নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মুখ–স্বাস্থ্য পৰম সম্পদ

-ডাঃ ৰুবী কটকী

স্বাস্থ্য পৰম ধন৷ সু–স্বাস্থ্যইহে মানুহক উন্নতিৰ জখলাত বগুৱাবলৈ সহায় কৰি জীৱন যুদ্ধত জয়ী হোৱাৰ জোখাৰে সাহস, প্রেৰণা আৰু শক্তি যোগায়৷ ‘সুখ নাই, সুখ নাই ক’তো ধৰুৱাৰ, অণুমাত্র সুখ নাই চিৰ ৰুগীয়াৰ৷’ সেয়েহে এনে অমূল্য সম্পদ অটুট ৰাখিবলৈ মানুহ সদায় সজাগ আৰু সচেতন হ’ব লাগে৷ আধুনিক চিকিৎসা বিজ্ঞানৰ অগ্রগতিত বর্তমান বিভিন্ন ৰোগ গুৰিতে নির্মূল কৰাৰ উপায় উদ্ভাৱন হৈছে আৰু নিৰাময়ৰ সৰল আৰু সততে উপলব্ধ ব্যৱস্থা সহজলভ্য হোৱাৰ কাৰণে বিভিন্ন ৰোগৰ প্রতিকাৰ আৰু প্রতিৰোধ সহজসাধ্য হৈ পৰিছে৷ পৰিৱর্তন আৰু প্রগতিৰ লগে লগে পৃথিৱীৰ সকলো দেশৰ শিক্ষিত আৰু সচেতন লোকসকলৰ মাজত স্বাস্থ্য সজাগতা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে৷ সাধাৰণ স্বাস্থ্য সম্পর্কে আজিৰ সময়ত বিশ্বৰ জনগণ নিঃসন্দেহে সজাগ–সচেতন হৈছে, কিন্তু আমাৰ শৰীৰটোৰ দুৱাৰস্বৰূপ আমাৰ মুখখনৰ স্বাস্থ্যৰ প্রতি সাধাৰণ ৰাইজে বিশেষভাৱে সক্রিয় হোৱাটো গড় হিচাপে এতিয়াও বৃদ্ধি পোৱা নাই৷ উল্লেখ্য যে মানৱ শৰীৰৰ অতি প্রয়োজনীয় আৰু গুৰুত্বপূর্ণ অংগসমূহৰ ভিতৰত দাঁত দুপাৰি অন্যতম৷
প্রতিজন মানুহেই নিজৰ শিক্ষা, জ্ঞান আৰু অভিজ্ঞতাৰ পৰা এইটো কথা জানিব পাৰে যে দাঁতৰ সুস্বাস্থ্যৰ ওপৰত মানুহৰ সুখ–শান্তি, দৈহিক সৌন্দর্য আৰু জীয়াই থকাৰ আনন্দ বহু পৰিমাণে নির্ভৰ কৰে৷ খাদ্যবস্তু কামুৰি, চোবাই গুড়ি কৰি খাই, খাদ্যৰ সোৱাদ আৰু মজা লোৱাৰ উপৰি দাঁত দুপাৰিয়ে ব্যক্তিৰ সামগ্রিক সৌন্দর্য ৰক্ষা আৰু ব্যক্তিত্ব গঠনত যথেষ্ট প্রভাৱ পেলায়৷ গতিকে মুখগহ্বৰৰ দুয়োপাৰি হনুৰ দন্ত–বিন্যাস সুস্থ, সবল আৰু নিৰোগী অৱস্থাত ৰাখিব পৰাটো একধৰণৰ সম্পদ আহৰণ আৰু এনে দন্ত–বিন্যাসৰ গৰাকী হ’ব পৰাটো সঁচাকৈয়ে সৌভাগ্যজনক৷
এজন ব্যক্তিৰ শাৰীৰিক, মানসিক আৰু সামাজিক স্বাস্থ্য গঠনত দাঁত দুপাৰিৰ ভূমিকা উল্লেখনীয়৷ মানুহৰ মুখমণ্ডল শৰীৰটোৰ দাপোণস্বৰূপ৷ আমাৰ শৰীৰৰ সাধাৰণ স্বাস্থ্য মুখমণ্ডলতেই প্রতিফলিত হয়৷ দাঁত–মুখৰ পৰা হোৱা ৰোগৰ বাবে শৰীৰৰ বিভিন্ন অংশ বা তন্ত্রত, যেনে– পেট, পাকস্থলী, যকৃত, (পাচনতন্ত্র) টনচিল, চাইনাছ, হাঁওফাঁও (শ্বাসতন্ত্র), হূদযন্ত্রৰ বেমাৰ, কেন্সাৰ আদি হোৱাৰ উপৰি নাৰী জীৱনৰ পৰম আকাংক্ষিত পর্যায় গর্ভাৱস্থা বা মাতৃত্ব লাভৰ সময়ত গর্ভপাত, আগতীয় প্রসৱ, কম ওজনৰ সন্তানৰ জন্ম, মৃত সন্তান প্রসৱ আদি বেমেজালিও ঘটিব পাৰে৷ ঠিক তেনেদৰে শৰীৰৰ বিভিন্ন আভ্যন্তৰীণ ৰোগ, যেনে– বৃক্ক বা কিড্নীৰ বেমাৰ, হাঁওফাঁওৰ ৰোগ, তেজৰ বেমাৰ, ডায়েবেটিছ বা মধুমেহ, মৃগী বা মূর্ছা যোৱা ৰোগ, এইড্ছ আদি ৰোগৰ বাবেও মুখগহ্বৰত বিভিন্ন ধৰণৰ লক্ষণ দেখা পোৱা যাব পাৰে৷ এফালে মুখগহ্বৰৰ ৰোগে যেনেকৈ গোটেই শৰীৰতে প্রভাৱ পেলায়, ঠিক তেনেদৰে শৰীৰৰ বিভিন্ন অংশত হোৱা ৰোগসমূহেও মুখগহ্বৰ প্রভাৱিত কৰিব পাৰে৷ সেয়ে সাধাৰণ স্বাস্থ্যৰ উৎকর্ষ সাধন কৰাৰ লগে লগে দুপাৰি সুস্থ, নিৰোগী দাঁতৰ গৰাকী হ’বলৈও চেষ্টা কৰা উচিত৷ বিশ্ববিশ্রুত সাহিত্যিক শ্বেইক্সপীয়েৰে কৈ গৈছিল–’There was never yet philosopher that could endure the tooth-ache patiently’. স্থিৰধী দার্শনিকৰ পক্ষেও দাঁতৰ বিষৰ যন্ত্রণা সহ্য কৰিব পৰাটো অসম্ভৱ৷
বর্তমান যুগত দন্ত চিকিৎসা বিজ্ঞানৰ যথেষ্ট উন্নতি হৈছে৷ সেয়েহে আজিকালি ৰোগৰ দ্বাৰা আক্রান্ত হোৱা দাঁত সহজতে সৰাই বা উঠাই নিদিয়ে৷ বিভিন্ন ধৰণৰ আধুনিক চিকিৎসা পদ্ধতিৰে আক্রান্ত হোৱা দাঁতবোৰ সংক্রমণমুক্ত কৰি সংৰক্ষণ কৰাৰ ব্যৱস্থা আছে৷ কিয়নো আধুনিক চিকিৎসা বিজ্ঞানে শৰীৰৰ প্রাকৃতিক কলা সংৰক্ষণত যথেষ্ট গুৰুত্ব আৰোপ কৰিছে৷ তথাপি কেতিয়াবা কিছুমান প্রতিকূল বা সংকটকালীন পৰিস্থিতিত দাঁত সৰুৱাই পেলাবলগীয়া হয়, তেনেকুৱা ক্ষেত্রত কৃত্রিমভাৱে দাঁত আৰু মুখমণ্ডলৰ কলা সংৰক্ষণ কৰি দাঁতৰ কার্যক্ষমতা আৰু মুখৰ সৌন্দর্য অটুট ৰাখিব পাৰি৷ মুখৰ সৌন্দর্যৰ আকৰ হ’ল এটি ভুবনভুলোৱা সুন্দৰ হাঁহি৷ মিচিকিয়া হাঁহিটোৰ মাজেৰে দেখা পোৱা পৰিষ্কাৰ বগা ডালিমগুটীয়া দাঁতকেইটাৰ আভাসে ব্যক্তিৰ সৌন্দর্য আৰু ব্যক্তিত্বত ‘সোণত সুৱগা চৰায়৷’ বহুতে আকৌ ইয়াক ‘হাঁহিত মুকুতা সৰে’ বা ‘মিলিয়ন ডলাৰ স্মাইল’ Million Dollar Smile) বুলিও অভিহিত কৰে৷ মুঠতে সুন্দৰ–সবল দাঁত দুপৰিয়ে মানুহৰ সৌন্দর্য আৰু ব্যক্তিত্বৰ উৎকর্ষ সাধন কৰি শাৰীৰিক, মানসিক আৰু সামাজিক স্বাস্থ্যত অৰিহণা যোগায়৷ দাঁত এটা উঠাই পেলোৱাটো যিমানে সহজ, কিন্তু তাৰ ফলত উদ্ভৱ হোৱা জটিলতা সিমানেই কঠিন৷ সামান্য দাঁত এটা উঠাই পেলোৱাৰ ফলত সমগ্র মুখগহ্বৰ তথা মুখমণ্ডলৰ কার্যক্ষমতা হ্রাস পাব পাৰে তথা নানান বিসংগতিয়ে দেখা দিব পাৰে৷ গতিকে দাঁত এটা উঠাই পেলোৱাতকৈ বিজ্ঞানসন্মতভাৱে মুখগহ্বৰৰ অনবদ্য অংগস্বৰূপে কার্যক্ষম কৰি ৰখাটোহে অতীব প্রয়োজনীয়৷
শিশু অৱস্থাৰ পৰাই এজন ব্যক্তিৰ ব্যক্তিত্বৰ বিকাশ ঘটিবলৈ আৰম্ভ কৰে৷ এজন ব্যক্তিৰ শাৰীৰিক, মানসিক আৰু চাৰিত্রিক গঠনৰ ধনাত্মক আৰু ঋণাত্মক দিশবোৰ শিশু অৱস্থাতেই বিকশিত হ’বলৈ আৰম্ভ কৰে৷ গতিকে এইক্ষেত্রত পিতৃ–মাতৃ আৰু অভিভাৱক যথেষ্ট সচেতন হ’ব লাগে৷ সন্তানক সৰুৰে পৰাই মুখগহ্বৰ পৰিষ্কাৰ কৰি ৰাখিবলৈ শিকোৱা মাক–দেউতাকৰ কর্তব্য৷ দাঁত দুপাৰিৰ নিয়মিত যতনে মুখ–স্বাস্থ্য সুস্থ, সবল কৰি ৰখাৰ লগতে এটি সুন্দৰ ব্যক্তিত্ব গঢ়ি তোলাত বৰঙণি যোগায়৷

অতিৰিক্ত ৰাজ্যিক নডেল বিষয়া
ৰাষ্ট্রীয় মুখ–স্বাস্থ্য কার্যসূচী
ফোন- ৯৮৬৪০–১০২১৫

You might also like