ফাঁচীবজাৰৰ সুৰজ মার্কেটৰ প্লাষ্টিকৰ গুদাম ভস্মীভূত
মহানগৰীত একেদিনাই চাৰিটা ভিন্ন স্থানত অগ্ণিকাণ্ড
নিয়মীয়া বাৰ্তা ২০ মাৰ্চঃ নির্বাচনৰ আনন্দ–উল্লাসৰ মাজতে আজি মহানগৰীৰ কেইবাটাও স্থানত পৃথকে পৃথকে সংঘটিত অগ্ণিকাণ্ডত কেইবালক্ষ টকাৰ সা–সম্পত্তি ভস্মীভূত হয়৷ আজি সন্ধিয়া প্রায় ৬ বজাত সদাব্যস্ত ফাঁচীবজাৰৰ সুৰজ মার্কেটৰ তৃতীয় মহলাত থকা এটা প্লাষ্টিকৰ গুদামত অগ্ণিকাণ্ডৰ সূত্রপাত হয়৷ এই অগ্ণিকাণ্ডৰ পিছতেই অঞ্চলটোত তীব্র আতংকময় পৰিস্থিতিৰ সৃষ্টি হয়৷ অগ্ণিনির্বাপক বাহিনীৰ ১০খনকৈ গাড়ীয়ে কেইবাঘণ্টা চেষ্টাৰ অন্তত জুই নির্বাপণ কৰিবলৈ সক্ষম হয়৷ সুৰজ মার্কেটৰ গুদামত অগ্ণিকাণ্ড হোৱাৰ সময়ত দুজনকৈ কর্মচাৰী আবদ্ধ হৈ পৰে৷ অগ্ণিনির্বাপক বাহিনীৰ তৎপৰতাত লোক দুজনক উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ প্রত্যক্ষদর্শীৰ ভাষ্য অনুসৰি, ফাঁচীবজাৰৰ সুৰজ মার্কেটৰ তৃতীয় মহলাত সংঘটিত অগ্ণিকাণ্ডই ভয়াৱহ ৰূপ লোৱাৰ সময়তে অগ্ণিনির্বাপক বাহিনীৰ লোক উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্রণ কৰাৰ ফলতেই এক ভয়াৱহ বিপদৰ পৰা ৰক্ষা পৰে বৃহত্তৰ ফাঁচীবজাৰ অঞ্চল৷
অগ্ণিকাণ্ড সংঘটিত হোৱাৰ পিছতেই অগ্ণিনির্বাপক বাহিনীৰ ৱাই কে গৌতম আৰু মন্ত্রী সিদ্ধার্থ ভট্টাচার্যই ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়৷ ইফালে, আজি বিয়লি প্রায় ৪.৩০ বজাত দঁতালপাৰাৰ নতুন বস্তিত বিপুল দাসৰ বাসগৃহত অগ্ণিকাণ্ডৰ সূত্রপাত হয়৷ এই অগ্ণিকাণ্ডত এটা চিলিণ্ডাৰ বিস্ফোৰণ হয়৷ তিনিখনকৈ অগ্ণিনির্বাপক বাহিনীৰ গাড়ীয়ে জুই নির্বাপণ কৰিবলৈ সক্ষম হয় যদিও ভাৰতীয়া হিচাপে থকা ৰঞ্জিত সৰকাৰ নামৰ লোকজনৰ সকলো সা–সম্পত্তি ভস্মীভূত হয়৷ এই অগ্ণিকাণ্ডত প্রায় ১৫ লাখ টকাৰ সা–সম্পত্তিৰ ক্ষতি হয়৷ ইফালে, আজি দিনৰ প্রায় ১.৪৫ বজাত পাণ্ডুৰ ৰে’লৱে কোৱার্টাৰত অগ্ণিকাণ্ডৰ সূত্রপাত হয়৷ অগ্ণিনির্বাপক বাহিনীৰ তিনিখনকৈ গাড়ীয়ে জুই নির্বাপণ কৰিবলৈ সক্ষম হয়৷ আনহাতে, এ টি ৰোডৰ হিম্মৎসিংকা পেট্র’ল পাম্পৰ সমীপৰ এটা ট্রেন্সফর্মাৰত শ্বর্ট চার্কিটৰ ফলত হোৱা অগ্ণিকাণ্ডত সমীপতে থকা এখন গাড়ী কিছু পৰিমাণে ক্ষতিগ্রস্ত হয়৷