নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছয়মাইলত ‘মায়া বুটিক’ মুকলি অনুষ্ঠানত শিল্পী প্রিয়ংকা ভৰালী

নিয়মীয়া বাৰ্তা, ১৯ মাৰ্চঃ গুৱাহাটীৰ ছয়মাইলৰ উৰণীয়া সেতুৰ তলত আৰ এল দাস কমপ্লেক্সত বৃহস্পতিবাৰে ‘মায়া বুটিক’ নামৰ এখন বুটিক মুকলি কৰা হয়৷ কণ্ঠশিল্পী প্রিয়ংকা ভৰালীয়ে এই বুটিকখন মুকলি কৰি কয়– ‘আগন্তুক ৰঙালী বিহুৰ সময়ত এই বুটিকখনে ক্রেতাৰ বিশেষ সমাদৰ লাভ কৰিব বুলি আশা কৰিলোঁ৷ এই বুটিকখনত অসমীয়া পৰম্পৰাগত সাজপাৰ বিশেষকৈ পাট, মুগাৰ কাপোৰ, বোৱা কাপোৰত সুন্দৰ ডিজাইন কৰা হৈছে৷ লগতে আ–লংকাৰো কাপোৰৰ ডিজাইন অনুসৰি ইয়াত ক্রেতাই লাভ কৰিব৷ সেইদৰে হাতে বোৱা গামোচাৰ লগতে পুৰুষ, শিশুৰ বাবেও সুন্দৰ ডিজাইনৰ কাপোৰ ইয়াত পোৱা যাব৷ মায়া বুটিকৰ সফলতা কামনা কৰিলোঁ৷’ আনহাতে সাংবাদিকে নির্বাচন সম্পর্কে সোধা প্রশ্ণৰ উত্তৰত শিল্পী প্রিয়ংকা ভৰালীয়ে কয়– ‘ভোটাধিকাৰ সাব্যস্ত কৰাটো সকলোৰে অধিকাৰ৷ বিগতবছৰটো নিৰাশাৰ মাজেৰে গ’ল৷ ভোট দিনো কি হ’ব বুলি কোৱা মই মানুহৰ পৰা শুনিবলৈ পাইছোঁ৷ কিন্তু সকলোৰে নিজৰ চিন্তা–ধাৰণা আছে৷ সেয়ে ৰাইজক বিবেক ভোট দিবলৈ মই আহ্বান জনালোঁ৷’ এই বুটিক মুকলি অনুষ্ঠানত বুটিকখনৰ অন্যতম স্বত্বাধিকাৰী মায়া গগৈয়ে কয়– ‘এইখন বুটিকত গ্রাহকে নিজৰ পছন্দ অনুসৰি বস্ত্র, অলংকাৰ ক্রয় কৰিব পৰিব৷ গুৱাহাটীত মায়াৰ তৃতীয়খন বুটিক মুকলি কৰা হ’ল৷ আগন্তুক ৰঙালী বিহুৰ সময়ত ইয়াত ১০ৰ পৰা ১৫ শতাংশ বিশেষ ৰেহাই গ্রাহকক দিয়া হ’ব৷’ মুকলি অনুষ্ঠানত বুটিকখনৰ আন এগৰাকী স্বত্বাধিকাৰী ৰাণু মহন্তৰ লগতে অন্যান্য কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷

You might also like