নিয়মীয়া বাৰ্তা ৩ এপ্ৰিলঃ তৃতীয় তথা অন্তিম পর্যায়ৰ নির্বাচনৰ বাবে নামনি অসমত তুংগত উঠিছে প্রচাৰ অভিযান৷ ৪০টা সমষ্টিৰ বাবে অহা ৬ এপ্রিলত হ’ব লগা ভোটগ্রহণৰ বাবে মাৰাথন প্রচাৰ অভিযানত নামিল বিজেপিৰ ৰাষ্ট্রীয় সভাপতি জে পি নাড্ডা৷ আজি পাটাছাৰকুছিত ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসৰ হৈ প্রচাৰ অভিযান চলাই ক্ষুৰধাৰ সমালোচনাৰে সৰৱ হ’ল ৰাষ্ট্রীয় সভাপতিগৰাকী৷ আজি পাঠশালাৰ ভগৱতী ক্ষেত্রত এখন বিশাল নির্বাচনী সভাত অংশ লৈ নাড্ডাৰ মন্তব্য– হু ইজ বদৰুদ্দিন বুলি প্রয়াত প্রাক্তন মুখ্যমন্ত্রী তৰুণ গগৈয়ে প্রত্যাখ্যান কৰা আজমল এতিয়া কংগ্রেছৰ বুকুৰ আপোন৷ তৰুণ গগৈৰ পুত্র গৌৰৱ গগৈয়ে আঁকোৱালি লৈ অসমৰ পৰিচয় বুলি দাঙি ধৰে আজমলক৷ কিন্তু আজমল অসমৰ পৰিচয় হ’ব কেনেকৈ? অসমৰ পৰিচয় হ’ল গোপীনাথ বৰদলৈ, শ্রীমন্ত শংকৰদেৱ, ভূপেন হাজৰিকা৷ বিজেপিক সাম্প্রদায়িক দল বুলি অভিযোগ কৰা কংগ্রেছ এতিয়া হৈ পৰিছে সাম্প্রদায়িক শক্তিৰ সৈতে বন্ধুত্ব কৰাত৷ এই কংগ্রেছে কেৰালাত মুছলিম লীগৰ সৈতে মিত্রতা, পশ্চিমবংগত ফুৰফুৰা শ্বৰীফৰ সৈতে মিত্রতা কৰিছে৷
আনহাতে, অসমত মিত্রতা কৰিছে অসমীয়াৰ স্বাভিমান গামোচাক দলিয়াই দিয়া আজমলৰ সৈতে৷ অসমৰ গামোচাক সন্মান দিব নজনা, ধর্মৰ আধাৰত ৰাজনীতি কৰা, অনুপ্রৱেশকাৰীক ৰঙা দলিচা পাৰি দিয়া বদৰুদ্দিন আজমল কেতিয়াও অসমৰ পৰিচয় হ’ব নোৱাৰে৷ আনহাতে, কংগ্রেছক সমালোচনা কৰি নাড্ডাই কয়– কংগ্রেছ জনতাক সেৱা কৰা দল নহয়৷ কংগ্রেছ এতিয়া সাম্প্রদায়িক দল৷ এই কংগ্রেছৰে নেতা ৰাহুল গান্ধী হৈছে এজন ৰাজনৈতিক পর্যটক৷ সেয়েহে তেওঁ শ্রীলংকাৰ চাহ বাগিচাত ফটো উঠি অসমৰ ফটো বুলি প্রচাৰ কৰে৷ অসমলৈ ৰাহুল গান্ধী আহে কেৱল ফটো তুলিবলৈ৷ দৰাচলতে কংগ্রেছ কোনো আদর্শ নোহোৱা দল৷ এই কংগ্রেছে কেৰালাত চি পি এমৰ বিৰুদ্ধে প্রতিদ্বন্দ্বিতাত নামিছে৷ আনহাতে, পশ্চিমবংগ আৰু অসমত তেওঁলোকৰ মিত্রদল হ’ল চি পি এম৷ কংগ্রেছৰ নেতা ৰাহুল গান্ধী আৰু প্রিয়ংকা গান্ধীয়ে আজমলক অসমৰ পৰিচয় বুলি দাঙি ধৰি অসমৰ স্বাভিমানক আঘাত হানিছে৷
প্রাক্তন প্রধানমন্ত্রী ড০ মনমোহন সিঙক সমালোচনা কৰি নাড্ডাই কয়– অসমৰ প্রতিনিধি হিচাপে নির্বাচিত হৈ ড০ সিঙে ১০ বছৰ প্রধানমন্ত্রী হৈও অসমে কেন্দ্রৰ পৰা পাব লগা তেলৰ ৰয়েল্টীৰ ৮ হাজাৰ কোটি টকা মোকলাই দিবলৈ সক্ষম হোৱা নাছিল৷ আজি পাঠশালাত জয় আই অসম ধ্বনিৰে ভাষণ আৰম্ভ কৰি নাড্ডাই কয়– ৫০ বছৰে মন্দিৰলৈ নোযোৱাসকলে এতিয়া কেৱল ভোটৰ স্বার্থত মন্দিৰলৈ গৈছে৷ ৰাজ্যত পুনৰ বিজেপি চৰকাৰ হ’লে বান সমস্যা সমাধান কৰা হ’ব৷ অৰুণোদয় আঁচনিৰ জৰিয়তে ৩০ লাখ মহিলাক ৩ হাজাৰ টকাকৈ, সত্রৰ উন্নয়ন, নামঘৰৰ উন্নয়নৰ বাবে বছৰি ২ লাখ টকাকৈ, ভূমিহীনক ভূমিৰ পট্টা দিয়াৰ লগতে বছৰি দুই লাখ যুৱক–যুৱতীক চাকৰি প্রদান কৰা হ’ব৷ অসমত সংস্কৃতিৰ সংৰক্ষণত বিজেপি দায়বদ্ধ৷ তেওঁ পুনৰ কয়– বড়োভূমিৰ অশান্তময় পৰিৱেশৰ সামৰণি ঘটাই শান্তি আনিবলৈ সক্ষম হৈছে বিজেপিয়ে৷ কংগ্রেছৰ দিনত নোহোৱা উন্নয়ন বিজেপিয়ে কৰিবলৈ সক্ষম হৈছে৷ পথ উন্নয়ন, ৰে’ল উন্নয়নৰ পৰা আৰম্ভ কৰি ২০১৪ চনৰ পৰা ২০২১ চনলৈ অসমত ৬৯ লাখ শৌচালয় নির্মাণ কৰিছে মোদী চৰকাৰে৷ ১১ কোটি ৭০ লাখ কৃষকৰ উন্নয়ন সাধিবলৈ সক্ষম হৈছে বিজেপি চৰকাৰে৷
বিশাল নির্বাচনী সভাখনত উপস্থিত থাকি অগপৰ সভাপতি অতুল বৰাই বদৰুদ্দিন আজমল কংগ্রেছৰ ন–কইনা বুলি অভিহিত কৰে৷ তেওঁ কয়– এই ন–কইনাক উজনিলৈ কংগ্রেছে লৈ যাবলৈ সক্ষম নহ’ল৷ প্রথম আৰু দ্বিতীয় পর্যায়ৰ নির্বাচনত আমি ৰাইজৰ হিয়াভৰা আশীর্বাদ লাভ কৰিছোঁ৷ দুই–এটা পর্যায়ত অসমৰ ৰাইজে আমাৰ সপক্ষে ৰায়দান কৰিছে৷ তৃতীয় পর্যায়তো ফলাফল আমাৰ পক্ষেই হ’ব৷ পাটাছাৰকুছিৰ দৰে সন্মানীয় আসনত ৰাইজে ৰঞ্জিত দাসক এইবাৰ বিপুল ভোটত জয় কৰাব৷ আনহাতে, পাটাছাৰকুছিত প্রতিদ্বন্দ্বিতা কৰা অসম জাতীয়তাবাদৰ প্রার্থী পবিন্দ্র ডেকাক সমালোচনা কৰি কয়– পবিন্দ্র ডেকাই অগপকে নহয়, ৰাইজকো প্রতাৰণা কৰিছে৷ সভাত ভাষণ প্রদান কৰি মিত্রজোঁটৰ প্রার্থী ৰঞ্জিত কুমাৰ দাসে কয় যে আজিৰ সভাত উপস্থিত হোৱা হাজাৰ হাজাৰ নাৰী শক্তিয়ে প্রতিপন্ন কৰিছে যে পাটাছাৰকুছিত এইবাৰ বিজেপিৰ মিত্রজোঁটৰ প্রার্থী জয়ী হ’ব৷ মহিলাৰ সমান্তৰালকৈ পুৰুষসকলেও সমানে হাত উজান দিয়াত বিজেপি জয় হোৱাটো নিশ্চিত৷ পাটাছাৰকুছি সমষ্টিত ৰাজ্যৰ উন্নত ৫টা সমষ্টিৰ ভিতৰত প্রতিষ্ঠা কৰিব বুলিও ৰঞ্জিত দাসে আজি প্রতিশ্রুতি দিয়ে৷ বজালীৰ বিজেপিৰ সভাপতি নগেন চৌধুৰীয়ে আঁত ধৰা সভাত আজি উপস্থিত থাকে অগপৰ কার্যকৰী সভাপতি কেশৱ মহন্ত, মন্ত্রী নৱ দলে, সাংসদ কুইন ওজা, মলয়া বর্মন, বিনোদ গটিয়া, জিণ্টু চৌধুৰী, ধর্মেশ্বৰ ৰয় আদিকে ধৰি কেইবাজনো বিজেপি নেতাই৷
বকোত নাড্ডাই ক’লেঃ মতিভ্রম হৈছে কংগ্রেছ দলৰ
মতিভ্রম হৈছে কংগ্রেছ দলৰ৷ আদর্শ নোহোৱা কংগ্রেছ দলে কেৰালাত চি পি এমৰ বিৰুদ্ধে প্রতিদ্বন্দ্বিতা কৰাৰ বিপৰীতে অসম আৰু পশ্চিমবংগত চি পি এমৰ সৈতে মিত্রতা কৰিছে৷ এই কংগ্রেছে সুবিধাবাদী ৰাজনীতি কৰি আহিছে৷ আজি কংগ্রেছৰ বিৰুদ্ধে বকোত এইদৰে সৰৱ হৈ পৰে বিজেপিৰ ৰাষ্ট্রীয় সভাপতি জে পি নাড্ডা৷ মিত্রজোঁটৰ অগপৰ প্রার্থী জ্যোতিপ্রসাদ দাসৰ হৈ প্রচাৰ অভিযান চলাই এইদৰে মন্তব্য কৰা জে পি নাড্ডাই কয়– কংগ্রেছ আদর্শহীনেই নহয়, এই দল এতিয়া সাম্প্রদায়িক দল৷ ২০০৬ চনত প্রয়াত প্রাক্তন মুখ্যমন্ত্রী তৰুণ গগৈয়ে হু ইজ বদৰুদ্দিন বুলি প্রত্যাখ্যান কৰা আজমলক তেওঁৰ পুত্র গৌৰৱ গগৈয়ে এতিয়া আঁকোৱালি লৈছে৷ ইয়ে স্পষ্ট কৰে কংগ্রেছ কিমান সাম্প্রদায়িক৷ অসমৰ স্বাভিমান গামোচাক দলিয়াই পেলোৱা বদৰুদ্দিন আজমলক অসমৰ পৰিচয় ৰূপে দাঙি ধৰিছে কংগ্রেছে৷ কিন্তু আজমল কেতিয়াও অসমৰ পৰিচয় হ’ব নোৱাৰে৷ অসমৰ পৰিচয় হ’ল শ্রীমন্ত শংকৰদেৱ, গোপীনাথ বৰদলৈ, ভূপেন হাজৰিকা৷ বকোত ড০ ভূপেন হাজৰিকাক সুঁৱৰি ৰংগমঞ্চত অনুষ্ঠিত এই নির্বাচনী সভাত নাড্ডাই প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ নেতৃত্বত অসমত হোৱা উন্নয়নৰ ব্যাখ্যা কৰি কয় যে আহিবলগীয়া পাঁচ বছৰত বিজেপিয়ে অসমক বানপানীমুক্ত ৰাজ্য হিচাপে গঢ়ি তোলাৰ সংকল্প লৈছে৷ সেয়াই নহয়, ভূমিহীনক মাটিৰ পট্টা প্রদান, অষ্টম শ্রেণীৰ ঊর্ধ্বৰ শিক্ষার্থীসকলক বিনামূলীয়া চাইকেল আৰু অৰুণোদয় আঁচনিৰ জৰিয়তে ৩০ লাখ মহিলাক ৩ হাজাৰ টকাকৈ আর্থিক সাহায্য আগবঢ়োৱাৰ বাবেও বিজেপিয়ে সংকল্প লৈছে৷ তদুপৰি পুনৰ চৰকাৰ গঠন হ’লে ২ লাখ যুৱক–যুৱতীক চৰকাৰী চাকৰি আৰু ব্যক্তিগত খণ্ডত ৮ লাখ নিয়োগ সৃষ্টি কৰিব বিজেপিয়ে৷
বিশাল নির্বাচনী সভাখনত গুৱাহাটী লোকসভাৰ সাংসদ কুইন ওজাই জ্যোতিপ্রসাদ দাসক হাতীৰ ছবিত ভোট দি জয়যুক্ত কৰিবলৈ আহ্বান জনায়৷ এই নির্বাচনী সভাখনত ৰাজস্থানৰ সাংসদ সঞ্জয় ভাটিয়া, বিজেপিৰ জ্যেষ্ঠ নেত্রী বিজুলী কলিতা মেধি, মধ্যপ্রদেশৰ বিধায়ক সুধাদর্শন গুপ্তা, ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ কার্যবাহী সদস্য নগৰমল স্বর্গীয়াৰী, সুমিত ৰাভা, বিজেপিৰ দক্ষিণ কামৰূপৰ জিলা সভাপতি ধর্মেশ্বৰ তালুকদাৰৰ লগতে কেইবাজনো নেতা উপস্থিত থাকে৷ আনহাতে, আজি পূব গুৱাহাটীৰ বিজেপিৰ প্রার্থী তথা মন্ত্রী সিদ্ধার্থ ভট্টাচার্যৰ হৈও জে পি নাড্ডাই চানমাৰিত আন এখন বিশাল নির্বাচনী সভা সম্বোধন কৰে৷ এই সভাত ৰাষ্ট্রীয় সভাপতিগৰাকীয়ে অসমত পুনৰ বিজেপি আৰু মিত্রদলৰ চৰকাৰ হ’ব বুলি ঘোষণা কৰে৷ তেওঁ কয় যে যোৱা ৫ বছৰত দুহেজাৰ উগ্রপন্থীক শান্তিৰ পথলৈ ঘূৰাই অনাৰ লগতে চাৰি হাজাৰৰো অধিক অবৈধ মাৰণাস্ত্র জব্দ কৰিবলৈ সক্ষম হৈছে ৰাজ্য চৰকাৰখনে৷ চাহ বাগানৰ বোকাময় পথ পকী ৰাস্তালৈ ৰূপান্তৰ কৰাৰ লগতে ধন পুৰস্কাৰ মেলাৰ জৰিয়তে চাহ শ্রমিকক বেংক একাউণ্টৰ সৈতে সংযোগ কৰা হৈছে৷ চাহ বাগিচাৰ গর্ভৱতী মহিলাক ১২ হাজাৰ টকাকৈ আর্থিক সাহায্য প্রদান কৰাৰ লগতে চাহ অধ্যুষিত এলেকাত ১৩০টা ম’বাইল মেডিকেল কেন্দ্র স্থাপন কৰা হৈছে৷ এইবাৰ বাজেটত চাহ বাগিচা এলেকা উন্নয়নৰ বাবে এহেজাৰ কোটি টকা নির্ধাৰণ কৰা হৈছে বুলিও জে পি নাড্ডাই উল্লেখ কৰে৷