অসমৰ পৰিচয় আজমল হ’ব নোৱাৰেঃ অমিত শ্বাহৰ কমলপুৰ আৰু জাগীৰোডত নিৰ্বাচনী প্ৰচাৰ
নিয়মীয়া বাৰ্তা ২৬ মাৰ্চঃ প্রথম পর্যায়ৰ নির্বাচনৰ প্রচাৰ অভিযান সামৰণি পৰাৰ পাছতেই আজি দ্বিতীয় পর্যায়ৰ নির্বাচনী প্রচাৰ চলাবলৈ পুনৰ অসমলৈ আহে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ৷ বিজেপিৰ কেন্দ্ৰীয় নেতাগৰাকীয়ে আজি প্ৰথমে কমলপুৰ সমষ্টিৰ প্ৰাৰ্থী দিগন্ত কলিতাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায়।
অসমৰ শংকৰদেৱ, লাচিত বৰফুকনক স্মৰণ কৰি নিৰ্বাচনী ভাষণ আগবঢ়াই গৃহমন্ত্ৰী অমিত শ্বাহে বিৰোধী দল কংগ্রেছক তীব্র সমালোচনা কৰে। শ্বাহে কংগ্ৰেছ নেতা ৰাহুল গান্ধীক বাবা বুলি কটাক্ষ কৰাৰ লগতে আজমলক কোনো কাৰণতে অসমৰ পৰিচয় হবলৈ নিদিয়ে বুলি কয়।
শ্বাহে ভাষণত বিজেপি চৰকাৰৰ দিনত ব্ৰহ্মপুত্ৰক কেন্দ্ৰ কৰি পৰ্যটন কেন্দ্ৰ,তৈলক্ষেত্ৰৰ বিকাশ, স্বাস্থ্য-শিক্ষাখণ্ড উন্নীতকৰণকে ধৰি চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি, শীঘ্ৰে জনজাতিকৰণৰ লগতে অসমৰ প্ৰতি নামঘৰলৈ বছৰি ২.৫ লাখকৈ টকা দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে।
ইয়াৰ পিছত বিজেপি নেতাগৰাকীয়ে জাগীৰোড সমষ্টিত ৰাজ্যিক মন্ত্রী পীয়ূষ হাজৰিকাৰ সমর্থনত প্রচাৰ অভিযান চলায়৷ এই সভাতো কংগ্ৰেছ দলক বিশেষকৈ ৰাহুল গান্ধীক তীব্ৰ সমালোচনা কৰে। শ্বাহে কয়- ‘কংগ্ৰেছৰ ৰাহুল বাবাই আজমলক অসমৰ পৰিচয় বুলি কয়, কিন্তু অসমৰ পৰিচয় আজমল হব পাৰেনে, অসমৰ পৰিচয় শংকৰদেৱ, ভূপেন হাজৰিকা, গোপীনাথ বৰদলৈ, লাচিত বৰফুকন। যি তৰুণ গগৈয়ে হু ইজ বদৰুদ্দিন বুলি এসময়ত আজমলৰ অস্তিত্বক নাকচ কৰিছিল, কিন্তু আজি তৰুণ গগৈক স্বৰ্গত ইয়াৰ উত্তৰ কংগ্ৰেছীয়ে দিলে।’