নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উচ্চ ৰক্তচাপত ভুগিছে নেকি? কেনেকৈ কৰিব প্রতিৰোধ…জানক

-ডাঃ চন্দন বৰুৱা

পৰিসংখ্যা মতে বিশ্বৰ প্রতি দহজন ব্যক্তিৰ ভিতৰত তিনিজন ব্যক্তিয়ে উচ্চ ৰক্তচাপত আক্রান্ত৷ ভাৰতবর্ষত প্রায় ২০ৰ পৰা ৪০ শতাংশ চহৰত বাস কৰা ব্যক্তিয়ে আৰু ১২ৰ পৰা ১৭ শতাংশ গাঁৱত বাস কৰা ব্যক্তিয়ে উচ্চ ৰক্তচাপত ভুগিছে৷ উচ্চ ৰক্তচাপে হূদৰোগ, ষ্ট্র’ক, বৃক্ক ৰোগ, চকুৰ ৰোগ আদি জটিল ৰোগ সৃষ্টি কৰিব পাৰে৷ আনকি মৃত্যু পর্যন্ত হ’ব পাৰে৷ সেইবাবে উচ্চ ৰক্তচাপৰ বিষয়ে সজাগতা অনাটো বিশেষ প্রয়োজনীয় বিষয় হৈ পৰিছে৷ প্রায়বোৰ সমীক্ষাত দেখা গৈছে যে ৪৫ বছৰৰ ওপৰৰ ব্যক্তিসকলৰ ৰক্তচাপ যুৱকসকলতকৈ বেছি৷ ৬০ বছৰৰ ওপৰৰ ব্যক্তিৰ প্রায় ৭০ শতাংশ লোকে উচ্চ ৰক্তচাপত আক্রান্ত হয়৷ আটাইতকৈ আচৰিত বিষয় হ’ল প্রায় ৫০ শতাংশ ব্যক্তিয়ে নিজে উচ্চ ৰক্তচাপত ভুগিছে বুলি গম নাপায়৷
উচ্চ ৰক্তচাপ কি?
ৰক্তচাপ যদি বাৰে বাৰে ১২০/৭০ৰ ওপৰত থাকে, তাকে উচ্চ ৰক্তচাপ বুলি কোৱা হয়৷ উচ্চ ৰক্তচাপ এটা ঘাতক ৰোগ৷ দক্ষিণ–পূব এছিয়াত প্রতিবছৰে ১.৫ নিযুত লোকৰ উচ্চ ৰক্তচাপৰ বাবে মৃত্যু হয়৷
উচ্চ ৰক্তচাপৰ কাৰণসমূহঃ উচ্চ ৰক্তচাপৰ প্রকৃত কাৰণ জনা নাযায় যদিও এনে কিছুমান কাৰক আছে যি উচ্চ ৰক্তচাপ সৃষ্টি কৰাত অৰিহণা যোগায়৷ সেই কাৰকসমূহ হ’ল– ১৷ ধূমপান ২৷ শৰীৰৰ বর্ধিত ওজন (৩) শাৰীৰিক পৰিশ্রমৰ অভাৱ (৪) খাদ্যত অতিমাত্রা নিমখ (৫) বেছিকৈ মদ্যপান কৰা (৬) মানসিক চাপ (৭) বয়োজ্যেষ্ঠ লোক (৮) বংশগত (৯) বৃক্কৰ ৰোগ (১০) থাইৰয়ডৰ ৰোগ (১১) ডায়েবেটিছ৷
উচ্চ ৰক্তচাপৰ লক্ষণসমূহঃ উচ্চ ৰক্তচাপ এটা নীৰৱ ঘাতক৷ ৰক্তচাপ বৃদ্ধি হৈ থাকিলেও একো লক্ষণ অনুভৱ নকৰিব পাৰে বা দেখা নিদিব পাৰে৷ খুব কমসংখ্যক উচ্চ ৰক্তচাপ থকা ব্যক্তিয়ে মূৰ ঘূৰোৱা, উশাহ চুটি হোৱা বা নাকৰ পৰা তেজ ওলোৱা আদি লক্ষণসমূহ দেখা পাব পাৰে৷ কিন্তু এই লক্ষণসমূহ ৰক্তচাপ যেতিয়া খুব বেছি হয় বা উচ্চ ৰক্তচাপে মৃত্যুৰ শংকা আনে তেনে পৰিস্থিতিহে দেখা দিয়ে৷ তদুপৰি আন কাৰণতো এনে লক্ষণ হ’ব পাৰে৷ সেইবাবে উচ্চ ৰক্তচাপ হ’লে কিবা লক্ষণ দেখা দিব বুলি ভাবি থাকিলে সি হ’ব এটা মাৰাত্মক ভুল৷
উচ্চ ৰক্তচাপে কি জটিলতা আনিব পাৰেঃ উচ্চ ৰক্তচাপে আমাৰ শৰীৰৰ ধমনীবোৰৰ আৰু বিভিন্ন অংগৰ ক্ষতি কৰে৷ ৰক্তচাপ যিমানেই বেছি হ’ব আৰু যিমানেই নিয়ন্ত্রণত নাথাকিব, শৰীৰৰ ক্ষতিৰ পৰিমাণ সেই অনুপাতে বৃদ্ধি হ’ব৷ অনিয়ন্ত্রিত উচ্চ ৰক্তচাপৰ বাবে তলত উল্লেখ কৰা জটিলতাসমূহ হ’ব পাৰে– ১৷ হার্ট এটেক বা ষ্ট্র’ক ২৷ এনিউৰিজমঃ উচ্চ ৰক্তচাপে শৰীৰৰ ধমনীবোৰ দুর্বল কৰে৷ ফলত ধমনী বেলুনৰ ধৰে ফুলি যাব পাৰে৷ এনে ফুলি যোৱা অংশক এনিউৰিজম বোলে৷ এনিউৰিজম কেতিয়াবা ফাটি যায়, যাৰ ফলত ব্যক্তিজনৰ অৱস্থা খুব গুৰুতৰ হয়৷ আনকি মৃত্যুও হ’ব পাৰে৷
৩৷ হার্ট ফেইলৰঃ উচ্চ ৰক্তচাপৰ বাবে আমাৰ হূদযন্ত্রই বহুত জোৰকৈ ৰক্ত পাম্প কৰি শৰীৰৰ ধমনীবোৰলৈ পঠিয়াবলগীয়া হয়৷ অৱশেষত হূদযন্ত্রই কাম কৰিব নোৱাৰা হয়৷ ইয়াকে হার্ট ফেইলৰ বুলি কোৱা হয়৷
৪৷ উচ্চ ৰক্তচাপঃ বৃক্কৰ ধমনীবোৰ দুর্বল আৰু সংকুচিত কৰে৷ ফলত বৃক্কই ভালকৈ কাম কৰিব নোৱাৰা হয়৷
৫৷ উচ্চ ৰক্তচাপে স্মৃতিশক্তিত ব্যাঘাত আনিব পাৰে৷
উচ্চ ৰক্তচাপ কেনেকৈ প্রতিৰোধ কৰিবঃ জীৱনশৈলীৰ পৰিৱর্তন কৰি উচ্চ ৰক্তচাপ প্রতিৰোধ কৰিব পাৰি বা নিয়ন্ত্রণত আনিব পাৰি৷
১৷ পুষ্টিকৰ খাদ্য খাওক– ফলমূল, শাক–পাচলি, মাছ, মুর্গীৰ মাংস আৰু গোটা শস্য জাতীয় খাদ্য খোৱা উচিত৷ চর্বিজাতীয় খাদ্য নাখাব৷ পটাছিয়ামে উক্ত ৰক্তচাপ প্রতিৰোধ আৰু নিয়ন্ত্রণ কৰাত সহায় কৰে৷ পটাছিয়ামসমৃদ্ধ খাদ্যসমূহ হৈছে– আলু, কল, ৰাজমাহ, পালেং শাক, ডালিম, নাৰিকলৰ পানী আদি৷
২৷ খাদ্যত নিমখৰ পৰিমাণ কমাই দিব৷
৩৷ নিজৰ শৰীৰৰ ওজন স্বাস্থ্যকৰ সীমাৰ ভিতৰত ৰাখিব৷ যদি আপোনাৰ শৰীৰৰ ওজন বেছি, মাত্র ২.৫ কিলোগ্রাম ওজন হ্রাস কৰিলে উচ্চ ৰক্তচাপো হ্রাস হয়৷
৪৷ শাৰীৰিক পৰিশ্রমৰ মাত্রা বঢ়াই দিয়ক৷ সপ্তাহত কমেও ১৫০ মিনিট শাৰীৰিক পৰিশ্রম যেনে– খোজ কঢ়া বা ব্যায়াম কৰক৷
৫৷ মদ্যপানৰ মাত্রা হ্রাস কৰক৷ সুৰাই ৰক্তচাপ বৃদ্ধি কৰে৷
৬৷ ধূমপান বর্জন কৰক৷
৭৷ মানসিক চাপ হ্রাস কৰক, যোগ–ব্যায়াম, ধ্যান কৰা (মেডিটেচন), ব্যায়াম আদিৰ দ্বাৰা মানসিক চাপ হ্রাস কৰক৷
৮৷ ঘৰত নিজেই আপোনাৰ ৰক্তচাপ পৰীক্ষা কৰক৷ ৰক্তচাপ পৰীক্ষা কৰা যন্ত্র বজাৰত কিনিব পাৰি৷ ঘৰত ৰক্তচাপ পৰীক্ষা কৰাৰ উপৰি চিকিৎসকৰ ওচৰত ৰক্তচাপ পৰীক্ষা কৰাব৷
৯৷ ১৯ৰ পৰা ৫০ বছৰৰ ব্যক্তিয়ে দৈনিক ১০০০ মিলিগ্রাম আৰু ৫০ৰ ওপৰৰ ব্যক্তিয়ে দৈনিক ১২০০ মিলিগ্রামকৈ কেলচিয়াম খাওক৷ গাখীৰ আৰু গাখীৰৰ পৰা তৈয়াৰী খাদ্য যেনে– দৈ, পনীৰ আদিত যথেষ্ট পৰিমাণে কেলচিয়াম থাকে৷
১০৷ অ’মেগা থ্রী ফেটি এচিড সমৃদ্ধ খাদ্য যেনে– মেকেৰেল, চাৰডিনচ, ছেলমন আদি সাগৰীয় মাছ, ফ্লেকছ ছীড, আখৰোট আদিত প্রচুৰ পৰিমাণে অ’মেগা থ্রী ফেটি এচিড থাকে৷ ফীজ অইল কেপছুল ব্যৱহাৰ কৰিব পাৰে৷
১১৷ নহৰুৱে উচ্চ ৰক্তচাপ হ্রাস কৰে বুলি কিছু প্রমাণ পোৱা গৈছে৷
সজাগতাঃ ১৮ বছৰৰ পৰা আৰম্ভ কৰি প্রত্যেক ব্যক্তিয়ে নিজৰ ৰক্তচাপ বছৰত এবাৰকৈ পৰীক্ষা কৰোৱা প্রয়োজন৷ উচ্চ ৰক্তচাপ থকা ব্যক্তিসকলে নিয়মীয়াকৈ চিকিৎসকৰ পৰামর্শ লওক৷ জনসাধাৰণৰ মাজত উচ্চ ৰক্তচাপ আৰু ইয়াৰ পৰা হ’ব পৰা জটিলতাসমূহৰ বিষয়ে সজাগতা অনা একান্ত প্রয়োজনীয়৷

You might also like