বিজেপিৰ প্ৰাক্তন সভাপতি ইন্দ্ৰমণি বৰাৰ মৃত্যু
নিয়মীয়া বাৰ্তা ২৮ ডিচেম্বৰঃ অসম প্ৰদেশ বিজেপিৰ প্ৰাক্তন সভাপতি তথা ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ ইন্দ্ৰ মণি বৰাৰ ৮১ বছৰ বয়সত শনিবাৰে উজান বজাৰৰ নিজ বাস ভৱনত শেষ নিশ্বাস ত্যাগ কৰে।
প্ৰয়াত বৰাই উত্তৰ পূৰ্বাঞ্চলত বিজেপিক শক্তি শালী কৰাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল। ২০০৩ চনত বৰা বিজেপিৰ অসম প্ৰদেশৰ সভাপতি হিচাপে দায়িত্ব গ্ৰহণ কৰিছিল। প্ৰয়াত বৰা প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী আৰু লালকৃষ্ণ আদৱাণিৰ দৰে জ্যোষ্ঠ নেতাৰ লগত ঘনিষ্ঠ সম্পৰ্ক ৰক্ষা কৰিছিল।
ইন্দ্ৰ মণিৰ বৰাৰ মৃত্যুত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিত্ত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই শোক প্ৰকাশ কৰিছে।