নিয়মীয়া বাৰ্তা, ১৯ মাৰ্চঃ দেশত ক’ভিড–১৯ মহামাৰীৰ সংক্রমণৰ দ্বিতীয় জোৱাৰ আৰম্ভ হোৱাৰ লগে লগে বিভিন্ন ৰাজ্যত কঠোৰ প্রট’কল মানি চলাৰ সিদ্ধান্ত লোৱা হৈছে৷ শেহতীয়াকৈ ক’ভিড মহামাৰীৰ দ্রুত সংক্রমণ ঘটিছে কেইবাখনো ৰাজ্যত৷ বিগত ২৪ ঘণ্টাত দেশত ক’ভিড মহামাৰীত আক্রান্ত হৈছে ৩৫,৮৭১জন লোক৷ একে সময়ছোৱাত ক’ভিড আক্রান্ত ১৭২গৰাকী লোকে প্রাণ হেৰুৱাইছে৷ উল্লেখনীয় যে ১০২ দিনৰ পিছত এদিনতে সর্বাধিক লোক ক’ভিডত আক্রান্ত হোৱাৰ ঘটনা এইটোৱেই প্রথম৷ লক্ষণীয়ভাৱে মহাৰাষ্ট্রত ক’ভিড মহামাৰীত বিগত ৪৮ ঘণ্টাত ২৩,১৭৯গৰাকী লোক আক্রান্ত হৈছে৷ ৰাজ্যখনত প্রাণ হেৰুৱাইছে ৮৪গৰাকী লোকে৷
মহাৰাষ্ট্রত এতিয়ালৈকে ক’ভিড মহামাৰীত প্রাণ হেৰুওৱা লোকৰ সংখ্যাই ৫৩ হাজাৰ অতিক্রম কৰিছে৷ এই ক’ভিডৰ এই সংক্রমণৰ সংহাৰ পুনৰ আৰম্ভ হোৱাৰ লগে লগে বিভিন্ন ৰাজ্যত জাৰি কৰা হৈছে নৈশ সান্ধ্য আইন তথা লকডাউন৷ পঞ্জাবত শেহতীয়াকৈ ক’ভিড সংহাৰৰ প্রতি লক্ষ্য ৰাখিয়েই দশম আৰু দ্বাদশ শ্রেণীৰ ব’ড পৰীক্ষা স্থগিত ৰখা হৈছে৷ ৰাজ্যখনত আগন্তুক এপ্রিল আৰু মে’ মাহতহে দশম আৰু দ্বাদশ শ্রেণীৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈছে চৰকাৰে৷