নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রধানমন্ত্রীয়ে বিকাশৰ ৰাজনীতিৰে দেশক আগুৱাই লৈ গৈছে

ৰঙিয়াত একেদিনাই ৯ আঁচনিৰ আধাৰশিলা স্থাপন মন্ত্রী ভৱেশ কলিতাৰ

নিয়মীয়া বার্তা, ২৮ ডিচেম্বৰঃ ৰঙিয়া সমষ্টিৰ অন্তর্গত পূব বড়িগোগ মৌজাৰ বিভিন্ন ঠাইত জলসিঞ্চন আৰু ৰাজহমন্ত্রী তথা স্থানীয় বিধায়ক ভৱেশ কলিতাই চতুর্দশ বিত্তীয় আয়োগৰ অধীনত ৯টা আঁচনিৰ আধাৰশিলা স্থাপন কৰে ৷ প্রথমে বড়িগোগ আঞ্চলিক দুর্গা পূজা সভাগৃহৰ আধাৰশিলা স্থাপন কৰে ৷ শতাধিক স্থানীয় লোকৰ উপস্থিতিত মাংগিলক কার্যসূচীৰে উক্ত গৃহৰ আধাৰশিলা স্থাপন কৰা হয় ৷ অনুষ্টুপীয়া কার্যসূচীত মন্ত্রী কলিতাই ভাষণ প্রসংগত কয় যে গ্রামাঞ্চলৰ দ্রুত উন্নয়নৰ বাবে সোণোৱাল চৰকাৰে বিভিন্ন আঁচনি গ্রহণ কৰিছে ৷ গাঁৱৰ উন্নয়ন অবিহনে এখন ৰাজ্যৰ উন্নয়ন সম্ভৱ নহয় ৷ বর্তমানৰ চৰকাৰখনে ৰাস্তা–ঘাটৰ ওপৰত বিশেষভাৱে গুৰুত্ব প্রদান কৰিছে ৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে বিকাশৰ ৰাজনীতিৰে দেশখনক আগুৱাই নিয়াৰ বাবে কাম কৰি আহিছে ৷ কিন্তু ইয়াৰ বিপৰীতে এচামে বিভাজনৰ ৰাজনীতিৰে অস্থিৰ পৰিৱেশ সৃষ্টি কৰিব বিচৰা বুলি ক্ষোভ প্রকাশ কৰে ৷ ইয়াৰ পিছত লাউকুৰি চুবাৰ সভাগৃহ, শংকৰজ্যোতি হাইস্কুলৰ পকী চাৰিবেৰ, মহৰীয়া কালী মন্দিৰৰ ওচৰৰ ৰভাঘৰ আদিৰ আধাৰশিলা স্থাপন কৰে ৷

You might also like