নিয়মীয়া বাৰ্তা, ২ এপ্ৰিলঃ আমেৰিকাত জ’ বাইডেন প্রশাসনে এইচ–১বি ভিছা প্রদানৰ ক্ষেত্রত যি নিষেধাজ্ঞা আছিল তাক প্রত্যাহাৰ কৰিছে৷ প্রাক্তন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পৰ হিংস্র প্রব্রজন নীতিৰ বাবেই এইচ–১বি ভিছা প্রদান বন্ধ কৰিবলৈ কোৱা হৈছিল৷ ৰাষ্ট্রপতি জ’ বাইডেনে বন্ধ হৈ থকা এইচ–১বি ভিছা পুনৰ মুকলি কৰাৰ সিদ্ধান্ত লোৱাৰ লগে লগে ভাৰতীয় তথ্য–প্রযুক্তিৰ কর্মীসকলে ইয়াৰ সুফল লাভ কৰিবলৈ সক্ষম হোৱাটো নিশ্চিত হৈ পৰিছে৷
উল্লেখনীয় যে ৰাষ্ট্রপতি নির্বাচনত জয়লাভ কৰিলে বাইডেনে প্রব্রজনকাৰী লোকসকলৰ কর্মক্ষেত্রত ট্রাম্পে সৃষ্টি কৰা সংকট আঁতৰ কৰিব বুলি প্রতিশ্রুতি দিছিল৷ ক’ভিড–১৯ মহামাৰীৰ লকডাউনৰ গইনা লৈ ট্রাম্পে এইচ–১বি ভিছা প্রদান কার্যসূচী বন্ধ কৰি থৈছিল৷ পূর্বে ৩১ ডিচেম্বৰলৈকে এই ভিছা প্রদান কার্যসূচী বন্ধ কৰা হৈছিল যদিও পৰৱর্তী সময়ত ২০২১ৰ ৩১ মার্চলৈ ইয়াৰ সময়সীমা বৃদ্ধি কৰা হয়৷ বাইডেনে এইচ–১বি ভিছা পুনৰ সক্রিয় কৰি তুলিব বুলি প্রতিশ্রুতি দিছিল৷ এই প্রতিশ্রুতি ৰাষ্ট্রপতিগৰাকীয়ে ৰক্ষা কৰিব বুলি আজি পুনৰ ঘোষণা কৰিছে৷
ইফালে, ৰাষ্ট্রপতি বাইডেনে কালি আমেৰিকাৰ অর্থনৈতিক বৃদ্ধিৰ বিষয়টোলৈ লক্ষ্য ৰাখি আন্তঃগাঁথনিৰ ক্ষেত্রৰ বাবে ২.৩ ত্রিলিয়ন অর্থাৎ ২ লাখ ৩ হাজাৰ কোটি ডলাৰৰ এক সাহায্য পুঁজি মুকলি কৰিছে৷ জলবায়ু পৰিৱর্তনৰ মোকাবিলা কৰাৰ লগতে মহামাৰীৰ সময়ত ৰুগ্ণ হৈ পৰা আন্তঃগাঁথনিক নতুন ৰূপ দিয়াৰ সংকল্প গ্রহণ কৰিছে ডেম’ক্রেটিক ৰাষ্ট্রপতি জ’ বাইডেনে৷