নিয়মীয়া বাৰ্তা, ২৪ মাৰ্চঃ আজি হায়দৰাবাদত গুৱাহাটীৰ পৰা ৰাজ্যখনলৈ সৰবৰাহ কৰা ২৪ কিলোগ্ৰাম সোণ জব্দ কৰে ডিৰেক্টৰ অৱ ৰেভিনিউ ইণ্টেলিজেঞ্চে। এই ঘটনাত জড়িত ৩ গৰাকী সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰাৰ লগতে সোণ কঢ়িয়াই নিয়া এছ ইউ ভি গাড়ীখন জব্দ কৰা হয়। সোণখিনিৰ মূল্য প্ৰায় ১১ কোটি ৬৩ লাখ হ’ব।
হায়দৰাবাদৰ পানথংগী টোল প্লাজাত গাড়ীসহ সৰবৰাহকাৰীকেইগৰাকীক গ্ৰেপ্তাৰ কৰা হয়। বৰ্তমান তেওঁলোকক ন্যায়িক জিম্মাত লোৱা হৈছে বুলি ৰাজ্যখনৰ আৰক্ষী সূত্ৰে জানিব পৰা গৈছে।
অসমত পঞ্জীকৰণ কৰা এছ ইউ ভি গাড়ীখনেৰে গুৱাহাটীৰ পৰা ২৪ কিলোগ্ৰাম সোণ লৈ প্ৰায় ২৫০০ কিলোমিটাৰ অতিক্ৰম কৰে। গুৰুত্বপূৰ্ণ কথা যে নিৰ্বাচনী অধিসূচনা জাৰি হোৱা অসম আৰু পশ্চিমবংগ মাজেৰে চোৰাং সোণ লৈ গন্তব্যস্থল হায়দৰাবাদত উপস্থিত হৈছিল সৰবৰাহকাৰী।