১০০ বছৰৰ কাৰণে সুৰক্ষিত পৃথিৱী, গ্রহাণুৱে নুখুন্দিয়ায়ঃ নাছা
নিয়মীয়া বাৰ্তা, ৩০ মার্চঃ এপফিছ গ্রহাণুৱে পৃথিৱীক প্রচণ্ড জোৰেৰে খুন্দিয়াব বুলি বিশ্বব্যাপি চর্চিত হৈ থকাৰ মাজতে নাছাই গ্রহাণুটোৱে ১০০ বছৰৰ কাৰণে পৃথিৱীক নুখুন্দিয়ায় বুলি নিশ্চিত কৰিছে৷
অর্থাৎ নাছাই প্রকাশ কৰা মতে ১০০ বছৰৰ কাৰণে পৃথিৱী সুৰক্ষিত আৰু নিৰাপদ৷ উল্লেখ্য যে ২০০৪ চনত আৱিষ্কাৰ হোৱা সবাতোকৈ বিপজ্জনক গ্রহাণু এপফিছে পৃথিৱীক খুন্দিয়াব বুলি এক চর্চা চলি আছে৷ এই লৈ আনকি বিশ্বৰ মহাকাশ বিজ্ঞানীসকলো কিছু পৰিমাণে উদ্বিগ্ণ হৈ আছে৷
এনেক্ষণতে নাছাই ঘোষণা কৰিছে যে কোনো কাৰণতেই গ্রহাণুটোৱে পৃথিৱীক খুন্দা নামাৰে৷ প্রাৰম্ভিক পর্যায়ত ২০২৯ আৰু ২০৩৬ চনত গ্রহাণুটোৱে পৃথিৱীক খুন্দিয়াব বুলি সম্ভাৱনা ব্যক্ত কৰিছিল যদিও পিছলৈ তাক নাকচ কৰে৷ অৱশ্যে নাছাই প্রকাশ কৰা মতে ২০৬৮ চনত গ্রহাণুটোৱে পৃথিৱীক খুন্দিওৱাৰ সামান্য সম্ভাৱনা আছে৷
ডেভিদ ফাৰনছিয়া নামৰ নাছাৰ বিজ্ঞানী এগৰাকীয়ে বিবৃতিযোগে প্রচাৰ কৰা মতে ২০৬৮ চনত গ্রহাণুটোৱে সামান্য পৰিমাণে খুন্দিওৱাৰ সম্ভাৱনা আছে যদিও ইয়াৰ পৰা বিশেষ কোনো ক্ষতি নহয়৷ তথ্য মতে যোৱা ৫ মার্চত এই গ্রহাণুটো পৃথিৱীৰ উপৰি ভাগৰ পৰা ১৭ নিযুত কিলোমিটাৰ আঁতৰেৰে পাৰ হৈ গৈছে৷
ৰাডাৰৰ নিৰীক্ষণ মতে এই গ্রহাণুটোৱে যি দূৰত্বৰে অতিক্রম কৰি গৈছে সেই দূৰত্ব প্রায় পৃথিৱীৰ পৰা সূর্যৰ দূৰত্বৰ সমান৷ গতিকে পৰৱর্তী সময়ত এই গ্রহাণুটো পৃথিৱীৰ ওচৰলৈ আহিলেও ইয়াৰ প্রভাৱ অতি ন্যূনতম হ’ব৷