নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মুছলমানক নিজ স্বার্থত ব্যৱহাৰ আজমলৰ

নিয়মীয়া বাৰ্তা ২৫ মাৰ্চঃ পর্বতঝোৰা মহকুমাৰ অন্তর্গত মংলাঝোৰা হাইস্কুল খেলপথাৰত আজি গৌৰীপুৰ সমষ্টিৰ মিত্রজোঁটৰ বিজেপি প্রার্থী বনেন্দ্র কুমাৰ মুছাহাৰীৰ বিশাল নির্বাচনী সভা পর্বতঝোৰা জিলা ইউপিপিএলৰ সভাপতি উত্তম হাজোৱাৰীৰ সভাপতিত্বত অনুষ্ঠিত হয়৷ সভাত ৫ সহস্রাধিক লোক উপস্থিত থাকে৷ সভাখনত বিটিচিৰ মুখ্য কার্যবাহী সদস্য প্রমোদ বডোৱে বিটিআৰৰ লগতে সমগ্র অসমৰ উন্নয়ন আৰু ৰাইজৰ আশা–আকাংক্ষা পূৰণ কৰাৰ বাবে বিজেপিক ভোট দিবলৈ আহ্বান জনায়৷ সভাত প্রমোদ বডোৱে কয় যে বিটিআৰত বর্তমান শান্তিৰ পৰিৱেশ ঘূৰি অহাৰ লগতে সকলো স্তৰৰ ৰাইজে নিৰাপদ অনুভৱ কৰিছে৷ ব্যাপক সংখ্যাগৰিষ্ঠতাৰে মিত্রজোঁটে চৰকাৰ গঠন কৰিব৷ প্রমোদ বডোৱে কয় যে গৌৰীপুৰ সমষ্টিত বনেন্দ্র কুমাৰ মুছাহাৰীক প্রার্থিত্ব প্রদান কৰা হৈছে৷ তেওঁ এজন ৰাজনৈতিকভাৱে অভিজ্ঞ ৰাজনৈতিক নেতা৷ তেওঁক নির্বাচনত জিকাই পঠিয়ালে অঞ্চলটোৰ ৰাইজৰ আশা–আকাংক্ষা পূৰণ কৰিবলৈ সক্ষম হ’ব৷ প্রমোদ বডোৱে বিপিএফক তীব্র ভাষাৰে সমালোচনা কৰে৷ হাগ্রামা মহিলাৰীয়ে কৰা সীমাহীন দুর্নীতি আৰু স্বজনপ্রীতিক বড়োৱে কঠোৰ সমালোচনা কৰে৷ তেওঁ কয় যে বদৰুদ্দিন আজমল নেতৃত্বাধীন ইউডিএফ দলে মুছলমান ৰাইজক নিজৰ স্বার্থৰ সিদ্ধিৰ বাবে ব্যৱহাৰ কৰিছে৷ প্রার্থী বনেন্দ্র কুমাৰ মুছাহাৰীয়ে অঞ্চলটোৰ সামগ্রিক উন্নয়নৰ স্বার্থত তেওঁক নির্বাচনত জয়যুক্ত কৰিবলৈ আহ্বান জনায়৷ তেওঁ কয় যে যোৱা তিনিটা কার্যকাল গৌৰীপুৰ সমষ্টিৰ পৰা নির্বাচিত হৈছিল৷ লগতে তেওঁ দৃঢ়তাৰে ঘোষণা কৰে যে ৰাইজৰ আশীর্বাদত এইবাৰ বিজয় নিশ্চিত৷

You might also like