নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

“কর্মইহে জীৱন মহীয়ান কৰে”- ড০ হিমন্ত বিশ্ব শর্মা

নিয়মীয়া বাৰ্তা, ২৯ ডিচেম্বৰঃ শোণিতপুৰৰ বালিপৰাৰ সমীপৰ ঘোঁৰামাৰীত শনিবাৰে ৰঙাপৰা বিধানসভা সমষ্টিৰ সদ্যপ্রয়াত বিজেপি বিধায়ক ৰাজেন বৰঠাকুৰৰ পৱিত্র স্মৃতিত এখন সর্বধর্মীয় প্রার্থনা আৰু স্মৃতিচাৰণ সভা অনুষ্ঠিত হয়৷

সভাখনত মুখ্য অতিথি হিচাপে গডকাপ্টানী, বিত্ত, স্বাস্থ্যমন্ত্রী তথা নেডাৰ আহ্বায়ক ড০ হিমন্ত বিশ্ব শর্মাই প্রয়াত বিধায়ক ৰাজেন বৰঠাকুৰৰ প্রতিচ্ছবিত ধূপ–পুষ্পৰে শ্রদ্ধাঞ্জলি জনায়৷ ভাষণ প্রসংগত মন্ত্রীগৰাকীয়ে কয়– ‘মৃত্যু মানৱ জীৱনৰ চিৰন্তন পৰিঘটনা৷ মৃত্যু স্থায়ী সম্পদ৷ জীৱনৰ নির্মম সত্যই হ’ল মৃত্যু৷ জগতত জীয়াই থকাৰ সময়ছোৱাত কৰা কর্মইহে মানৱ জীৱন মহীয়ান কৰি তোলে৷ কর্মৰ দ্বাৰাহে জীৱনে প্রকৃত সফলতা লাভ কৰে৷ ভগৱান ৰাম, শ্রীকৃষ্ণয়ো মানৱ জীৱনত জন্মলাভ কৰি মৃত্যুৰ কঠোৰ বাস্তৱক মানি লৈছিল৷ ৰঙাপৰা সমষ্টিৰ সদ্যপ্রয়াত বিজেপি বিধায়ক ৰাজেন বৰঠাকুৰ এগৰাকী ধর্মনিৰপেক্ষ, মানৱহিতৈষী ব্যক্তি আছিল৷ বৰঠাকুৰৰ সৈতে আমাৰ ৰাজনৈতিক, সামাজিক আনকি ব্যক্তিগতভাৱে আছিল ঘনিষ্ঠতা৷’তেওঁ সমষ্টিটোত ৰাইজৰ বিপুল জনমতেৰে বিধায়ক হিচাপে নির্বাচিত হোৱাৰ পাছৰে পৰা সমষ্টিৰ সকলো শ্রেণীৰ ৰাইজৰ সর্বাংগীণ উন্নয়ন সুনিশ্চিত কৰিবলৈ নিৰৱচ্ছিন্নভাৱে নিষ্ঠাৰে কর্মত ব্রতী হৈছিল আৰু একেধাৰে এগৰাকী নিষ্ঠাৱান সমাজকর্মী, ক্রীডা সংগঠক, সাংস্কৃতিক কর্মীও আছিল বুলি মন্ত্রীগৰাকীয়ে উল্লেখ কৰি কয় যে বৰঠাকুৰ ৰাজনীতিৰে সমাজসেৱা কৰি যোৱা এগৰাকী অন্যন্য পুৰোধা ব্যক্তি হিচাপে সকলোৰে চিৰস্মৰণীয় হৈ ৰ’ব৷ বৰঠাকুৰে বিধায়ক হিচাপে ৰঙাপৰা সমষ্টিত কৰিবলগীয়া উন্নয়নমূলক আধৰুৱা কামসমূহ বিজেপি চৰকাৰে অনাগত দিনত ৰাইজৰ সুবিধার্থে শ্রদ্ধাসহকাৰে সম্পূর্ণ কৰিব৷

বৰঠাকুৰে তেজপুৰ বিধানসভা সমষ্টিত একালত বিধায়ক হৈ থাকোঁতেও নিষ্ঠাৰে কর্ম সম্পাদন কৰিবলৈ সক্ষম হৈছিল বুলি বৰঠাকুৰৰ কর্মৰাজিৰ বিষয়ে মন্ত্রী ড০ শর্মাই সুঁৱৰি কয়– ‘তেওঁ অসম চৰকাৰৰ পাঠ্যপুথি প্রকাশন আৰু প্রণয়ন নিগমৰ অধ্যক্ষ হৈ থকাৰ সময়ত একাগ্রতাৰ পৰিচয় দি অসমৰ ৬০ লাখ ছাত্র–ছাত্রীক সময়মতে নির্ধাৰিত শ্রেণীৰ বিনামূলীয়া পাঠ্যপুথি যোগান ধৰিবলৈ সক্ষম হৈছিল৷

সভাত ভালেমান দলীয় নেতা–কর্মী, আঞ্চলিক পঞ্চায়ত, গ্রাম পঞ্চায়ত পর্যায়ৰ জনপ্রতিনিধি, বিভিন্ন মর্চাৰ বিষয়ববীয়া, বৰঠাকুৰ পৰিয়ালবর্গ, বহু গুণমুগ্ধ, ৰাইজ উপস্থিত থাকে৷

উল্লেখ্য যে এই অনুষ্ঠানটোত ড০ হিমন্ত বিশ্ব শর্মাই কোনোধৰণৰ ৰাজনৈতিক বক্তব্য প্রদান কৰাৰ পৰা বিৰত থাকে৷

You might also like