অধিনায়ক বিৰাট কোহলিৰ বিৰল কৃতিত্ব
নিয়মীয়া বাৰ্তা, ৩০ মার্চঃ ২০০ আন্তঃৰাষ্ট্রীয় মেচত ভাৰতক নেতৃত্ব দিয়া তৃতীয়গৰাকী অধিনায়ক হিচাপে চিহ্ণিত হৈছে বিৰাট কোহলি৷ ইংলেণ্ডৰ বিৰুদ্ধে তৃতীয় তথা অন্তিম এদিনীয়াত খেলপথাৰত নমাৰ লগে লগে টীম ইণ্ডিয়াৰ অধিনায়কগৰাকী এই কৃতিত্বৰ অধিকাৰী হয়৷
ইয়াৰ পূর্বে মহেন্দ্র সিং ধোনী আৰু মহম্মদ আজহাৰউদ্দিনে ২০০ আন্তঃৰাষ্ট্রীয় মেচত ভাৰতক নেতৃত্ব দিয়াৰ গৌৰৱ অর্জন কৰিছিল৷ আজহাৰউদ্দিনে ২২১খন আৰু ধোনীয়ে ৩৩২খন আন্তঃৰাষ্ট্রীয় মেচত ভাৰতক নেতৃত্ব দিছিল৷
ধোনীৰ অৱসৰৰ পিছৰে পৰা কোহলিয়ে টীম ইণ্ডিয়াৰ নিয়মীয়া অধিনায়ক হিচাপে দায়িত্ব পালন কৰি আহিছে৷ উল্লেখ্য যে ভাৰতৰ অন্যতম সফল অধিনায়ক ধোনীয়ে ২০১৪ৰ ডিচেম্বৰত টেষ্ট ক্রিকেটক বিদায় জনাইছিল আৰু ২০১৭ৰ জানুৱাৰীত এদিনীয়া ক্রিকেটৰ নেতৃত্ব ত্যাগ কৰিছিল৷