নিয়মীয়া বাৰ্তা ৩ এপ্ৰিলঃ কংগ্রেছ নেতৃত্বাধীন মহাজোঁটে এইবাৰ অসমত ১০১খন আসন লাভ কৰি চৰকাৰ গঠন কৰিব৷ –এই দাবী এ আই চি চিৰ সাধাৰণ সম্পাদক ৰণদীপ সিং সূর্যেৱালাৰ৷ আজি গুৱাহাটীৰ ৰাজীৱ ভৱনত আয়োজিত এখন সংবাদ মেলত তেওঁ সেই দাবী কৰি কয় যে অহা ২ মে’ত নির্বাচনী ফলাফল প্রকাশৰ পাছত ৪ মে’ত মহাজোঁটে চৰকাৰ গঠন কৰিব৷ ৫ মে’ত প্রথমখন কেবিনেটতে কংগ্রেছে দিয়া ৫ গেৰাণ্টী সম্পর্কত সিদ্ধান্ত গ্রহণ কৰিব৷ প্রথম আৰু দ্বিতীয় পর্যায়ৰ নির্বাচনত মহাজোঁটে চাৰিভাগৰ তিনিভাগ আসনেই লাভ কৰিব বুলি উল্লেখ কৰি তৃতীয় পর্যায়ত ফলাফল অধিক ভাল হ’ব বুলিও উল্লেখ কৰে৷ প্রথম আৰু দ্বিতীয় পর্যায়ৰ নির্বাচনৰ পাছতেই কংগ্রেছ মহাজোঁটে চৰকাৰ গঠন কৰাটো স্পষ্ট হৈ পৰিছে৷ বিজেপিয়ে কোনো প্রকাৰে ৰোধ কৰিব নোৱাৰে৷
এতিয়া বিজেপিক ই ভি এমেও ৰক্ষা কৰিব নোৱাৰে৷ সেইদৰে ৰাতাবাৰী সমষ্টিৰ ই ভি এম বিজেপি প্রার্থী কৃষ্ণেন্দু পালৰ বাহনেৰে অনা সম্পর্কতো নির্বাচন আয়োগক কঠোৰ সমালোচনা কৰি তেওঁ কয় যে সমগ্র অসমত বাহনৰ ইমানেই অভাৱ হ’ল যে বিজেপি প্রার্থীগৰাকীৰ বাহনেৰে ই ভি এম আনিবলগীয়া হ’ল৷ কলাইগাঁৱতো এটা কেন্দ্রৰ পৰা ই ভি এম অন্তর্ধান হয়৷ ডিব্রুগড়ৰ ষ্ট্রং ৰুমৰ কাষতো সন্দেহজনক লোকৰ গতিবিধি চলিল৷ এইবোৰ সম্পর্কত নির্বাচন আয়োগে কি ব্যৱস্থা ল’লে বুলি প্রশ্ণ কৰি তেওঁ কয় যে ই ভি এম চুৰিৰ সৈতে নির্বাচন আয়োগ অংশীদাৰ নেকি, নে তেওঁলোক ধৃতৰাষ্ট্রৰ ৰূপত অৱতীর্ণ হৈছে? আয়োগৰ এনে স্থিতিয়ে তেওঁলোকৰ নিৰপেক্ষতাৰ ওপৰতো প্রশ্ণৰ অৱতাৰণা কৰিছে বুলি তেওঁ মন্তব্য কৰে৷