নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কৰোনাৰ দ্বিতীয় জোৱাৰৰ কালৰূপঃ হাস্পতালে হাস্পতালে মৃতদেহৰ দ’ম

নিয়মীয়া বাৰ্তা ১৭ এপ্ৰিলঃ অতি বিপজ্জনক হৈ উঠিছে দেশৰ ক’ভিড-১৯সৃষ্ট পৰিস্থিতি। প্রতিদিনে ইমানেই দ্রুতগতিত ক’ভিড-১৯ সংক্রমণ বৃদ্ধি পাইছে যে দেশৰ মহাৰাষ্ট্রউত্তৰ প্ৰদেশ-দিল্লী-কর্ণাটক আদি ৰাজ্যত অনাহুত পৰিস্থিতিৰ সৃষ্টি হৈছে। ঘাতক ভাইৰাছটোত আক্ৰান্তৰ সংখ্যা বৃদ্ধিয়ে হাস্পতালত ঠাইৰ নাটনি ঘটিছে। হাস্পতালে হাস্পতালে মর্গত নধৰা হৈছে মৃতদেহ। পূর্বৰ সকলো অভিলেখ ভংগ কৰি ২৪ ঘণ্টাত আক্ৰান্তৰ সংখ্যাই দুই লাখ অতিক্ৰম কৰিছে। বুধবাৰে এদিনত আক্ৰান্তৰ সংখ্যা প্রথমবাৰৰ বাবে দুই লাখ অতিক্ৰম কৰি অনাকাংক্ষিত অভিলেখ গঢ়াৰ পাছত বৃহস্পতিবাৰে এই সংখ্যা আৰু অধিক বৃদ্ধি পায়। যোৱা ২৪ ঘণ্টাত তথা এদিনতে দেশত আক্রান্ত হৈছে ২,১৭,৩৫৩জন। ইয়াকে লৈ দেশত মঠ আক্রান্তৰ সংখ্যা বৃদ্ধি পালে ১.৪২ কোটিলৈ।

ইপিনে, যোৱা ২৪ ঘণ্টাত ১,১৮৫জন লােকে ঘাতক কৰোনাত প্রাণ হেৰুওৱাত মৃতকৰ সংখ্যা ১.৭৪ লক্ষাধিক হৈছে। প্রথমতকৈ ক’ভিড-১৯ৰ দ্বিতীয় জোৱাৰত দেশত প্রতিদিনেই আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাই আছে। তথ্য মতে প্রথম। জোৱাৰতকৈ দ্বিতীয় জোৱাৰত সংক্ৰমণৰ মাত্রা বিগত ১৫ দিনত ১৭ গুণতকৈ অধিক। ঘাতক ক’ভিড-১৯ৰ দ্বিতীয় জোৱাৰত বিগত ১০ দিনত আক্ৰান্তৰ সংখ্যা দুগুণ হৈছে।

ক’ভিড-১৯ত সর্বাধিক আক্রান্ত আৰু মৃতকৰ তালিকাত শীর্ষত থকা মহাৰাষ্ট্ৰত আক্ৰান্তৰ সংখ্যাই প্রতিদিনে অনাকাংক্ষিত অভিলেখ গঢ়ি আছে। ৰাজ্যখনত ঘাতক মহামাৰীৰ সংক্রমণ ইমানেই ভয়াৱহ হৈ উঠিছে যে ৰােগী ৰাখিবলৈ হাস্পতালৰ অভাৱ হৈছে। পৰিস্থিতি ইমানেই অৱনতি ঘটিছে যে আক্রান্ত লোক সকলে হাস্পতালৰ চৌহদ আনকি ৰাস্তাতো থাকিবলগীয়া হৈছে। মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্রী উদ্ধৱ থাকৰেই পৰিস্থিতি অতি ভয়াৱহ বুলি ঘােষণা কৰি ৰাজ্যখনত নিশা জনতা সান্ধ্য আইন বলৱৎ কৰিছে। অহা এক মে’লৈকে এই জনতা সন্ধ্যা আইন বলবৎ হৈ থাকিব। অৱশ্যে জনতা সান্ধ্য আইনৰ সময়ছােৱাত অত্যাৱশ্যকীয় সেৱাসমূহ খােলা থাকিব। ইতিমধ্যে ৰাজ্যখনৰ ব’র্ডে স্কুল-কলেজ বন্ধ ৰখাৰ লগতে পৰীক্ষাসমূহ স্থগিত ৰাখিছে। সকলাে ৰাজহুৱা কাৰ্যসূচী বাতিল কৰাৰ লগতে ৰাজ্যখনত ১৪৪ ধাৰা বলৱৎ কৰা হৈছে। ক’ভিড-১৯ৰ শৃংখল ভংগ কৰাৰ বাবে মহাৰাষ্টত থকা নাছিকৰ নােট ছপা কৰা প্রিন্টিং প্রেছ বন্ধ কৰি দিবলগীয়া হৈছে। অহা ৩০ এপ্রিললৈকে নাছিকৰ কাৰেন্সী ছিকিউৰিটী প্ৰেছ আৰু ইণ্ডিয়া ছিকিউৰিটী প্ৰেছ বন্ধ থাকিব। এই সময়ছােৱাত দেশৰ নােট মুদ্রণ বন্ধ থাকিব। উল্লেখ্য যে দেশত প্রচলিত নােটৰ ৪০ শতাংশ নাছিকত মুদ্রণ কৰা হয়। প্রায় ৩ হাজাৰ কৰ্মচাৰীয়ে প্ৰেছত কৰ্মৰত হৈ আছে।

আনপিনে দেশৰ ৰাজধানী নতুন দিল্লীও ঘাতক ক’ভিড-১৯ৰ ভয়াৱহ কবলত পৰিছে। প্রতিদিনেই আক্ৰান্তৰ সংখ্যা বৃদ্ধি পােৱাত ৰাজধানী দিল্লীত নৈশ সান্ধ্য আইন ইতিমধ্যে বলৱৎ কৰা হৈছে যদিও সংক্রমণৰ মাত্রা অধিক বর্ধিত হােৱাত সাপ্তাহান্তিক লকডাউন বলৱ কৰা হৈছে। শুকুৰবাৰে সন্ধিয়া ৮ বজাৰ পৰা সােমবাৰে পুৱা ৬ বজালৈকে দিল্লীত লকডাউন বলৱ হৈছে। ৰাজধানী চহৰৰ প্রখ্যাত চিকিৎসালয় আৰু চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসক-স্বাস্থ্যকর্মী ক’ভিড়-১৯ত আক্রান্ত হােৱাত পৰিস্থিতি ইমানেই গম্ভীৰ হৈছে যে ৰােগীক চিকিৎসাৰ বাবে চিকিৎসক আৰু স্বাস্থ্যকর্মীৰ অভাৱ ঘটিছে। যােৱা ২৪ ঘণ্টাত দিল্লীত ১৬,৬৯৯জন লােক ক’ভিড-১৯ত আক্রান্ত হৈছে। এই পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে জৰুৰী বৈঠক অনুষ্ঠিত কৰি ভৱিষ্যৎ পদক্ষেপ হিচাপে সিদ্ধান্ত গ্রহণ কৰিব। দিল্লী চৰকাৰৰ উপ-মুখ্যমন্ত্রী মনীষ ছিছােদিয়াৰ নেতৃত্বত ক’ভিড-১৯ ব্যৱস্থাপনা চলিব বুলি কেজৰিৱালে ঘােষণা কৰিছে।

ইপিনে, উত্তৰ প্ৰদেশতাে দ্রুতগতিত সংক্রমণ বৃদ্ধি হৈ যােৱা ২৪ ঘণ্টাত ২২,৩৩৯জন লােক আক্রান্ত হৈছে। ৰাজ্যখনত ক’ভিড-১৯ৰ সংক্ৰমণ ভয়ানক হাৰত বৃদ্ধি পােৱাৰ পৰিপ্ৰেক্ষিতত মুখ্যমন্ত্রী যােগী আদিত্যনাথে দেওবাৰে সম্পূর্ণ লকডাউন ঘােষণা কৰিছে। কঠোৰভাৱে লকডাউন বলৱৎ ; নকৰা লােকক জৰিমনা বৃদ্ধি কৰিছে। ৰাজ্যখনত মাস্ক নিপিন্ধা লােকৰ পৰা আৰক্ষীয়ে ১০ হাজাৰ টকা জৰিমনা বিহিব। প্রথম পর্যায়ত মাস্ক নিপিন্ধিলে এক হাজাৰ টকা জৰিমনা বিহিব যদিও দ্বিতীয়বাৰ মাস্ক নিপিন্ধা অৱস্থাত পালে তেনে লােকক ১০ হাজাৰ টকা জৰিমনা বিহা হ’ব। লক্ষণীয় যে দেশৰ বৃহত্তম জনসংখ্যা আৰু বৃহত্তম ৰাজ্যখনৰ ১০ জিলাত সন্ধিয়া ৭ বজাৰ পৰা পুৱা ৮ বজালৈ সান্ধ্য আইন বলৱৎ কৰা হৈছে। লক্ষ্ণৌ, প্রয়াগৰাজ,বাৰাণসী, কানপুৰ, গৌতম বুদ্ধনগৰ, গাজিয়াবাদ, মাৰাট, গােৰখপুৰ আদি জিলাত নৈশ সান্ধ্য আইন বলৱৎ কৰা হৈছে। তেনেদৰে ছত্তিশগড় আৰু কৰ্ণাটকতাে যােৱা ২৪ ঘণ্টাত আক্ৰান্তৰ সংখ্যা ক্রমে ১৫,২৫৬ আৰু ১৪,৭৩৮জন। দুয়ােখন ৰাজ্যৰ কেইবাখনাে চহৰত ইতিমধ্যে সান্ধ্য আইন বলৱৎ কৰা হৈছে।

আনহাতে, গুজৰাটৰাে কেইবাখনাে চহৰত নৈশ সান্ধ্য আইন, পঞ্জাব, মধ্যপ্রদেশ, তেলেংগানা, ৰাজস্থান আদিত সাপ্তাহান্তিত লকডাউনৰ লগতে নৈশ | সান্ধ্য আইন বলৱৎ কৰা হৈছে। দ্বিতীয় জোৱাৰত ক’ভিড-১৯ৰ সংক্ৰমণ ইমানেই বৃদ্ধি পাইছে যে ৰাজ্যৰ মুখ্যমন্ত্রী মহামাৰী ভাইৰাছত আক্ৰান্ত হৈছে। কর্ণাটকৰ মুখ্যমন্ত্রী বি এছ য়েডিয়ুৰাপ্পা দ্বিতীয়বাৰৰ বাবে ক’ভিড-১৯ত আক্রান্ত হৈছে। ৰামায়া মেম’ৰিয়েল হাস্পতালত চিকিৎসাধীন হৈ থকা মুখ্যমন্ত্ৰীগৰাকীক ইতিমধ্যে উন্নত চিকিৎসাৰ বাবে মণিপাল হাস্পতাললৈ স্থানান্তৰ কৰা হৈছে।

মধ্যপ্রদেশৰ প্রাক্তন মুখ্যমন্ত্রী তথা কংগ্ৰেছৰ জ্যেষ্ঠ নেতা দিগ্বিজয় সিং, প্রাক্তন কেন্দ্রীয় মন্ত্রী তথা শিৰােমণি আকালি দলৰ নেত্রী হৰসিমৰাত কৌৰ বাদল, কংগ্ৰেছৰ মুখপাত্র ৰণদীপ সূর্যেৱালা ক’ভিড় পজিটিভ হৈছে। ইপিনে, ক’ভিড-১৯ত আক্ৰান্ত হৈ চি বি আইৰ প্ৰাক্তন সঞ্চালক ৰঞ্জিত সিনহা দিল্লীত মুখ্য ঘটিছে। বৃহস্পতিবাৰে নিশা ক’ভিড-১৯ত আক্রান্ত হােৱাৰ পাছতেই ৬৮ বছৰীয়া সিন্হাৰ মৃত্যু ঘটিছে।
কাইলৈ সামৰণি পৰিব হৰিদ্বাৰৰ কুম্ভমেলাঃ নিৰঞ্জনী আখড়া

ক’ভিড-১৯ৰ হটস্পট হৈ পৰাৰ পাছতেই হৰিদ্বাৰ কুম্ভমেলা কাইলৈ সামৰণি পৰিব বুলি ঘােষণা কৰিছে নিৰঞ্জনীআখড়াই। কেইবালক্ষ ভক্তই হৰিদ্বাৰ কুম্ভমেলাত অংশ লৈ গংগাত স্নান কৰাৰ প্রক্রিয়া চলি থকাৰ মাজতেই ঘাতক | ক’ভিড-১৯ৰ ভয়াৱহ সংক্রমণ ঘটি আছে। ইয়াকে লৈ উদ্বিগ্ন নিৰঞ্জনী আখড়াই দুসপ্তাহ পূর্বে হৰিদ্বাৰ কুম্ভমেলা।সামৰণি পৰিব বুলি ঘােষণা কৰিছে।

উল্লেখ্য যে যােৱা এক এপ্রিলত আৰম্ভ হােৱা এই কুম্ভমেলা ৩০ এপ্রিলত সামৰণি | পৰিব যদিও ক’ভিড-১৯ৰ ভয়াৱহ সংক্রমণৰ বাবেই কাইলৈ ১৭ এপ্রিলত কুম্ভমেলাৰ সামৰণিৰ ঘােষণা কৰিলে নিৰঞ্জনী আখড়াৰ সচিব ৰবীন্দ্ৰ পুৰীয়ে।
 পশ্চিমবংগ বিধানসভা নির্বাচনৰ পাঁচ প্রার্থী আক্রান্ত, এজনৰ মৃত্যু

ইতিমধ্যে চাৰিটা পর্যায়ৰ ভােটগ্রহণ সমাপ্ত হােৱাৰ পাছত কাইলৈ অনুষ্ঠিত হ’বলগীয়াি পশ্চিমবংগ বিধানসভা নির্বাচনৰ পঞ্চম পর্যায়ৰ ভােটগ্রহণৰ পূর্বে নির্বাচনৰ পাঁচ প্রার্থী ক’ভিড-১৯ত আক্ৰান্ত হৈছে। নির্বাচনত প্রতিদ্বন্দ্বিতা কৰা এগৰাকী প্রার্থৰ ক’ভিড-১৯ত মৃত্যু ঘটিছে। তথ্য মতে ক’ভিড-১৯ত আক্রান্ত প্রার্থীৰ ভিতৰত তিনিগৰাকী তৃণমূল কংগ্ৰেছ, এগৰাকী বিজেপি আৰু এগৰাকী আৰ এছ পিৰ। আৰ এছ পিৰ ৭৩ বছৰীয়া প্রদীপ কুমাৰ নন্দী আক্ৰান্ত হৈ | হােম আইছ’লেচনত আছে। মাটিগড়া-নক্সালবাদী বিধানসভা সমষ্টিত বিজেপিৰ প্রার্থী আনন্দময় বর্মন, গুলপখৰাৰতৃণমূল কংগ্ৰেছৰ প্রার্থী মহম্মদ গােলাম আব্বানি, টাপন সমষ্টিৰ প্রার্থী কল্পনা কি, জলপাইগুৰিৰ প্রার্থী ড° প্রদীপ কুমাৰ বৰ্মন মহামাৰী ভাইৰাছত আক্ৰান্ত হৈছে। এই আটাইকেইগৰাকী প্রার্থীক ইতিমধ্যে চিকিৎসালয়ত ভর্তি কৰি চিকিৎসা চলাই থকা হৈছে। আনপিনে, ছমছেৰগঞ্জ বিধানসভা সমষ্টিৰ কংগ্ৰেছ প্রার্থী ৰেজাউল হক মহামাৰী ভাইৰাছত আক্ৰান্ত হৈ কালি মৃত্যু ঘটিছে।
দিল্লীত কেন্দ্রীয় চৰকাৰৰ কাৰ্যালয়ত ৫৫ শতাংশৰ উপস্থিতি

কেন্দ্র | ক’ভিড-১৯ৰ সংক্ৰমণ দ্রুতগতিত বৃদ্ধি পাই থকাৰ পৰিপ্ৰেক্ষিতত ৰাজধানী দিল্লীত কেন্দ্রীয় চৰকাৰৰ কার্যালয়লৈ | নতুন নির্দেশনা জাৰি কৰিছে কেন্দ্রীয় গৃহ মন্ত্রালয়ে। গৃহ মন্ত্ৰালয়ৰ নির্দেশনা অনুসৰি কেন্দ্ৰীয় চৰকাৰৰ কাৰ্যালয়ত ৫০ শতাংশ কর্মচাৰী উপস্থিতি থাকিব। অবৰ সচিব পর্যায়ৰ বিষয়াসকলে ঘৰৰ পৰাই কার্যালয়ৰ কাম কৰিব পাৰিব।নতুন নির্দেশনা অনুসৰি চৰকাৰী কার্যালয়ত কৰ্মচাৰীসকলে পুৱা ৯ বজাৰ পৰা ১০ বজাৰ ভিতৰত প্ৰৱেশ কৰিব লাগিব আৰু নির্ধাৰিত সময় মতে কার্যালয় এৰিব। কনটেইনমেন্ট জনৰ কৰ্মচাৰীসকলক কার্যালয়ত উপস্থিত হােৱাৰ পৰা ৰেহাই দিয়া হৈছে। কার্যালয়ৰ সময় আৰু উপস্থিতিৰ ৰােষ্টাৰ বিভাগীয় কর্তৃপক্ষই নির্ধাৰণ কৰিব। উপ-সচিব পর্যায়ৰ সকলাে বিষয়া অথবা তেনে সমপর্যায়ৰ বিষয়াই নিয়মীয়াভাৱে কার্যালয়ত উপস্থিত থাকিব লাগিব।
চিকিৎসালয়ত অক্সিজেনৰ নাটনিৰ বিষয়ক লৈ প্রধানমন্ত্রী মােদীৰ পর্যালােচনা
কৰোনাৰ পৰিস্থিতি আৰু হাস্পতালত অক্সিজেনৰ নাটনি সন্দৰ্ভত আজি প্রধানমন্ত্রী নৰেন্দ্ৰ মােদীয়ে এখন পর্যালােচনা বৈঠকত অংশ লয়। হাস্পতালৰ অক্সিজেনক লৈ পর্যালােচনা বৈঠকত অংশ লােৱা মােদীয়ে দেশজুৰি চিকিৎসাজনিত অক্সিজেনৰ যােগান পর্যাপ্ত কৰাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰ আৰু মন্ত্রালয়ক নিশ্চিত কৰিবলৈ নির্দেশ দিয়ে। বৈঠকৰ অন্তত কেন্দ্রীয় চৰকাৰে বিবৃতিত প্ৰকাশ কৰা মতে, অহা ১৫ দিনৰ বাবে ক’ভিড-১৯ত সর্বাধিক আক্রান্ত ১২খন ৰাজ্যৰ ক্ষেত্ৰত অক্সিজেনৰ উপলব্ধতাক লৈ সংহত পর্যালােচনা চলায়। মহাৰাষ্ট্র, মধ্যপ্রদেশ, গুজৰাট, উত্তৰ প্রদেশ, দিল্লী, ছত্তিশগড়, কর্ণাটক, কেৰালা, তামিলনাড়, পঞ্জাব, হাৰিয়ানা আৰু ৰাজস্থানৰ চিকিৎসালয়ত যাতে কোনাে কাৰণত অক্সিজেনৰ অভাৱ ঘটে, সেয়া নিশ্চিত কৰিবলৈ প্রধানমন্ত্রীগৰাকীয়ে নির্দেশ দিয়ে। তদুপৰি দেশৰ সকলাে প্ৰান্তততে যাতে অক্সিজেন কঢ়িওৱা টেংকাৰ নির্বিঘ্নে মুক্তভাৱে যাতায়াত কৰিব পাৰে, তাৰ বাবেও প্রধানমন্ত্রীগৰাকীয়ে নির্দেশ দিয়ে। এই বৈঠকত বিভিন্ন মন্ত্রালয়ৰ বিষয়াসকলে অক্সিজেনৰ উৎপাদন বৃদ্ধি কৰাৰ ক্ষেত্রত প্রধানমন্ত্রী মােদীক সবিশেষ তথ্য দাঙি ধৰে। প্ৰতিটো অক্সিজেন প্লান্টতে অক্সিজেনৰ উৎপাদন বৃদ্ধি কৰাৰ বাবে প্রধানমন্ত্রীয়ে ৰামর্শ দিয়ে। দেশজুৰি ক’ভিড-১৯সৃষ্ট পৰিৱেশৰ পৰিপ্ৰেক্ষিতত আক্রান্ত ৰােগীৰ সংখ্যা বৃদ্ধি পােৱাৰ বাবে হাস্পতালৰ নাটনি হােৱা বুলি ব্যাপক চর্চা হােৱাৰ পাছতেই প্রধানমন্ত্রী মােদীয়ে এই বিষয়টোক লৈ গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত কৰে।

চিকিৎসাজনিত অক্সিজেন আৰু চিকিৎসা সামগ্রী যােগান ধৰাৰ ক্ষেত্ৰত যাতে কোনােধৰণৰ হানি-বিঘিনি ঘটে, সেই সন্দৰ্ভতাে বৈঠকত আলােচনা হয়। কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ে প্রকাশ কৰা মতে, দেশজুৰি ১০০ নতুন হাস্পতালত অক্সিজেন প্লান্ট স্থাপন কৰা হ’ব। এই প্লান্টকেইটা পি এম কেয়াছ ফাণ্ডৰ অধীনত স্থাপন কৰা হ’ব। আনপিনে, ক’ভিড-১৯ত আক্রান্ত সংখ্যা বৃদ্ধি পােৱাৰ প্রতি লক্ষ্য ৰাখি ৫০ হাজাৰ মেট্রিকটন চিকিৎসাজনিত অক্সিজেন আমদানি কৰা হ’ব বুলিও স্বাস্থ্য মন্ত্রালয়ে বিবৃতিত প্ৰকাশ কৰিছে। ইজি-২ (এম্পাৱার্ড গ্রুপ-২) বৈঠকত ১২খন ৰাজ্যলৈ ২০, ২৫ আৰু ৩০ এপ্রিলত ক্রমে ৪,৮৮০ মেট্রিকটন, ৫,৬১৯ মেট্রিকটন আৰু ৬,৫৯৩ মেট্রিকটন অক্সিজেন যােগান ধৰাৰ সিদ্ধান্ত গ্রহণ কৰা হয়।

You might also like