নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জোনাইত ‘ভোটৰ বাবে দৌৰ’ শীৰ্ষক সজাগতা ৰেলী অনুষ্ঠিত

নিয়মীয়া বাৰ্তা, ২৫ মাৰ্চঃ আগন্তুক বিধান সভা নিৰ্বাচনৰ প্ৰস্তুতিক লৈ ৰাজনৈতিক দল সমূহৰ সমান্তৰালভাবে সষ্টম হৈছে জিলাৰ লগতে মহকুমা প্ৰশাসনসমূহ। জোনাই মহকুমা মহকুমাধিপতি জিমলি শইকীয়া কাকতিয়ে আজি পুৱা ৭.৩০ বজাত জোনাই মহকুমাধিপতি কাৰ্যালয় প্ৰাংগনত আয়োজন কৰা ‘‘ভোটৰ বাবে দৌৰ’’ শীৰ্ষক সজাগতা মূলক কাৰ্য্যসূচী আনুষ্ঠানিক ভাবে উদ্বোধন কৰে। জোনাই মহকুমাৰ ভালেকেইখন শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীসকলে সজাগতা মূলক কাৰ্য্যসূচীত অংশগ্ৰহণ কৰে। ভোটাধিকাৰ লাভ কৰা কোনো ব্যক্তিয়েই যাতে আগন্তুক বিধান সভা নিৰ্বাচনত ভোটদানৰ পৰা বাদ নপৰে তাৰবাবে নিৰ্বাচন আয়োগে সৰ্বাধিক গুৰুত্ব দিছে বুলি সজাগতা ৰেলী উদ্বোধন কৰি কয় মহকুমাধিপতিগৰাকীয়ে৷
নিৰ্বাচনৰ সময়ত যাতে সকলো লোকে ভোটদানৰ বাবে ওলাই আহে তাৰবাবে নিৰ্বাচনী বিষয়াগৰাকীয়ে জোনাই ৰাইজক আহ্বান জনায়। আজিৰ সজাগতা কাৰ্য্যসূচীত জোনাই মহকুমা নিৰ্বাচন বিষয়া গায়ত্ৰী পাতিৰ, জোনাই মহকুমা দণ্ডাধীশ প্ৰিতম কুমাৰ দাস উপস্থিত আছিল।

You might also like