱ উপস্থিত নাছিল৷ সভাখনত জিলা সভাপতি অনুপ দেৱ আৰু বিজেপিৰ শীর্ষ কেইবাগৰাকীও নেতা উপস্থিত থাকে৷

You might also like