নিয়মীয়া বাৰ্তা, ২৮ ডিচেম্বৰঃ উচ্চ আৰু নিম্ন প্ৰাথমিক বিদ্যালয়ৰ বাবে কিছুদিন পূৰ্বে অনুষ্ঠিত টেটৰ বিসংগতিক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰুজু হৈছে গোচৰ । টেটত ব্যাপক বিসংগতি হোৱাৰ লগতে যাৱতীয় নীতি-নিয়ম অনুসৰণ নকৰাৰ অভিযোগেৰে দাখিল কৰা লেখ আবেদনৰ জৰিয়তে এক সঠিক তদন্তৰ নির্দেশ দিবলৈ প্রার্থনা জনাইছে উচ্চ ন্যায়ালয়ত ৷
কৰিমগঞ্জৰ ৪০জন লোকে দাখিল কৰা ৯৩১৬/২০১৯ নম্বৰৰ লেখ আবেদনৰ শুনানি গ্রহণ কৰি ন্যায়াধীশ এন কে সিঙৰ বিচাৰপীঠে ৰাজ্য চৰকাৰলৈ জাননী জাৰি কৰিছে ৷ অহা ২০ ফেব্রুৱাৰীৰ ভিতৰত ৰাজ্য চৰকাৰে জাননীৰ উত্তৰ দিব লাগিব ৷ অৱশ্যে টেটৰ ফলাফল ঘোষণা কৰাৰ ক্ষেত্রত উচ্চ ন্যায়ালয়ে কোনোধৰণৰ বাধা–নিষেধ আৰোপ কৰা নাই ৷ উল্লেখ্য যে যোৱা ১০ নৱেম্বৰত উচ্চ আৰু নিম্ন প্রাথমিক টেট অনুষ্ঠিত হৈছিল ৷ কিন্তু পৰীক্ষাৰ দিনা প্রশ্নকাকত ফাদিল হোৱাকে ধৰি কেইবাটাও গুৰুতৰ অভিযোগ উত্থাপন হৈছিল ৷
তদুপৰি আন একাংশৰ অভিযোগ অনুসৰি প্রশ্ণকাকত প্রস্তুত কৰাৰ ক্ষেত্রত এনচিটিইৰ নিয়ম আৰু পাঠ্যক্রম অনুসৰণ কৰা হোৱা নাছিল ৷ একেদৰে টেটত কেইবাটাও প্রশ্ণৰ ‘এনছাৰ কী’ ভুল আছিল ৷ সমান্তৰালভাৱে টেটৰ একাংশ প্রার্থীয়ে ‘উকা উত্তৰবহী’ জমা দিয়াৰো অভিযোগ উত্থাপন হৈছিল ৷ এনে কাৰণত টেটৰ সমগ্র প্রক্রিয়াটোক লৈ একাংশ প্রার্থীৰ মাজত সন্দেহৰ সৃষ্টি হৈছিল ৷ সেয়েহে উক্ত বিসংগতিসমূহৰ এক উচ্চ পর্যায়ৰ তদন্ত বিচাৰি লেখ আবেদনখন দাখিল কৰা হৈছে ৷