মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ প্রচাৰে মিত্রজোঁটক দিছে নতুন উৎসাহ
আকর্ষণীয় পর্যায়ত শিৱসাগৰ–যোৰহাটৰ্ নির্বাচনী যুঁজ
আকর্ষণীয় হৈ পৰিছে উজনি অসমৰ নির্বাচনী প্রেক্ষাপট৷ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কালি উজনিৰ দুই গুৰুত্বপূর্ণ জিলা শিৱসাগৰ আৰু যোৰহাটত মাৰাথন প্রচাৰ চলোৱাৰ পিছত জিলা দুখনত শাসকীয় দলটোৰ শিবিৰলৈ নতুন উৎসাহ আহি পৰিছে৷ ড০ শর্মাৰ প্রতিখন সভাতে দেখা যায় জনতাৰ বিপুল সঁহাৰি৷ কিন্তু জিলা দুখনৰ প্রতিটো সমষ্টিত যে শাসক–বিৰোধীৰ মাজত থৈয়া–নথৈয়া যুঁজ হ’ব সেয়া স্পষ্ট হৈ পৰিছে৷ শিৱসাগৰৰ মূল নির্বাচনী যুঁজ হ’ব বিজেপি আৰু ৰাইজৰ দলৰ মাজত৷ বিগত বিধানসভা আৰু লোকসভা নির্বাচনত এই সমষ্টিটোত কংগ্রেছে সবল গণভিত্তি প্রমাণ কৰিছিল৷ কিন্তু প্রার্থিত্বক লৈ হোৱা সংঘাতৰ পৰিণতিত কংগ্রেছ এতিয়া কেইবাটাও শিবিৰত বিভক্ত হৈ পৰিছে৷ যাৰ সুযোগ লৈ কংগ্রেছৰ ভোটবেংকৰ মাজত সোমাই পৰিছে ৰাইজৰ দল৷ দলটোৰ সভাপতি অখিল গগৈ নিজে শিৱসাগৰৰ প্রার্থী হোৱা বাবে দলটোৰ নেতা–কর্মীসকলো উৎসাহেৰে ৰণত নামি পৰিছে৷ পৰম্পৰাগতভাৱে কংগ্রেছৰ দুর্গ হিচাপে পৰিচিত শিৱসাগৰত বিজেপিৰ উত্থানো লক্ষণীয়৷ ২০১৬ৰ বিধানসভা নির্বাচনত কংগ্রেছৰ হাতত মাত্র কেইশমান ভোটত পৰাজিত হোৱা সুৰভি ৰাজকুঁৱৰী এইবাৰো বিজেপিৰ প্রার্থী৷
সমষ্টিবাসীৰ বাবে সুৰভি ৰাজকুঁৱৰী এক চিনাকি মুখ যদিও দলৰ ভিতৰৰ পৰাই আৰম্ভ হোৱা বিসম্বাদ প্রথম পর্যায়ত তেওঁৰ বাবে অসুবিধাৰ কাৰণ হৈ উঠিছিল৷ ড০ হিমন্ত বিশ্ব শর্মাৰ প্রচাৰে দলটোৰ মাজত থকা সৰু সুৰা বিভেদ দূৰ কৰি আগ্রাসী ৰূপত ৰণক্ষেত্রত নামি পৰাৰ বাবে উৎসাহিত কৰিছে৷ ১.৫১ লাখ ভোটাৰ থকা শিৱসাগৰত আহোম জনগোষ্ঠীৰ ৪৭ হাজাৰ আৰু ৩৪ হাজাৰ ধর্মীয় সংখ্যালঘু ভোটাৰ আছে৷ ধর্মীয় সংখ্যালঘুৰ ভোট কংগ্রেছ দলে একপক্ষীয়ভাৱে লাভ কৰি অহা বাবে বিগত নির্বাচনসমূহত প্রতিকূলতাৰ মাজতো দলটোৱে ভাল ফল দেখুৱাব পাৰিছিল৷ কিন্তু কংগ্রেছৰ ভোটবেংকত খহনীয়া সৃষ্টি কৰি এইবাৰ ৰাইজৰ দলে সংখ্যালঘুৰ মাজত খোপনি পুতিছে৷ একেদৰে কাৰাৰুদ্ধ বাবে অখিল গগৈৰ প্রতি আহোম লোকসকলৰো সহানুভূতি থকা পৰিলক্ষিত হৈছে৷
ইয়াৰ বিপৰীতে বিজেপিয়ে বিগত সময়ছোৱাত গঢ়ি তোলা শক্তিশালী সংগঠন আৰু চৰকাৰী আঁচনিৰ হিতাধিকাৰীৰ জৰিয়তে প্রথমৰ পৰাই বিজেপি সবল স্থিতিত আছে৷ যাৰ বাবে বিজেপি আৰু ৰাইজৰ দলৰ মাজত শিৱসাগৰত পোনপটীয়া প্রতিদ্বন্দ্বিতা হোৱাৰ সম্ভাৱনা এই মুহূর্তত স্পষ্ট৷ শিৱসাগৰৰ গাতে লাগি আছে ১০৪নং নাজিৰা সমষ্টি৷ এই সমষ্টিটোও কংগ্রেছৰ বাবে আছিল অভেদ্য দুর্গস্বৰূপ৷ প্রাক্তন মুখ্যমন্ত্রী হিতেশ্বৰ শইকীয়াৰ পুত্র তথা বিৰোধী দলপতি দেৱব্রত শইকীয়া এইবাৰো কংগ্রেছ দলৰ প্রার্থী৷ তেওঁৰ সন্মুখত প্রত্যাহ্বান হৈ থিয় দিছে বিজেপিৰ যুৱ নেতা ময়ূৰ বৰগোহাই৷ বিগত কার্যকালত নাজিৰাৰ বাট– পথৰ শোচনীয় অৱস্থা, অনুন্নয়নৰ বাবে এক প্রবল প্রতিষ্ঠানবিৰোধী ঢ়ৌৰ সৃষ্টি হৈছিল৷ যাৰ বাবে বিগত পঞ্চায়ত নির্বাচনত দুখন জিলা পৰিষদ আৰু ৯খন পঞ্চায়ত বিজেপিয়ে দখল কৰিবলৈ সক্ষম হয়৷
শেহতীয়াকৈ কার্যকালৰ শেষৰ পিনে বিধ্বস্ত পথসমূহ নতুনকৈ নির্মাণ কৰি দেৱব্রত শইকীয়াই তেওঁৰ গণভিত্তি কিছু পৰিমাণে ধৰি ৰাখিবলৈ চেষ্টা চলায় যদিও চাহ জনগোষ্ঠীৰ ভোটে এইবাৰ তেওঁক শ’লঠেকত পেলোৱাৰ সম্ভাৱনা প্রকট কৰি তুলিছে৷ বিজেপিৰ প্রার্থী ময়ূৰ বৰগোহাই বিজেপিত যোগদানৰ পূর্বে দীর্ঘদিন ধৰি তাই–আহোম ছাত্র সন্থাৰ লগত জডিত হৈ আছিল৷ নাজিৰাৰ সামাজিক কাম–কাজৰ লগতো তেওঁ ওতঃপ্রোতভাৱে জডিত৷ সেইসূত্রে নাজিৰাবাসীৰ মাজত তেওঁৰ এক নিজা পৰিচিতি আছে৷ তদুপৰি নাজিৰাৰ ৪০ হাজাৰ চাহ জনগোষ্ঠীৰ ভোটাৰক বিভিন্ন আঁচনিৰে বিজেপিয়ে আকর্ষণ কৰিবলৈ সক্ষম হৈছে৷ গতিকে অধিকাংশ চাহ বাগিচাৰ ভোট এইবাৰ বিজেপিৰ পক্ষলৈ যাব বুলি ধাৰণা কৰিব পাৰি৷
ইয়াৰ বিপৰীতে ধর্মীয় সংখ্যালঘুৰ ২০ হাজাৰ ভোট পোনপটীয়াকৈ লাভ কৰিব দেৱব্রত শইকীয়াই৷ চিপিআই দলৰো কিছু সমর্থন নাজিৰাত এতিয়াও অক্ষুণ্ণ আছে৷ সেই ভোটো কোনো হীন–ডেঢ়ি নোহোৱাকৈ কংগ্রেছ প্রার্থীৰ পক্ষতে থাকিব৷ কিন্তু নাজিৰাত আহোম আৰু চুতীয়া জনগোষ্ঠীৰো প্রায় ৪৮ হাজাৰ ভোট আছে৷ গতিকে আহোম আৰু চুতীয়া জনগোষ্ঠীয়ে এইবাৰ কাৰ পক্ষ লয়, তাৰ ওপৰতে নাজিৰাৰ নির্বাচনী ফলাফল বহু পৰিমাণে নির্ভৰ কৰিব৷ ১০৭নং থাওৰা বিধানসভা সমষ্টিৰ ক্ষেত্রতো একেই প্রেক্ষাপট৷ থাওৰাৰ বর্তমানৰ বিধায়ক কুশল দুৱৰী আৰু কংগ্রেছ প্রার্থী সুশান্ত বৰগোহাই সমান শক্তিৰে নির্বাচনত নামি পৰিছে৷ বিগত বিধানসভা নির্বাচনত ডেৰ হাজাৰমান ভোটৰ ব্যৱধানতহে কংগ্রেছ পৰাজিত হৈছিল৷ চিপিআই প্রার্থীগৰাকীয়ে লাভ কৰিছিল প্রায় দুই হাজাৰ ভোট৷ সমষ্টিটোত কংগ্রেছৰ ভেটি শক্তিশালী কৰিবলৈ নেৰানেপেৰাকৈ চেষ্টা চলাই আহিছে সুশান্ত বৰগোহায়ে৷ এইবাৰ চিপিআই দলো কংগ্রেছ মহাজোঁটৰ অংশীদাৰ৷
সেইসূত্রে সুশান্ত বৰগোহাইৰ বাবে পৰিস্থিতি পূর্বতকৈ অনুকূল যদিও তাতো চাহ জনগোষ্ঠীৰ ভোটাৰৰ ওপৰতে ফলাফল নির্ভৰ কৰিব৷ যদিহে চাহ জনগোষ্ঠীৰ ২৬ হাজাৰ ভোটৰ বিজেপিয়ে ৬০–৭০ শতাংশও লাভ কৰে তেনেহ’লে কুশল দুৱৰী পূর্বতকৈও অধিক ব্যৱধানত জয়লাভৰ দিশে অগ্রসৰ হ’ব৷ সেইবাবেই সুশান্ত বৰগোহায়ে চাহ বাগিচাত অধিক সময় ব্যয় কৰিবলগীয়া হৈছে৷
ইপিনে, আহোম জনগোষ্ঠীৰ ৪৫ হাজাৰ ভোট দুয়োগৰাকী প্রার্থীৰ মাজত প্রায় সমানে ভাগ হ’ব৷ কিন্তু ৭ হাজাৰ মিচিং ভোটাৰ আৰু ৩ হাজাৰ দেউৰী ভোটাৰেও এইবাৰৰ নির্বাচনত গুৰুত্বপূর্ণ ভূমিকা ল’ব৷ পূর্বৰ নির্বাচনত মিচিং আৰু দেউৰী ভোট আছিল বিজেপিৰ পক্ষত৷ ১০৩নং আমগুৰি সমষ্টিত অগপ প্রার্থী প্রদীপ হাজৰিকাৰ সন্মুখত প্রবল প্রত্যাহ্বান সৃষ্টি কৰিছে কংগ্রেছ প্রার্থী অংকিতা দত্তই৷ যোৱা নির্বাচনত অতি কম ব্যৱধানত পৰাজিত হোৱা অংকিতাই এইবাৰ মহিলা ভোটাৰক সাৰথি কৰি বিজয়ৰ পথ মসৃণ কৰিব বিচাৰিছে৷ ১.২৩ লাখ ভোটাৰ থকা আমগুৰিত প্রদীপ হাজৰিকাৰ বিৰুদ্ধে প্রতিষ্ঠানবিৰোধী ঢ়ৌ অতি প্রবল৷
যাৰ বাবে অংকিতাৰ স্থিতি বহু বেছি পৰিমাণে সুবিধাজনক হৈ আছিল৷ কিন্তু ড০ হিমন্ত বিশ্ব শর্মাৰ প্রচাৰে বিজেপি কর্মীসকলকো মিত্রজেজাটৰ প্রার্থীৰ হৈ সর্বশক্তিৰে নির্বাচনত নামি পৰিবলৈ উৎসাহিত কৰিছে৷ অহা দুদিনত বিজেপিয়ে অগপ প্রার্থীগৰাকীক কিমানদূৰ সহায় আগবঢ়ায়, তাৰ ওপৰতে প্রদীপ হাজৰিকাৰ ভাগ্য নির্ভৰশীল হৈ পৰিছে৷ অজাপ প্রার্থী চন্দ্র বৰুৱায়ো অগপক ক্ষতিগ্রস্ত কৰাৰ সম্ভাৱনা অধিক৷ অবিভক্ত শিৱসাগৰ আৰু বর্তমান চৰাইদেউ জিলাৰ গুৰুত্বপূর্ণ সমষ্টি হৈছে সোণাৰি৷ এই সমষ্টিটো চাহ জনগোষ্ঠী অধ্যুষিত৷ প্রায় ৭০ হাজাৰ চাহ জনগোষ্ঠীৰ ভোটাৰ থকা সোণাৰিত আহোম জনগোষ্ঠীৰ ভোটাৰৰ সংখ্যা প্রায় ৫৫ হাজাৰ৷
সোণাৰিত বিজেপিৰ প্রার্থী ধর্মেশ্বৰ কোঁৱৰ আৰু কংগ্রেছ প্রার্থী সুশীল চূডী৷ চাহ বাগিচাত বিজেপিৰ শক্তিশালী স্থিতি আছে যদিও কংগ্রেছ প্রার্থীগৰাকী নিজেই চাহ জনগোষ্ঠীৰ হোৱাৰ বাবে নির্বাচনী যুঁজখন আকর্ষণীয় হৈ পৰিছে৷ এতিয়া আহোম জনগোষ্ঠীৰ সম্পূর্ণ সমর্থন আৰু চাহ জনগোষ্ঠীৰ এটা অংশৰ ভোটেৰে নির্বাচন জিকাৰ পৰিকল্পনা কৰিছে শাসকীয় দলটোৱে৷ মাহমৰাত মন্ত্রী যোগেন মোহন আজিৰ দিনটোত শক্তিশালী স্থিতিত আছে৷
কংগ্রেছ প্রার্থী সূৰুয দিহিঙীয়া, অজাপৰ মাণিক গগৈ আৰু ৰাইজৰ দলৰ লোহিত গগৈৰ মাজত হোৱা ভোট বিভাজনে বিজেপিৰ জয়ৰ পথ সুগম কৰি তুলিব বুলি পর্যবেক্ষকসকলে ধাৰণা কৰিছে৷ অবিভক্ত শিৱসাগৰ জিলাৰ আটাইকেইটা সমষ্টিতে চাহ জনগোষ্ঠীৰ লগতে আহোম ভোটাৰেও গুৰুত্বপূর্ণ ভূমিকা পালন কৰিব৷ যোৰহাটৰ সদৰ সমষ্টিত বিজেপিৰ হিতেন্দ্র নাথ গোস্বামী আৰু কংগ্রেছৰ ৰাণা গোস্বামীৰ মাজত মূল প্রতিদ্বন্দ্বিতা হ’ব৷ প্রচাৰৰ দিশৰ পৰা হিতেন্দ্র নাথ গোস্বামী আগবাঢ়ি আছে যদিও বিধানসভাৰ অধ্যক্ষগৰাকীৰ বিৰুদ্ধে স্থানীয় লোকসকলৰ মাজত কিছু ক্ষোভ নথকা নহয়৷
ইপিনে, ৰাণা গোস্বামীয়েও গ্রামাঞ্চলত নিৰৱচ্ছিন্নভাৱে সৰু সভা–সমিতি আয়োজন কৰি ৰাইজৰ মাজত সোমাবলৈ চেষ্টা অব্যাহত ৰাখিছে৷ হিতাধিকাৰীসকল বিজেপিৰ বাবে বিশেষ শক্তি হিচাপে বিবেচিত হৈছে৷ টীয়কত অগপৰ বিধায়িকা ৰেণুপমা ৰাজখোৱাৰ সন্মুখত তীব্র প্রত্যাহ্বানৰ সৃষ্টি কৰিছে কংগ্রেছ প্রার্থী পল্লৱী শইকীয়া গগৈয়ে৷ টীয়কত ২০১৬ চনত বিজেপিৰ পক্ষে থকা প্রবল বতাহৰ বাবে ৰেণুপমা ৰাজখোৱাৰ বিজয়ৰ পথ মসৃণ হৈ পৰিছিল৷ এতিয়া টীয়ক সমষ্টিত অগপৰ সাংগঠনিক স্থিতি থৰক–বৰক৷ ক্রমাৎ শক্তিশালী স্থিতিত উপনীত হৈছে পল্লৱী শইকীয়া গগৈ৷ এনে পৰিস্থিতিত মিত্রজোঁটৰ প্রার্থীক উদ্ধাৰৰ বাবে নামি পৰিছে খোদ ড০ হিমন্ত বিশ্ব শর্মা৷
টীয়কত ৰাইজৰ দলৰ কবীন্দ্র চেতিয়া ফুকনে কিমানদূৰ প্রভাৱ বিস্তাৰ কৰিব পাৰে সেয়াও লক্ষণীয় হ’ব৷ যোৰহাটৰ আটাইতকৈ আকর্ষণীয় যুঁজখন হ’ব তিতাবৰত৷ প্রাক্তন মুখ্যমন্ত্রী তৰুণ গগৈৰ মৃত্যুৰ পিছত কংগ্রেছে তিতাবৰত প্রার্থিত্ব দিছে ভাস্কৰ বৰুৱাক৷ এই সমষ্টিটো নিজ হাতত ৰখাটো সাংসদ গৌৰৱ গগৈৰ বাবে সন্মানৰ বিষয় হৈ পৰিছে৷
ইপিনে, তিতাবৰৰ বিজেপি প্রার্থী হেমন্ত কলিতাৰ হৈ ৰণডংকা বজাই ড০ হিমন্ত বিশ্ব শর্মাই কংগ্রেছ শিবিৰলৈ শংকাৰ ডাৱৰ নমাই আনিছে৷ মঙলবাৰৰ পৰাই তিতাবৰৰ আচল ৰাজনৈতিক খেল আৰম্ভ হোৱা বুলি যোৰহাটৰ ৰাইজে ক’ব খোজে৷ তৰুণ গগৈবিহীন তিতাবৰৰ এইবাৰৰ নির্বাচন স্বাভাৱিকতে সকলোৰে বাবে উৎসুকতাৰ বিষয় হৈ পৰিছে৷ অসম জাতীয় পৰিষদেও সমষ্টিটোত শৈলেন হাজৰিকাক প্রক্ষেপ কৰিছে যদিও বিশেষ প্রভাৱ এতিয়ালৈকে পৰিলক্ষিত হোৱা নাই৷ মৰিয়নিত এইবাৰো কংগ্রেছ প্রার্থী চর্চিত বিধায়ক ৰূপজ্যোতি কুর্মী৷ প্রায় ৪০খন চাহ বাগিচাৰে পৰিৱেষ্টিত সমষ্টিটো কংগ্রেছৰ বাবে নিৰাপদ বুলিয়েই গণ্য কৰা হৈছিল৷ কিন্তু বিগত নির্বাচনত এনচিপিৰ পৰা প্রতিদ্বন্দ্বিতা কৰা অলক ঘোষে ৰূপজ্যোতি কুর্মীৰ টোপনি কাঢ়ি নিছিল৷ এইবাৰ অলক ঘোষ আছিল বিজেপিৰ প্রার্থিত্বৰ দাবীদাৰ৷ বিজেপিত টিকটবঞ্চিত হোৱাৰ পিছত তেওঁ অজাপৰ হৈ মনোনয়ন দাখিল কৰিছিল৷ কিন্তু অলক ঘোষৰ মনোনয়ন বাতিল হ’ল৷ ইয়াৰ আঁৰতো বিজেপিৰে অজাপ প্রার্থীগৰাকীৰ গোপন বুজাবুজি আছে বুলি যোৰহাটৰ সর্বত্র চর্চা হৈছে৷ কাৰণ মৰিয়নিত আছে ভাষিক সংখ্যালঘুৰ বুজনসংখ্যক ভোটাৰ৷
মৰিয়নিত এইবাৰ বিজেপিয়ে চাহ জনগোষ্ঠীৰ ৰমণী তাঁতীক প্রার্থিত্ব দি এঘডী যুঁজিবলৈ সাজু হৈছে৷ কেন্দ্রীয় মন্ত্রী স্মৃতি ইৰাণী, ড০ হিমন্ত বিশ্ব শর্মাই বিজেপিৰ প্রার্থীগৰাকীৰ হৈ প্রচাৰ চলোৱাৰ পিছত ৰূপজ্যোতি কুর্মীৰ হৈ ময়দানত নামি পৰিল খোদ ৰাহুল গান্ধী৷ গতিকে মৰিয়নিৰ নির্বাচনী যুঁজখনো হাইপ্রফাইল হৈ পৰিছে৷ যোৰহাটৰ আন এটা সমষ্টি দেৰগাঁৱত বিধায়ক ভবেন ভৰালীৰ বিজয়ৰ পথ এইবাৰ সুগম নহ’ব৷ কাৰণ কংগ্রেছে বাণী হাজৰিকাৰ দৰে এগৰাকী সবল প্রার্থীক সমষ্টিটোত প্রক্ষেপ কৰাৰ বিপৰীতে অজাপই আনন্দ দাস আৰু ৰাইজৰ দলে প্রবীণ দাসক সমষ্টিটোত প্রার্থিত্ব প্রদান কৰিছে৷ শিক্ষাবিদ হিচাপে আনন্দ দাসৰ আছে নিকা ভাবমূর্তি৷ তেওঁৰ লগতে ৰাইজৰ দলৰ প্রার্থীগৰাকীয়ে নিশ্চিতভাৱে অগপৰ প্রার্থীগৰাকীকে ক্ষতি কৰিব৷ অগপৰ বুজনসংখ্যক নেতা–কর্মী ইতিমধ্যে অজাপৰ লগত জডিত হৈ পৰিছে৷ গতিকে ভবেন ভৰালীৰ সন্মুখত আছে অনেক খলা–বমা৷ এই পৰিস্থিতিৰ পৰা উদ্ধাৰ পোৱাটো অগপ প্রার্থীগৰাকীৰ বাবে যথেষ্ট কঠিন হৈ পৰিছে৷ যদিহে আজিৰ পৰিস্থিতিয়েই অব্যাহত থাকে তেনেহ’লে সমষ্টিটো এইবাৰ মিত্রজোঁটে হেৰুওৱাৰ সম্ভাৱনাই অধিক৷ এইদৰেই যোৰহাটৰ পাঁচোটা সমষ্টিতে কংগ্রেছ–বিজেপিৰ মাজত চলিছে তুমুল প্রতিদ্বন্দ্বিতা৷