জোনাইত নিৰ্বাচনী প্ৰচাৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ
নিয়মীয়া বাৰ্তা ২২ মাৰ্চঃ অসমত এতিয়া ভিৰ বাঢ়িছে তাৰকা প্ৰচাৰকৰ ৷ প্ৰতিটো সমষ্টিতে তাৰকা প্ৰচাৰকৰ জৰিয়তে বিজেপি আৰু কংগ্ৰেছ দলে নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে ৷ সোমবাৰে ১১৪নং জোনাই বিধান সভা সমষ্টিত বিজেপি মিত্ৰজোটঁৰ প্ৰাৰ্থী ভূৱন পেগুৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলালে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ৷ প্ৰায় পঞ্চাশ হজাৰ সমৰ্থকৰ সমাগমেৰে চিলাপথাৰৰ ৰাজীৱ গান্ধী ক্ৰীড়া প্ৰকল্পৰ বাকৰিত অনুষ্ঠিত কৰা সভালৈ তৰকা প্ৰচাৰকগৰাকী দুপৰীয়া ১২ বজাত আহিল হেলিকপ্টাৰ যোগে অৱতৰণ কৰিলে সভাথলীৰ কাষতে ৷ ইয়াৰ পিছতে নিৰ্বাচনী প্ৰচাৰৰ স্থলীত উপস্থিত হয় তাৰকা প্ৰচাৰকগৰাকী ৷
আজিৰ চিলাপথাৰৰ বিশাল নিৰ্বাচনী সভা মুখ্যমন্ত্ৰী সোনোৱালে কয় ব্ৰহ্মপুত্ৰ উত্তপাৰ কংগ্ৰেছৰ দিনত সম্পূৰ্ণ অৱহেলিত আছিল সম্পূৰ্ণ ৰূপে কংগ্ৰেছে আওকাণ কৰিছিল ৷ জোনাইৰ পৰা ধুবুৰীলৈকে গুৰুত্ব নিদিয়াৰ কাৰণে পিছ ফৰি আছিল কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দিনত এই অঞ্চলটোক আগুৱাই নিয়াৰ বাবে বহু বলিষ্ঠ পদক্ষেপ লৈছে বাবেই ৰেলপথ দলং, ধেমাজিত ইঞ্জিনীয়াৰিং কলেজ, লক্ষীমপুৰত মেডিকেল কলেজ হ’ল নিৰ্মাণ হ’ল বুলি ভাষণ ৰাখি পুণৰ কয় মিত্ৰজোটৰ প্ৰাৰ্থী ভূৱন পেগুৱে যোৱাটো কাৰ্যকালত জোনাই সমষ্টিত নিষ্ঠাৰে যি কাম সেইয়ে আমি বিশ্বাস ৰাখিছো এইবাৰৰ নিৰ্বাচনত ভূৱন পেগুক বিপুল ভোটত জয়যুক্ত কৰাই পুণৰ বিধান সভা মজিয়ালৈ মৰ্যদা সহকাৰে পঠাই দিয়ক৷
মুখ্যমন্ত্ৰী ভাষণৰ পিছতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কয় আজিৰ বিশাল নিৰ্বাচনী সভাত প্ৰখৰ ৰদকো নেউচি তিনি ঘন্টা সময় ধৰি বহি থকা প্ৰায় পঞ্চাশ হাজাৰ সমৰ্থকক দেখি আপ্লুত হৈ ধন্যবাদ দি ভাষণ প্ৰদান কৰি বহু কেইটা বিষয় দাঙি ধৰে ৷ ভূপেন হাজৰীকাক বিজেপি চৰকাৰেহে ভাৰত ৰত্ব দিছে বুলিও আবেগ সৃষ্টি কৰিবলৈ চেষ্টা কৰে গৃহমন্ত্ৰীয়ে ৷ ধেমাজী -জোনাইত হোৱা উন্নয়নৰ বৰ্ণনা কৰে তাৰকা প্ৰচাৰক গৰাকীয়ে ৷
চিলিন্দাৰ, পানীযোগান আদি উন্নয়নৰ কথাৰ লগতে , বদৰুদ্দিন আজমলক “আধুনিক কালাপাহাৰ “বুলিও কটাক্ষ কৰাৰ সমান্তৰালকৈমিচিং জনগোষ্ঠীৰ উন্নয়নৰ বাবে সুকীয়া বোৰ্ড গঠন কৰিব বুলি আশ্বাস ,বড়োলেণ্ডৰ সমস্যা সমাধান কৰা, অসমৰ বান সমস্যাক ডাঙৰ ডাঙৰ পুখুৰী খান্দি সমাধান কৰিব অহা 5 বছৰৰ ভিতৰত ৷ কাশ্মীৰৰ 370 ধাৰাৰ বিলুপ্তি ঘটোৱাৰ কথা ও উল্লেখ কৰে ৷ ভোটাৰ ৰাইজক উন্নয়ন ৰ ধাৰা অৱধাৰিত ৰাখিবৰ বাবে বিজেপি মিত্ৰজোটঁৰ প্ৰাৰ্থী ভূৱন পেগুক বিপুল ভোটত জয়ী কৰাবলৈ আহ্বান জনায় ৷ লগতে আজিৰ বিশাল নিৰ্বাচনী সভাত লক্ষীমপুৰ লোক সভাৰ সাংসদ প্ৰদান বৰুৱা, ত্ৰিপুৰাৰ বিধায়ক ৰামেশ্বৰ সিং, ৰাজ্যিক বিজেপিৰ উপ সভাপতি মিহিনেশ্বৰ বসুমতাৰীয়ে বহুমূলীয়া ভাষণ ৰাখি জোনাই সমষ্টিৰ বিজেপিৰ মিত্ৰজোটৰ প্ৰাৰ্থী ভূৱন পেগুক সৰ্বাধিক ভোটত জয়যুক্ত কৰাবলৈ আহ্বান জনায়৷