হোলীৰ সময়ত কৰিব নালাগে এনে অশুভ কাৰ্য
নিয়মীয়া বাৰ্তা, ২৮ মাৰ্চঃ ফাকুৱা উৎসৱ হিন্দু সংস্কৃতিৰ অন্যতম উৎসৱ। ৰং-ধেমালিৰে ৰং সানি ফাঁকুৱা পালন কৰা হয় ভাৰতৰ সকলো দেশতে। এই উৎসৱ এফালে যিদৰে ধৰ্মীয় একেদৰে পৱিত্ৰও। ধৰ্মীয় দিশৰ পৰা হোলীৰ সময়ত কেতিয়াও এইকেইটা ভুল কৰিব নালাগে বুলি ধৰ্মীয় ৰীতি মতে বিশ্বাস কৰা হয়।
১) হোলীৰ দিনা নিজৰ মূৰটো মুকলি কৰি ৰাখিব নালাগে। মূৰটো কাপোৰেৰে ঢাকি ৰাখিব লাগে। খালী মূৰত অশুভ শক্তিৰ প্ৰৱেশ ঘটে বুলি বিশ্বাস কৰা হয়।
২) হোলীৰ দিনা সন্ধিয়া কেতিয়াও হোলী খেলিব নালাগে, ইয়াক অশুভ বুলি গণ্য কৰা হয়।
৩) হোলীৰ দিনা কেতিয়াও শ্মশান বা নিৰ্জন ঠাইত অকলে যাব নালাগে।
৪) হোলীৰ দিনটোত মাংস আৰু সুৰা খোৱাটো অশুভ।
৫) এই দিনটোত পুৱা সোনকালে উঠিব লাগে আৰু শোৱতে কেতিয়াও দেৰি কৰিব নালাগে।
৬) হোলীৰ দিনা বগা ৰঙৰ খাদ্য, যেনে চাউল, গাখীৰ, পনীৰ আদি খোৱাটো অশুভ বুলি গণ্য কৰা হয়।
৭) পুত্ৰ সন্তান থকা মাতৃয়ে উক্ত দিনা উপবাসে থাকিলে পুত্ৰৰ আয়ুস প্ৰাপ্তি হয়।
৮) উক্ত দিনত বয়োজ্যেষ্ঠজনক কেতিয়াও অপমান কৰিব নালাগে, অপমান কৰাজনে জীৱনত দৰিদ্ৰতাৰ সন্মুখীন হ’বলগীয়া হয় বুলি বিশ্বাস কৰা হয়।