মহাজোঁটৰ চৰকাৰ হ’লে উপ–মুখ্যমন্ত্রী হ’ব বিপিএফৰ
ৰাজ্যত এইবাৰ কংগ্রেছ–এআইইউডিএফ আৰু বিপিএফ মহাজোঁটৰ চৰকাৰ হোৱাটো নিশ্চিত৷ মহাজোঁটৰ চৰকাৰ গঠন হ’লে বিপিএফ দলৰ পৰা হ’ব ৰাজ্যৰ নতুন চৰকাৰৰ উপ–মুখ্যমন্ত্রী৷ অভিজ্ঞ আৰু জ্যেষ্ঠ নেতা হিচাপে বিপিএফ দলৰ ৰিহণ দৈমাৰী হ’ব মহাজোঁটৰ চৰকাৰৰ নতুন উপ–মুখ্যমন্ত্রী৷ –এই ভাষ্য বিপিএফৰ সভাপতি তথা বিটিচিৰ প্রাক্তন মুখ্য কার্যবাহী হাগ্রামা মহিলাৰীৰ৷ আজি ওদালগুৰি জিলাৰ আম্বাগাঁৱত ওদালগুৰি বিধানসভা সমষ্টিৰ বিপিএফ প্রার্থী তথা মন্ত্রী ৰিহণ দৈমাৰীৰ হৈ হেলিকপ্ঢাৰ লৈ নির্বাচনী প্রচাৰ চলাবলৈ অহা বিপিএফৰ সভাপতি মহিলাৰীয়ে ৰাজ্যত এইবাৰ মিত্রজোঁটক পৰাজিত কৰি মহাজোঁটে চৰকাৰ গঠন কৰাটো নিশ্চিত বুলি দাবী কৰে৷ তেওঁ নিজৰ ভাষণত প্রমোদ বড়ো নেতৃত্বাধীন ইউপিপিএল দলৰ বিৰুদ্ধে বিভিন্ন দুর্নীতি আৰু অনিয়মৰ অভিযোগ আনি আগন্তুক বিধানসভা নির্বাচনৰ পাছতেই বিপিএফ দলে বিটিচিত চৰকাৰ গঠন কৰি ইউপিপিএলৰ দুর্নীতি আৰু অনিয়মৰ তন্ন তন্ন হিচাপ ল’ব বুলিও দাবী কৰে৷
তেওঁ লগতে কয়– বিটিচি আচলতে প্রমোদ বড়োৱে নহয়, হিমন্ত বিশ্ব শর্মাই চলাই আছে৷ ৬৯নং ওদালগুৰি বিধানসভা সমষ্টিৰ প্রার্থী ৰিহণ দৈমাৰীয়ে বিপুল ভোটত জয়লাভ কৰাৰ লগতে ১ এপ্রিলত অনুষ্ঠিত হ’বলগীয়া দ্বিতীয় পর্যায়ৰ ভোটগ্রহণত ওদালগুৰি জিলাৰ চাৰিওখন আসন বিপিএফ দলে দখল কৰিব বুলিও দাবী কৰে দলটোৰ সভাপতিগৰাকীয়ে৷ বিটিচিৰ প্রাক্তন অধ্যক্ষ ত্রিদীপ দৈমাৰীয়ে আঁত ধৰা নির্বাচনী প্রচাৰ সভাত মন্ত্রী তথা ওদালগুৰি বিধানসভা সমষ্টিৰ বিপিএফ প্রার্থী ৰিহণ দৈমাৰীয়ে আদৰণী ভাষণত ওদালগুৰি সমষ্টিবাসীয়ে সমষ্টিটোৰ পৰা তেওঁৰ চাৰিবাৰৰ বাবে প্রতিনিধিত্ব কৰাৰ বাবে সুযোগ দিয়াৰ বাবে সমষ্টিবাসীক ধন্যবাদ জ্ঞাপনৰ লগতেই এইবাৰো বিপুল ভোটত তেওঁক জয়যুক্ত কৰি সমষ্টিটোৰ উন্নয়নৰ ধাৰা অব্যাহত ৰাখিবলৈ সংকল্প ল’ব বুলি আশা ব্যক্ত কৰে৷ সভাত কংগ্রেছৰ নেতা অপূর্ব ভট্টাচার্যই কয়– হাগ্রামা মহিলাৰী লগত থাকোঁতে কংগ্রেছ দলে ২০০৩ চনৰ পৰা ২০১৬ চনলৈ শাসন কৰা সুবিধা পাইছিল আৰু ২০১৬ চনত হাগ্রামা কংগ্রেছৰ পৰা আঁতৰি যোৱাৰ বাবে কংগ্রেছ দলেও চৰকাৰ গঠন কৰিব পৰা নাছিল৷ এইবাৰ আকৌ হাগ্রামা আমাৰ লগত আছে, সেয়েহে আকৌ চৰকাৰ হ’ব৷ এই সভাতেই কংগ্রেছ দলৰ নেতা তথা বিএচিৰ প্রাক্তন উপ–মুখ্য কার্যবাহী প্রদীপ কুমাৰ দৈমাৰীয়ে চাৰি শতাধিক কংগ্রেছ কর্মীক লগত লৈ আনুষ্ঠানিকভাৱে বিপিএফ দলত যোগদান কৰে৷