নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তামুলপুৰত আজি মোদীৰ জনসভা

অসমত অন্তিম প্রচাৰ

নিয়মীয়া বাৰ্তা ৩ এপ্ৰিলঃ তৃতীয় পর্যায়ৰ নির্বাচনত প্রচাৰ অভিযান চলাবলৈ পুনৰ ৩ এপ্রিলত তামুলপুৰলৈ আহিব প্রধানমন্ত্রী নৰেন্দ্র মোদী৷ ইয়াকে লৈ তামুলপুৰ মহকুমাৰ নাগ্রীজুলিৰ লাউপাৰাত মোদী সমন্বয় ক্ষেত্রত চলিছে বিশাল আয়োজন৷ ১২০ বিঘা মাটিকালিৰে আগুৰা বিশাল ক্ষেত্রখনত ইতিমধ্যে অতিথিকে ধৰি দর্শক–প্রতিনিধিৰ বাবে বিশাল মঞ্চ আৰু ৰভা সুন্দৰকৈ সজা হৈছে৷ সমান্তৰালভাৱে অসম চৰকাৰৰ গৃহ বিভাগ আৰু সাধাৰণ প্রশাসনে বাক্সা জিলা প্রশাসনৰ সহযোগত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তুলিছে৷

ইতিমধ্যে মোদী ক্ষেত্রলৈ ওলোৱা–সোমোৱা বাট–পথসমূহ সাজু কৰি তোলাৰ লগতে আৰক্ষী প্রশাসনে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তুলিছে৷ ৰাজ্যৰ উচ্চপদস্থ আৰক্ষী বিষয়াসকল নাগ্রীজুলিৰ লাউপাৰাস্থিত মোদী সমন্বয় ক্ষেত্রত উপস্থিত হৈ নিৰাপত্তাৰ দিশটো টনকিয়াল কৰি তুলিছে৷ নির্বাচনী সভাখনত প্রধানমন্ত্রীক সংগ দিব কেন্দ্রীয় কৃষি আৰু গ্রামোন্নয়ন মন্ত্রী নৰেন্দ্র সিং টোমৰ, সাংসদ ভুবনেশ্বৰ কলিতা, তামুলপুৰৰ প্রাক্তন বিধায়ক ইমানুৱেল মোছাহাৰী, তামুলপুৰ সমষ্টিৰ বিজেপিৰ প্রভাৰী ৰবি নেগী, বিটিচিৰ কার্যবাহী সদস্য ধর্মনাৰায়ণ দাস, বাক্সা জিলা বিজেপিৰ নেতা–কর্মী, ইউপিপিএলৰ নেতা–কর্মী, অসম গণ পৰিষদৰ নেতা–কর্মীসকলে৷

You might also like