জোনাইত বিধ্বংসী ধুমুহাত বিধ্বস্ত শ শ পৰিয়ালৰ ঘৰ-বাৰী
নিয়মীয়া বাৰ্তা, ২৫ মাৰ্চঃ ধেমাজি জিলাৰ জোনাইত আজি পুৱতিনিশা অহা এক বিধ্বংসী ধুমুহাই তচনচ কৰিলে শ শ পৰিয়ালৰ ঘৰ-দুৱাৰ, ভৰাল, স্কুলঘৰৰ লগতে বিদ্যুতৰ খুঁটা আদি। ধুমুহাত ঘৰ ভগাত গুৰুতৰভাৱে আহত হৈছে শতাধিক লােক।
জোনাই মহকুমাৰ অন্তৰ্গত জোনাই ৰাজহ চক্ৰৰ ৰামধন দিখাৰী, তেলাম, মিছামৰাৰ অৰ্ধশতাধিক গাঁৱত বিধ্বংসী ধুমুহাই ক্ষতিগ্ৰস্ত কৰে শ শ পৰিয়ালৰ ঘৰ। আহত হয় ৰঞ্জিত বড়ো নামৰ এগৰাকী লোক। আনহাতে লাইমেকুৰী, চমকং, মিছামৰা, উলুৱনি, জামুগুৰী, বগৰীগুৰী, ৰামধন, বদলপুৰ, কৰ্ণপুৰ, বৰং, মেচাকি চাপৰি, চমকং, পাগৰ, নামনি পাগৰ, সোণাপুৰ, ৰাই মাজগাঁও, ২নং আৰু ৩নং নাওকাটা, মিছামৰা তিনিআলি, ১নং জয়পুৰ, উলুচাপৰি, ৰাওন, মধুপুৰ গাঁৱৰ শ শ পৰিয়ালৰ ঘৰ-বাৰী ধুমুহাত ক্ষতিগ্ৰস্ত হয়।
অঞ্চলৰ কেইবা ঠাইত বৈদ্যুতিক তাঁৰ ছিঙি যোৱাৰ লগতে খুঁটাও উভালি পৰে। ধুমুহাত লগতে কম-বেছি পৰিমাণে বহু লােক আহত হােৱা বুলি জানিব পৰা গৈছে। ইউবিপিঅ’, এবছুৰ নেতৃত্বই চৰকাৰক উপযুক্ত ক্ষতিপূৰণ দিবলৈ আহ্বান জনাইছে।