নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শোকাচ্ছন্ন নিয়মীয়া বাৰ্তাৰ কাৰ্যালয়, শেষ শ্ৰদ্ধা জ্ঞাপন সতীৰ্থ সাংবাদিক পূৰ্বজ্যোতি চুতীয়ালৈ

নিয়মীয়া বাৰ্তা, ৩০ মাৰ্চঃ জ্যেষ্ঠ সাংবাদিক, ‘নিয়মীয়া বার্তা’ৰ সহকাৰী সম্পাদক পূর্বজ্যোতি চুতীয়াৰ মৃতদেহ কালি ৰহস্যজনকভাৱে উদ্ধাৰ হোৱাৰ পিছত হতভম্ব হৈ পৰে নিয়মীয়া বাৰ্তাৰ কাৰ্যালয়। শোকাচ্ছন্ন হৈ পৰে সংবাদ জগত।

তেওঁৰ কর্মভূমি ‘নিয়মীয়া বার্তা’ৰ কার্যালয়ত বিয়লি আয়োজন কৰা হয় শ্রদ্ধাঞ্জলি অনুষ্ঠানৰ৷ কাকতখনৰ মুখ্য সম্পাদক হোমেন বৰগোহাঞি, সম্পাদক নৰেশ কলিতা, কার্যবাহী সম্পাদক অমল দাস, নিউজ লাইভৰ মুখ্য পৰিচালন সম্পাদক চৈয়দ জাৰিৰ হুছেইন, কনছাল্টিং এডিটৰ ধ্রুৱ মহন্ত আদিৰ লগতে সহকর্মীসকলে প্রয়াত পূর্বজ্যোতি চুতীয়ালৈ অন্তিম শ্রদ্ধা জ্ঞাপন কৰে৷

‘নিয়মীয়া বাতা’ৰ কার্যালয়ত আয়োজিত এক শোকসভাত যশস্বী সাহিত্যিক, ‘নিয়মীয়া বার্তা’ৰ মুখ্য সম্পাদক হোমেন বৰগোহাঞিয়ে কয়– ‘মই প্রায় ৫০ বছৰ ধৰি সাংবাদিকতা কৰিছোঁ আৰু সম্পাদক হৈ আছোঁ৷ এই ৫০ বছৰীয়া সাংবাদিকতা জীৱনত কেতিয়াও নকৰা এটা কাম পূর্বজ্যোতি চুতীয়াৰ ক্ষেত্রত কৰিছিলোঁ৷ তেওঁৰ এটা লিখা পঢ়ি মই ইমানেই ভাল পাইছিলোঁ যে নিজে এখন প্রশংসা পত্র লিখি ডিটিপি কৰাই পূর্বজ্যোতিৰ হাতত তুলি দিছিলোঁ৷ মোৰ ৫০ বছৰীয়া সাংবাদিকতা জীৱনত একমাত্র পূর্বজ্যোতিকেই উপযাচি প্রশংসা কৰিছিলোঁ৷’

কালি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত মৰণোত্তৰ পৰীক্ষা সম্পন্ন হোৱাৰ পাছত শেষ শ্রদ্ধা জ্ঞাপনৰ বাবে সাংবাদিকগৰাকীৰ নশ্বৰ দেহ লৈ যোৱা হয় গুৱাহাটী প্রেছ ক্লাবলৈ৷

গুৱাহাটী প্রেছ ক্লাবৰ সভাপতি মনোজ কুমাৰ নাথ, জ্যেষ্ঠ সাংবাদিক অনুপম নাথৰ লগতে ক্লাবৰ সদস্যসকলে সকলোৰে প্রিয় সাংবাদিকগৰাকীলৈ অন্তিম শ্রদ্ধা জ্ঞাপন কৰে৷ ইয়াৰ পাছত নেহৰু ষ্টেডিয়ামত ক্রীড়া সাংবাদিক সন্থাৰ লগতে অসম ছেপাকটাক্র’ সন্থাৰ সাধাৰণ সম্পাদক বিষ্ণুৰাম নুনিছায়ো প্রয়াত সাংবাদিকগৰাকীলৈ শ্রদ্ধাঞ্জলি অর্পণ কৰে৷

এইগৰাকী সাংবাদিকৰ অকাল মৃত্যুৱে ৰাজ্যৰ সংবাদ জগতত সৃষ্টি কৰিলে অপূৰণীয় শূন্যতাৰ৷ কালি সন্ধিয়া প্রয়াত সাংবাদিকগৰাকীৰ নশ্বৰ দেহ লৈ যোৱা হয় জন্মভূমি মৰাণলৈ।

You might also like