মার্চত দিল্লীৰ তাপমাত্রাই ভংগ কৰিলে ৭৬ বছৰৰ আগৰ অভিলেখ
নিয়মীয়া বাৰ্তা, ৩০ মাৰ্চঃ দেশৰ ৰাজধানী নতুন দিল্লীত মার্চ মাহত তাপমাত্রা বৃদ্ধিয়ে স্বাভাৱিক জীৱন ব্যাহত কৰি তুলিছে৷ বিগত ৭৬ বছৰৰ অভিলেখ ভংগ কৰি মার্চ মাহত দিল্লীত তাপমাত্রা ৪০.১ ডিগ্রী চেলছিয়াছ৷
ভাৰতীয় বতৰ বিজ্ঞান বিভাগে প্রকাশ কৰা মতে, ৰাজধানী দিল্লীত বর্ধিত তাপমাত্রাই সাধাৰণ জনজীৱনত জটিলতাৰ সৃষ্টি কৰিছে৷ মার্চ মাহত সর্বোচ্চ তাপমাত্রা ৪০.১ চেলছিয়াছ৷ স্বাভাৱিক তাপমাত্রাতকৈ এই তাপমাত্রা অধিক বেছি৷
উল্লেখ্য যে বতৰ বিজ্ঞান বিভাগৰ তথ্য মতে নাজাফগড়, নাৰেলা, পিটামপুৰা আৰু পোছাত তাপমাত্রা কমে ৪১.৮ ডিগ্রী চেলছিয়াছ, ৪১.৭ ডিগ্রী চেলছিয়াছ, ৪১.৬ ডিগ্রী চেলছিয়াছ আৰু ৪১.৫ ডিগ্রী চেলছিয়াছ৷