নন্দীগ্রামৰ ভোটকেন্দ্রত মমতাক দুঘণ্টা আবদ্ধ কৰিলে বিজেপি কর্মীয়ে
পশ্চিমবংগৰ নির্বাচনত তীব্র উত্তেজনা
নিয়মীয়া বাৰ্তা ২ এপ্ৰিলঃ দেশবাসীৰ দৃষ্টি নিবদ্ধ হৈ থকা পশ্চিমবংগৰ নন্দীগ্রাম বিধানসভা সমষ্টিত ভোটগ্রহণৰ দিনা আজি কেইবাটাও বিক্ষিপ্ত হিংসাত্মক ঘটনা সংঘটিত হয়৷ ৰাজ্যখনৰ দ্বিতীয় পর্যায়ৰ ভোটগ্রহণত বৃহস্পতিবাৰে নন্দীগ্রামকে ধৰি ৩০টা সমষ্টিত পুৱাৰে পৰা ভোটগ্রহণৰ সময়ত কেইবাটাও বিক্ষিপ্ত ঘটনা সংঘটিত হৈ যায়৷ ৰাজ্যখনৰ হাইপ্রফাইল সমষ্টি হিচাপে চর্চিত নন্দীগ্রামত তৃণমূল কংগ্রেছ প্রার্থী মুখ্যমন্ত্রী মমতা বেনার্জী আৰু বিজেপি প্রার্থী তথা একালৰ মমতাৰ ঘনিষ্ঠ সহযোগী শুভেন্দু অধিকাৰী ভোটগ্রহণৰ দিনাই উত্তেজনাময় পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়াত পৰে৷ মুখ্যমন্ত্রী মমতা বেনার্জীয়ে নন্দীগ্রামৰ ভোটগ্রহণ কেন্দ্র এটাত উপস্থিত হোৱাৰ পাছতে তৃণমূল কংগ্রেছ কর্মী আৰু বিজেপি কর্মীৰ মাজত উত্তেজনাময় পৰিস্থিতি সৃষ্টি হয়৷ এই পৰিস্থিতি ইমানেই উত্তপ্ত হৈ পৰে যে হুইল চেয়াৰত থকা মুখ্যমন্ত্রী বেনার্জী দুঘণ্টাতকৈ অধিক সময় আবদ্ধ হৈ থাকিবলগীয়া হয়৷ এক শংকাৰ মাজত আবদ্ধ হৈ থকা মুখ্যমন্ত্রী বেনার্জীক অৱশেষত অর্ধসামৰিক বাহিনীৰ জোৱানে ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ দুই দলৰ কর্মীৰ উত্তেজনাময় পৰিস্থিতিৰ মাজত আবদ্ধ হৈ থকা মুখ্যমন্ত্রী বেনার্জীয়ে ৰাজ্যপাল জগদীপ ধানখৰক টেলিফোনযোগে পৰিস্থিতি সন্দর্ভত অৱগত কৰি আইন–শৃংখলা বর্তাই ৰখাত নির্বাচন আয়োগ সম্পূর্ণৰূপে ব্যর্থ হোৱা বুলি অভিযোগ কৰে৷
ইপিনে, বিজেপি প্রার্থী শুভেন্দু অধিকাৰীও নন্দীগ্রামত এক আক্রমণৰ সন্মুখীন হয়৷ তথ্য মতে নন্দীগ্রামৰ ছাটেংবাৰী অঞ্চলত আজি বিয়লি বিজেপি প্রার্থী অধিকাৰীৰ কনভয়ত একাংশ লোকে শিল নিক্ষেপ কৰি আক্রমণ চলায়৷ এই সময়ত তেওঁৰ পিছে পিছে যোৱা সংবাদ মাধ্যমৰ গাড়ী এখনো ক্ষতিগ্রস্ত হয়৷ ঘটনা সন্দর্ভত বিজেপি প্রার্থীগৰাকীয়ে সাংবাদিকক অৱগত কৰা মতে, শস্য পথাৰৰ পৰা একাংশ লোকে তেওঁৰ কনভয়লৈ লক্ষ্য কৰি শিল নিক্ষেপ কৰে৷ এই লোকসকলে মমতা বেনার্জীৰ উচটনিতে তেওঁৰ কনভয়ত আক্রমণ কৰে যদিও অর্ধসামৰিক বাহিনীয়ে পৰিস্থিতি চম্ভালিবলৈ সক্ষম হয়৷ আনপিনে, পশ্চিম মেদিনীপুৰ জিলাৰ কেশপুৰ বিধানসভা সমষ্টিত অচিনাক্ত লোকে সংবাদ মাধ্যমৰ যান–বাহনত আক্রমণ চলায়৷ ইটা আৰু লাঠীৰে আক্রমণ চলোৱাত সংবাদ মাধ্যমৰ বাহন এখন ক্ষতিগ্রস্ত হয়৷ আন এক ঘটনাত এগৰাকী মহিলা সাংবাদিক আহত হৈছে৷
এই ঘটনা সন্দর্ভত আৰক্ষীয়ে তিনিজন লোকক গ্রেপ্তাৰ কৰিছে৷ ঠিক তেনেদৰে বিজেপি নেতা প্রীতিশ ৰঞ্জন কুৱৰৰ কনভয়তো একাংশ লোকে শিল নিক্ষেপ কৰে৷ আটাইবোৰ ঘটনাৰ প্রতিবেদন বিচাৰিছে নির্বাচন আয়োগে৷ নির্বাচনী হিংসাৰে উত্তপ্ত পশ্চিমবংগৰ পশ্চিম মেদিনীপুৰত এজন তৃণমূল কংগ্রেছ কর্মীক ছুৰীৰে আঘাত কৰি হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে৷ অচিনাক্ত লোকে তৃণমূল কংগ্রেছ কর্মীজনক হত্যা কৰাৰ অভিযোগ উঠাৰ পাছতে আৰক্ষীয়ে এই হত্যাৰ ঘটনাত আঠজন লোকক গ্রেপ্তাৰ কৰিছে৷