বিপদত বিপিএফঃ ১৭ বছৰীয়া সম্পৰ্ক ছেদ কৰি ধৰ্মীয় সংখ্যালঘু পৰিষদৰ ইউপিপিএলক সমৰ্থন
নিয়মীয়া বাৰ্তা, ২৫ মাৰ্চঃ অসম বিধানসভাৰ সমাগত বিধানসভা নিৰ্বাচনৰ ভোট গ্ৰহণলৈ মাজতে মাত্ৰ কেইটামান মুহূৰ্ত বাকী থকা সময়তে বিটিএডিৰ প্ৰধান দল বিপিএফৰ ভাতৃ সংগঠন স্বৰূপ ধৰ্মীয় সংখ্যালঘু পৰিষদ চমুকৈ আৰ এম চিয়ে সুদীৰ্ঘ ১৭ বছৰীয়া সু সম্পৰ্ক ছেদ কৰি ইউপিপিএল দলক মুকলি সমৰ্থনৰ কথা ৰাজহুৱাভাৱে প্ৰকাশ কৰিছে।
আজি বিয়লি চিৰাং জিলাৰ ঢালিগাঁও থানাৰ অন্তৰ্গত চাপাগুৰিস্থিত হোটেল হিমালয়ত ধৰ্মীয় সংখ্যালঘু পৰিষদৰ কেন্দ্ৰীয় নেতৃত্বই এক সংবাদ মেলৰ জৰিয়তে এই কথা ঘোষণা কৰে। বৰ্তমানৰ বিটিআৰ অঞ্চলত বসবাস কৰা ধৰ্মীয় সংখ্যালঘু জনগণৰ উন্নয়নৰ স্বাৰ্থত আৰু শান্তি সম্প্ৰীতিৰ প্ৰতি লক্ষ্য ৰাখি সমাগম বিধানসভা নিৰ্বাচনত ইউপিপিএল দলক চৰ্ত সাপেক্ষে মুকলি সমৰ্থন আগবঢ়োৱাৰ কথা ঘোষণা কৰে পৰিষদৰ কেন্দ্ৰীয় সভাপতি আব্দুল আৱাল মণ্ডলে।
তেওঁ লগতে এইবুলি কয় যে বিটিচিৰ জন্মলগ্নৰে পৰা ধৰ্মীয় সংখ্যালঘু পৰিষদে হাগ্ৰামা মহিলাৰীৰ নেতৃত্বাধীন বিপিএফ দলক মুকলি সমৰ্থন জনাই অহাৰ পাছতো দলটোৱে বিগত ১৭ বছৰে বিটিচি অঞ্চলত বসবাস কৰা মুছলমানসকলক কেৱল বিৰোধীৰ লগত এবছুৰ দৰে জাতীয় সংগঠন আছে, এনডিএফবিৰ দৰে সশস্ত্ৰ সংগঠন আছে আদি ভয়-ভাবুকি দি ভোট আদায় কৰি আহিছিল বুলিও গুৰুতৰ অভিযোগ উত্থাপন কৰে।
এইবাৰ আকৌ ইউপিপিএলৰ সৈতে বিজেপি দলৰ মিত্ৰতা আছে বুলি ভয় খুৱাই ধৰ্মীয় সংখ্যালঘু ৰাইজৰ ভোট আদায় কৰিবলৈ চেষ্টা চলাইছে বুলি মন্তব্য কৰে। মহাজোঁটৰ অংশীদাৰ কংগ্ৰেছ আৰু এআইইউডিএফৰ নাম লৈ বিশেষকৈ বদৰুদ্দিন আজমলৰ ইমেজক লৈ বিটিআৰৰ ধৰ্মীয় সংখ্যালঘু ৰাইজক নিজৰ পক্ষত ভোট দান কৰিবলৈ যি ৰাজনৈতিক পৰিকল্পনা বিপিএফ দলে হাতত লৈছে, এইবাৰ ধৰ্মীয় সংখ্যালঘু ভোটাৰে নস্যাৎ কৰি ইউপিপিএল দলৰ সপক্ষে ভোট দান কৰিব বুলি আৰ এম চিয়ে দৃঢ় মত প্ৰকাশ কৰিছে।