নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্ৰথম পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ অন্ত, বিজেপি-কংগ্ৰেছে জনালে আসনৰ হিচাপ-নিকাচ

নিয়মীয়া বাৰ্তা, ২৫ মাৰ্চঃ আজি অন্ত পৰিল প্ৰথম পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ। ২৭ মাৰ্চত ৪৭টা সমষ্টিৰ বাবে অনুষ্ঠিত হ’ব প্ৰথম পৰ্যায়ৰ ভোটদান। নিৰ্বাচনী প্ৰচাৰৰ অন্ত পৰাৰ লগে লগে ভোটগ্ৰহণৰ বাবে নিৰ্বাচন আয়োগ সাজু হোৱাৰ সমান্তৰালভাৱে সাজু হৈছে ভোটাৰ ৰাইজ।

এই ২৭ সমষ্টিত মুঠ ৭৯,১৮,৬০৮গৰাকী ভোটাৰে নিৰ্ণয় কৰিব ২৬৪গৰাকী প্ৰাৰ্থীৰ ভাগ্য।৪৭ সমষ্টিত দুই মূল ৰাজনৈতিক শক্তি বিজেপি আৰু কংগ্ৰেছে আৰম্ভ কৰিছে নিৰ্বাচনী হিচাপ-নিকাচ।

পূৰ্বৰ ২০১৬ চনৰ বিধানসভা নিৰ্বাচনত শাসকীয় দল বিজেপিয়ে ৪৭টা সমষ্টিৰ ৩৫খন আসন লাভ কৰিছিল। কিন্তু এইবাৰ এই ৪৭টা সমষ্টিৰ ৪২টা সমষ্টিত জয়লাভ কৰিব বুলি উল্লেখ কৰিছে বিশিষ্ট ৰাজনীতিক ড০ হিমন্ত বিশ্ব শৰ্মাই।

ড০ শৰ্মাৰ মতে, উত্তৰ আৰু উজনি অসমত এখন-দুখন আসন বাদ দি সকলো আসনতে জয়লাভ কৰিব বিজেপিয়ে। ড০ শৰ্মাই কোৱা মতে, লখিমপুৰ লোকসভা সমষ্টিৰ অন্তৰ্গত ৯খন আসনৰ ৮খন, তেজপুৰ লোকসভা সমষ্টিৰ অন্তৰ্গত ৯খন আসনৰ আটাইকেইখন, যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত ১০খনৰ আটাইকেইখন, ডিব্ৰুগড় লোকসভা সমষ্টিৰ অন্তৰ্গত ৯খনৰ আটাইকেইখন, কলিয়াবৰ লোকসভা সমষ্টিৰ অন্তৰ্গত ১০খন আসনৰ ৬খন আসনত বিজেপি মিত্ৰজোঁটে জয়লাভ কৰিব।

আনহাতে, আন এক ৰাজনৈতিক শক্তি কংগ্ৰেছ নেতৃত্বাধীন মহাজোঁটে ৪৭খন আসনৰ ৩০খনত জয়লাভ কৰিব বুলি দাবী কৰিছে কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ৰিপুণ বৰাই।

You might also like