নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লুৰিণজ্যোতি গগৈৰ মাতৃৰ শেষকৃত্য সম্পন্ন

নিয়মীয়া বাৰ্তা ২ এপ্ৰিলঃ অসম জাতীয় পৰিষদৰ কেন্দ্রীয় অধ্যক্ষ লুৰিণজ্যোতি গগৈৰ মাতৃ দুলু গগৈয়ে বুধবাৰে নিশা প্রায় ১০.৪৫ বজাত ডিব্রুগডৰ ব্যক্তিগত চিকিৎসালয় সঞ্জীৱনী নার্ছিং হোমত শেষ নিশ্বাস ত্যাগ কৰে৷ প্রথম পর্যায়ৰ নির্বাচনৰ পাছতেই সোমবাৰে হঠাৎ উচ্চ ৰক্তচাপত আক্রান্ত হৈ গুৰুতৰভাৱে অসুস্থ হৈ পৰে মাতৃ দুলু গগৈ৷ এগৰাকী বলিষ্ঠ জাতীয়তাবাদী নেতা লুৰিণজ্যোতি গগৈৰ মাতৃৰ বিয়োগত মর্মাহত সমগ্র অসমবাসীৰ লগতে তিনিচুকীয়াবাসী ৰাইজ৷ আজি লুৰিণজ্যোতি গগৈৰ মাতৃৰ নশ্বৰ দেহ তিনিচুকীয়াৰ লাইপুলি মৰাণকাৰি গাঁৱত থকা নিজ বাসগৃহলৈ অনাৰ লগে লগে শোকৰ ছাঁ বিয়পি পৰে সমগ্র গাঁওখনত৷ অগণন লোকৰ উপস্থিতিত আজি দুলু গগৈৰ অন্তিম সৎকাৰ কৰা হয়৷

পুত্র লুৰিণজ্যোতি গগৈয়ে মুখাগ্ণি কৰি মাতৃক চিৰবিদায় দিয়ে৷ প্রয়াত মাতৃ দুলু গগৈক শ্রদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ বৃহস্পতিবাৰে লুৰিণজ্যোতি গগৈৰ বাসগৃহত উপস্থিত হয় বিভিন্ন দল–সংগঠন, সামাজিক সংস্থাৰ প্রতিনিধিবর্গৰ লগতে সদস্যসকল৷ অজাপৰ সভাপতিগৰাকীয়ে প্রয়াত মাতৃ দুলু গগৈক অন্তিম সেৱা জনাবলৈ মৰাণকাৰি গাঁৱত উপস্থিত হয় নৱগঠিত ৰাজনৈতিক দলৰ উপাধ্যক্ষ ইজৰাইল নন্দ, সদৌ অসম ছাত্র সন্থাৰ সভাপতি দীপাংক কুমাৰ নাথ, সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা, উপাধ্যক্ষ বিনয় ডুবে, তিনিচুকীয়া জিলা ছাত্র সন্থাৰ সম্পাদক সমৰজ্যোতি গোহঁাই, আঞ্চলিক ছাত্র সন্থাৰ প্রতিনিধিবর্গ, সদৌ মৰাণ ছাত্র সন্থাৰ কেন্দ্রীয় অধ্যক্ষ নৱ মৰাণ, সদৌ অসম তাই আহোম ছাত্র সন্থাৰ কেন্দ্রীয় যুটীয়া সম্পাদক মিলন বুঢ়াগোহঁাইৰ লগতে বিভিন্ন দল–সংগঠনৰ প্রতিনিধিবর্গ৷ মৃত্যুৰ সময়ত দুলু গগৈৰ বয়স হৈছিল ৭৫ বছৰ৷
অখিল গগৈৰ গভীৰ শোক প্রকাশ
অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ মাতৃ দুলু গগৈৰ মৃত্যুত ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে গভীৰ শোক প্রকাশ কৰিছে৷ কাৰাৰুদ্ধ ৰাইজৰ দলৰ সভাপতিজনে এক বিবৃতিযোগে মাতৃগৰাকীৰ মৃত্যুত তেওঁ গভীৰভাৱে মর্মাহত হোৱা বুলি উল্লেখ কৰে৷ অখিল গগৈয়ে বিবৃতিটোত কয়– এই খবৰে মোক শোকস্তব্ধ কৰি তুলিছে আৰু মোৰ কাৰাৰুদ্ধ জীৱনত হোৱা ই এটা মর্মান্তিক আঘাত৷ মই এই মুহূর্তত লুৰিণজ্যোতি গগৈ আৰু তেওঁৰ পৰিয়ালবর্গলৈ গভীৰভাৱে সমবেদনা জ্ঞাপন কৰিছোঁ আৰু লুৰিণৰ এই গভীৰ দুখৰ সমভাগী হৈছোঁ৷ মাতৃগৰাকীৰ মৃত্যুৱে ৰাইজৰ দলৰ প্রতিজন সদস্যকে গভীৰভাৱে শোকাহত কৰি তুলিছে৷

You might also like