পুৱাতেই মনোৰমাই শোৱনি কোঠাৰ ৰাস্তাৰ ফালৰ পর্দাকেইখন আঁতৰাই এটা পাট্টা খুলি দিলে৷ কোঠাটো পোহৰ হৈ পৰিল৷ এচাটি ফাগুনমহীয়া বতাহ সোমাই আহি তাইৰ মুখ আৰু শৰীৰৰ এটা অংশত কোবাই গ’ল৷ তাই শীতল অনুভৱ কৰিলে৷ ৰাতি খুলি থোৱা চুলিখিনিৰ কিছু মুখলৈ অহাত ‘ৰাবাৰ বেণ্ড’ Rubber band) এডাল মাৰি বাহিৰৰ কেউফালে চকু ফুৰালে৷ ঘৰৰ সন্মুখতে নামঘৰটো৷ সদায় কৰাৰ দৰে আজিও ভক্তিসহকাৰে নামঘৰটোলৈ চাই সেৱা এটা আগবঢ়ালে৷ মনটো ফৰকাল লাগিল৷ মনোৰমাৰ খিৰিকীখন খুলিলেই বিভিন্ন দৃশ্য চকুত পৰে৷ কাৰণ ৰাস্তাৰ কাষতে ঘৰ আৰু ঘৰৰ সন্মুখতে মূল ৰাস্তাটো৷ মাজত ৩০–৪০ ফুটমানহে ঠাই৷ সেই ঠাইৰ একাংশত ফুলনি এখন৷
মনোৰমাই শিক্ষকতা জীৱনৰ পৰা অৱসৰ লৈ এই অঞ্চলত নিগাজিকৈ থকা আজি কেইবাবছৰো হ’ল৷ তাই এই এপার্টমেণ্টটোতে ফ্লেট এটা লৈছে৷ প্রথম অৱস্থাত অলপ অসহজ লাগিছিল যদিও বর্তমান এইটো জীৱন ভাল লাগিছে৷
খিৰিকীখন খুলিলেই চকুত পৰা সৰু ফুলনিখনত কেইটামান চৰাই সদায় আহি কিচিৰ–মিচিৰ কৰে৷ ঘৰচিৰিকা, কপৌ, শালিকা আৰু পাৰ৷ মাজে–সময়ে মৌপিয়া, দহিকতৰা আদিয়েও ভুমুকি মাৰে৷ কাউৰীকেইটাই আক’ কাষৰ ফালে থকা ডাষ্টবিনত খুঁটিয়াই কেতিয়াবা ঠাইখিনি লেতেৰাও কৰে৷ মনোৰমাই ছিজন ফ্লাৱাৰৰ সৌন্দর্য খুবেই ভাল পায়৷ কিন্তু সদায় ফুলা গছবোৰৰ প্রতি তাইৰ মোহটো বেছি৷ অন্ততঃ ফুল নাথাকিলেও গছজোপা একেবাৰে শুকাই নাযায়৷ সেউজীয়া কৰি ৰাখে ফুলনিখন৷ সেয়ে ফুলনিত গোলাপ, তগৰ, খৰিকাজাঁই, কথনা, জবা, অপৰাজিতা আদিও আছে৷ মাজে–সময়ে ঘৰুৱা পূজাৰ কাম এইখিনিৰেই চলি যায়৷ এনেকুৱা গছবোৰ লগোৱাত তাই আগভাগ লয়৷ অ’ৰ–ত’ৰ পৰা গোটাই আনে পুলিবোৰ৷ দুপিনে দুডাল দেৱদাৰুও আছে৷ শেৱালি, নিম আদিয়ে শীতল বতাহ বলোৱাৰ লগতে গৰমকালি ছাঁ দি গা শাঁত পেলায়৷ আহিনৰ পুৱা নিয়ৰ সৰা বতৰত শেৱালিৰ সৰি থকা ফুলবোৰে মন–প্রাণ আপ্লুত কৰে৷ এজোপা খেজুৰ গছেও সৌন্দর্য বৃদ্ধিত সহায় কৰিছে৷ বহুতে কয় ঘৰৰ সন্মুখত কাঁইটীয়া গছ থকা বেয়া৷ মনোৰমাই সেই কথা মানিব নোখোজে৷ কাঁইটকিডালেনা কি দোষ লগালে? কিয়– গোলাপ ফুল চোন সকলোৰে আদৰৰ৷ সেয়া দেখোন কাঁইটৰ মাজতে ফুলে, ইফালে ফুলনি এখনত গোলাপ এজোপা নহ’লেচোন ভালেই নালাগে৷
মনোৰমাই মুখ–হাত ধুই চাহকাপ লৈ পুনৰ খিৰিকীৰ ওচৰত থকা তাইৰ পঢ়া টেবুললৈকে আহিল৷ তাৰে চকীখনত বহি দৈনিক বাতৰিকাকতখনো মেলি ল’লে– চকু কিন্তু খিৰিকীৰ সিটো পাৰে৷ কাষত ৰেডি’টোত বিবিধ ভাৰতীৰ ‘ভোলে–বিচৰে গীত’ৰ স্মৃতিবিজড়িত সুন্দৰ সুন্দৰ পুৰণি গীতৰ মূর্ছনা৷ ইতিমধ্যে প্রাতঃভ্রমণলৈ যোৱা পুৰুষ–মহিলাৰ অহা–যোৱা৷ আগতে মনোৰমাও গৈছিল৷ কিন্তু ক’ৰোনাকালৰ বিভীষিকাই তাইৰ এই অভ্যাস কিছু সলনি কৰিলে৷ ৰাতিপুৱাৰ ঠাইত আবেলি বা সন্ধ্যা হ’ল৷ তাকো এপার্টমেণ্টৰ চৌহদতে৷ এটা সময়ত এনে লাগিছিল যেন বাহিৰলৈ ওলালেই ক’ৰোনাই ধৰিব৷ অৱশ্যে যথেষ্ট পৰিমাণে লাইট থকা বাবে সন্ধ্যাও চৌহদৰ কেউফালে খোজকাঢ়িবলৈ একো অসুবিধা নহয়৷ নিশ্চিন্ত৷ ৰাস্তাত আনদিনাৰ দৰেই গৰাকী নোহোৱা কুকুৰকেইটাই এনেয়েই ভৌ–ভৌৱাই দৌৰি ফুৰিছে৷ হয়তো সিহঁতেও নিজৰ গুৰুত্বটো দেখুৱাব খোজে৷
ইতিমধ্যে ৰাতিপুৱাই ‘প্রজাপিতা ব্রহ্মাকুমাৰী’ৰ আশ্রমলৈ নিয়মীয়াকৈ যোৱা ধকধকীয়া বগা কাপোৰ পিন্ধা মানুহহালো তেওঁলোকৰ অনুশীলন শেষ কৰি ঘূৰি আহিছে৷ তেওঁলোকে নির্দিষ্ট সময়ত এই ৰাস্তাৰেই সদায় অহা–যোৱা কৰে৷
ইফালে সন্মুখৰ গেলামালৰ দোকানখন খুলিলেই৷ ‘পূৰবী’ ডায়েৰীৰ গাখীৰৰ গাড়ীও হাজিৰ হ’লহি৷ লগে লগে গাখীৰ, বিস্কুট, ব্রেড, কণী আদি কিনিবলৈ অহা মানুহৰ ভিৰ৷ এখন, দুখনকৈ গাড়ী, বাইক, স্কুটাৰ বাহিৰ ওলাল৷ পানীৰ গাড়ী দুখনমানো ঘেলেং ঘেটেংকৈ পাৰ হ’ল ৰাস্তাৰ দুইফালে পানী পেলাই পেলাই৷ ভালেই হৈছে ৰাস্তাৰ ধূলি অলপ হ’লেও কমিব৷ হালধীয়া বাছ দুখনমানে স্কুলৰ ল’ৰা–ছোৱালী উঠাই লৈ যোৱা দৃশ্যই মনোৰমাক সুদূৰত থকা সৰু নাতিনীজনীলৈ মনত পেলালে৷ এনেবোৰ বয়সৰ ল’ৰা–ছোৱালীবোৰক স্কুলৰ ইউনিফর্মেৰে ইমান যে মৰম লাগে৷ স্নিগ্ধতাৰে ভৰা একোখন মুখ৷ মনোৰমাহঁতৰ বিল্ডিঙৰো দুই–এজনে নিজৰ ল’ৰা–ছোৱালীক গেটত ৰোৱা বাছখনত উঠাই দিলে৷ মনোৰমা পৰিপূর্ণ দৃষ্টিৰে চাই ৰ’ল৷
ইতিমধ্যে ৰাস্তাটোত ব্যস্ততা activity) বাঢ়ি গ’ল৷ মাছৱালা এটাই ‘মাছ–মাছ’ বুলি টেঁটুফলা চিঞৰ মাৰিলে৷ শাক–পাচলিৰ ঠেলা এখনো পাৰ হৈ গ’ল৷ বিশেষভাৱে সক্ষম এজন আদহীয়াই চকা লগা চকীখনত বহি চকাকেইটা হাতেৰে ঠেলি ঠেলি আগুৱাই গ’ল৷ নিশ্চয় মছজিদৰ ওচৰত বহিবগৈ কিবা অলপ পোৱাৰ আশাত৷ বহুতো মানুহে নামঘৰটোৰ ওচৰত ৰৈ সেৱা এটা কৰাৰ দৃশ্যটোও মনোৰমাৰ বৰ ভাল লাগে৷ গাড়ী, বাইক ৰখায়ো কিছুমানে সেৱা কৰি নামঘৰত দানপাত্রত কিবা এটা দি থৈ যায়৷ নামঘৰটো সাৰি–মচি চাফা কৰি ৰখাৰ দায়িত্বত থকা ৰুবীকো নামঘৰৰ তলাটো খোলা দেখা গ’ল৷ বিল্ডিঙৰ ঘৰে ঘৰে কাম কৰা বাইবোৰ এজনী এজনীকৈ সোমাই আহিল৷
মুঠতে মনোৰমাৰ খিৰিকীৰ মুখত এক ব্যস্ততাভৰা পৃথিৱী৷ কোনোৱে কালৈকো ৰ’বলৈ সময় নাই৷ এনে ব্যস্ততা তাইৰ ভাল লাগে৷ তাইকো উদ্যমী কৰি তোলে৷ এটা সময়ত এনে ব্যস্ততাভৰা জীৱন তাইৰো আছিল৷ পুৱাৰ সময়খিনি কেনেকৈ উৰি যায় গমেই নাপায়৷ তাইৰ নিজকে বর্তমান নিষ্কর্মা যেন লাগিল৷ এনেতে ৰাস্তাৰ পৰা ভিতৰলৈ চকু ঘূৰাই আনিলে তাইৰ সহায়কাৰী সন্ধ্যাৰ মাতত৷ ‘কি কৰিছে তভক মাৰি আজি খিৰিকীৰ মুখতে থাকিব নেকি? গা–পা নোধোৱে?’ মনোৰমা বাস্তৱলৈ ঘূৰি আহিল৷ ‘গৈছোঁ ৰ৷ চিঞৰি নাথাকিবি৷’
ইতিমধ্যে নামঘৰত ৰুবীৰ পুৱাৰ কামখিনি হৈছে৷ সেয়েহে পুৱাৰ চাকি–বন্তি জ্বলাই দবাত কোব দিছে৷ মনোৰমাই খিৰিকীৰ নেটৰ পর্দাখন ঠেলি দিলে৷