তামুলপুৰৰ বিপিএফ প্রার্থী ৰংজা খুংগুৰ বসুমতাৰীয়ে যোগদান কৰিব বিজেপিত
নির্বাচনী ইতিহাসত নজিৰবিহীন ঘটনা
নিয়মীয়া বাৰ্তা ১ এপ্ৰিলঃ ৰাজ্যত তৃতীয় পর্যায়ত অনুষ্ঠিত হ’বলগীয়া নির্বাচনলৈ মাজত মাথোঁ কেইটামান দিন বাকী থকা অৱস্থাত হঠাৎ বিপিএফক শ’লঠেকত পেলাই দলটোৰ ৫৮নং তামুলপুৰ বিধানসভা সমষ্টিৰ প্রার্থী ৰংজা খুংগুৰ বসুমতাৰীয়ে দলত্যাগ কৰি বিজেপিত যোগদানৰ সিদ্ধান্ত গ্রহণ কৰিছে৷ জানিব পৰা মতে, আজি নিশা ৰংজা খুংগুৰ বসুমতাৰীয়ে ‘নেডা’ৰ আহ্বায়ক তথা মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাক সাক্ষাৎ কৰি আনুষ্ঠানিকভাৱে আজি বিজেপিত যোগদান কৰাৰ কথা সদৰী কৰে৷
বিপিএফৰ প্রার্থীজনৰ সৈতে হোৱা আলোচনাৰ অন্তত মন্ত্রী ড০ শর্মাই সংবাদ মাধ্যমক কয় যে আজি দৰঙাজুলিত তেওঁ নির্বাচনী প্রচাৰ চলোৱাৰ সময়ত বিপিএফৰ প্রার্থী ৰংজা খুংগুৰ বসুমতাৰীয়ে অসন্তুষ্টি ব্যক্ত কৰি নির্বাচনী যুঁজৰ পৰা আঁতৰি থকাৰ সিদ্ধান্ত লোৱাৰ কথা দলীয় সমর্থকৰ জৰিয়তে জ্ঞাত হয়৷ বিপিএফৰ প্রার্থীগৰাকীয়ে আজি সন্ধিয়া সাক্ষাৎ কৰি দল ত্যাগ কৰি বিজেপিত যোগদান কৰাৰ ইচ্ছা প্রকাশ কৰে৷ কাইলৈ তেওঁ বিজেপিত যোগদান কৰিব আৰু তামুলপুৰৰ ইউপিপিএলৰ প্রার্থীগৰাকীৰ হৈ নির্বাচনী প্রচাৰ চলাব৷