আমেৰিকাত বন্দুকধাৰীৰ নৃশংসতাঃ স্পা পার্লাৰত গুলীচালনাত নিহত ৮ এছীয় লোক
নিয়মীয়া বাৰ্তা ১৮ মাৰ্চঃ আমেৰিকাৰ জর্জিয়া প্রদেশৰ আটলাণ্টাৰ উপকণ্ঠীয় অঞ্চলৰ এখন মাছেজ পার্লাৰ আৰু স্পাতসংঘটিত গুলীচালনাৰ ঘটনাত ৮গৰাকী লোক নিহত হৈছে৷ নিহত লোকসকলৰ চাৰিগৰাকীয়েই হৈছেকোৰিয়া মূলৰ আমেৰিকান৷ এই গুলীচালনাৰ ঘটনাত জড়িত থকাৰ সন্দেহত আৰক্ষীয়ে গ্রেপ্তাৰ কৰিছে ২১ বছৰীয়া এজন যুৱকক৷ তাৎক্ষণিকভাৱে এই আক্রমণৰ কাৰণ জানিব পৰা হোৱা নাই৷ কিন্তু আক্রমণকাৰীয়ে ধাৰাবাহিকভাৱে এছীয় মূলৰ লোকক আক্রমণৰ বাবে চেষ্টা চলাই অহা বুলি ধাৰণা কৰিছে আৰক্ষীয়ে৷ বিগত কেইবামাহৰ ভিতৰত এছীয়–আমেৰিকান লোকৰ বিৰুদ্ধে ঘৃণাজনিত অপৰাধৰ ঘটনা অভাৱনীয়ভাৱে বৃদ্ধি পাইছে৷ এছীয় মূলৰ লোকৰ জৰিয়তেই আমেৰিকাত ক’ভিড–১৯ৰ সংক্রমণ ঘটা বুলিও একাংশ লোকে অপপ্রচাৰ চলাই আহিছে দেশখনত৷ শেহতীয়া আক্রমণৰ ঘটনাত নিহত লোকসকলৰ ভিতৰত চাৰিগৰাকী মহিলাও আছে৷ আৰক্ষীয়ে ইতিমধ্যে এই ঘটনা সন্দর্ভত তদন্ত ক্ষিপ্রতৰ কৰা বুলি স্থানীয় সংবাদ মাধ্যমে সদৰী কৰিছে৷ অকল এজন লোকে এই আক্রমণ সংঘটিত কৰা বুলি বিভিন্ন মহলে সন্দেহ কৰিছে যদিও আৰক্ষী এইক্ষেত্রত একমত নহয়৷ গতিকে এই ঘটনাৰ অন্তৰালত একাধিক লোক জড়িত থকা সন্দেহ কৰি সমগ্র অঞ্চলটোত তদন্ত ক্ষিপ্রতৰ কৰি তোলা হৈছে৷