মহানগৰ জিলাৰ নির্বাচনী পর্যবেক্ষকৰ সভা
নিয়মীয়া বাৰ্তা, ২১ মাৰ্চঃ কামৰূপ মহানগৰ নির্বাচন জিলাৰ চাৰি সমষ্টিৰ বাবে নিয়োজিত সাধাৰণ পর্যবেক্ষক, আৰক্ষী পর্যবেক্ষক আৰু ব্যয় পর্যবেক্ষকসকলে জিলাখনৰ নির্বাচনী প্রস্তুতিৰবুজ লোৱাৰ অর্থে কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত কার্যালয়ৰ সভাকক্ষত শনিবাৰে এখন সভা অনুষ্ঠিত কৰে৷ জিলা নির্বাচনী বিষয়া বিশ্বজিৎ পেগু, মহানগৰ আৰক্ষী আয়ুক্ত মুন্না প্রসাদ গুপ্তাৰ লগতে প্রশাসনৰ শীর্ষ বিষয়া তথা নির্বাচনী কোষৰ সকলো ভাৰপ্রাপ্ত বিষয়া উপস্থিত থকা এই সভাত নির্বাচন সম্পর্কীয় বিভিন্ন দিশ বিশদভাৱে পর্যালোচনা কৰা হয়৷
ভোটগ্রহণ কেন্দ্রৰ আন্তঃগাঁথনি, জটিল ভোটগ্রহণ কেন্দ্র, ভোটগ্রহণ প্রক্রিয়াত নিয়োজিত বিষয়াসকলৰ দায়িত্বৰ লগতে আইন–শৃংখলা বিষয়ৰো সকলো দিশ আলোচনা কৰি পর্যবেক্ষককেইগৰাকী ভোটগ্রহণৰ সময়ত ভোটাৰসকলে যাতে কোনো ধৰণৰ অসুবিধা নোহোৱাকৈ ভোটদান কৰিব পাৰে, তাৰ বাবে সকলোধৰণৰ প্রয়োজনীয় ব্যৱস্থা গ্রহণৰ বাবে গুৰুত্ব আৰোপ কৰে আৰু জটিল ভোটগ্রহণ কেন্দ্রসমূহৰ ক্ষেত্রত বিশেষ দৃষ্টি ৰাখিবলৈ সংশ্লিষ্ট বিষয়াসকলক আহ্বান জনায়৷
উল্লেখ্য যে নির্বাচন আয়োগে কামৰূপ মহানগৰ জিলাত সাধাৰণ পর্যবেক্ষক হিচাপে সুপর্ণা দাস আহামেদ, ৰেণু জয়পাল আৰু মাল সিং ভায়াডিয়াক, আৰক্ষী পর্যবেক্ষক হিচাপে সন্দীপ মিট্টালক আৰু ব্যয় পর্যবেক্ষক হিচাপে ৰজনী ৰাণী ৰয় আৰু চঞ্চল মিনাকে ধৰি মুঠ ৬গৰাকী পর্যবেক্ষকক বিভিন্ন দিশ পর্যবেক্ষণৰ কাৰণে নিয়োগ কৰিছে৷