নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তিনি তালাকৰ বলি মহিলাই পালে আইনী ন্যায়

নিয়মীয়া বাৰ্তা, ৩ এপ্ৰিলঃ তিনি তালাকৰ বলি হোৱা উত্তৰ প্রদেশৰ আতিয়া ছাব্রিয়ে পালে আইনী ন্যায়৷ তিনি তালাকৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আবেদন জনোৱা ৬ আবেদনকাৰীৰ ভিতৰত অন্যতম আতিয়া ছাব্রিয়ে তেওঁৰ স্বামীৰ পৰা মাহিলি লাভ কৰিব ভৰণ–পোষণৰ ধন (এলিম’নি)৷

উত্তৰ প্রদেশৰ ছাহাৰানপুৰৰ এখন পাৰিবাৰিক আদালতে  আতিয়া ছাব্রিক মাহিলি ভৰণ–পোষণৰ বাবে ২১ হাজাৰ টকা দিবলৈ তিনি তালাক দিয়া স্বামীক নির্দেশ দিয়ে৷ পাৰিবাৰিক আদালতে আতিয়া ছাব্রিক ন্যায় দিয়াৰ লগতে তিনি তালাক দিয়া স্বামী ৱাজিদ আলীক মাহিলি ভৰণ–পোষণৰ ধন দিবলৈ নির্দেশ দিয়ে৷

তদুপৰি পাঁচ বছৰ পূর্বে গোচৰ দাখিল কৰাৰ পৰিপ্রেক্ষিতত ১৩.৪ লাখ টকা বকেয়া ধন দিবলৈও ৱাজিদ আলীক নির্দেশ দিয়ে৷ উল্লেখ্য যে ২০১৫ চনৰ দ্বিতীয় কন্যা সন্তানৰ জন্ম হোৱাৰ পিছত ৱাজিদ আলীয়ে তালাক তালাক বুলি বিবাহ বিচ্ছেদ কৰিছিল৷ এই লৈ আতিয়াই ২০১৫ চনৰ ২৪ নৱেম্বৰত ছাহাৰানপুৰ আদালতত অভিযোগ দাখিল কৰিছিল৷

You might also like