চিৰিয়াখানালৈ স্থানান্তৰ মানাহৰ ‘ৰাজা’ক
নিয়মীয়া বাৰ্তা, ১৭ এপ্ৰিলঃ মানাহ ৰাষ্ট্রীয় উদ্যানৰ লগত জড়িতৰ বাবে এটা চিনাকি নাম আছিল ‘ৰাজা’৷ প্রাপ্তবয়স্ক এটা মতা গঁড়৷ বানত মাতৃৰ পৰা বিচ্ছিন্ন গঁড়টোক পোৱালি অৱস্থাতে কাজিৰঙাত উদ্ধাৰ কৰি পাণবাৰীস্থিত বন্যপ্রাণী উদ্ধাৰ আৰু পুনৰ সংস্থাপন কেন্দ্রত প্রতিপালন কৰা হৈছিল৷
ইয়াৰ পাছত ২০১২ চনৰ ১০ মার্চত ‘ৰাজা’ নামকৰণ কৰা গঁডটোক ৱাইল্ড লাইফ ড্রাষ্ট অৱ ইণ্ডিয়াৰ (ডব্লিউ টি আই) তত্ত্বাৱধানত মানাহ ৰাষ্ট্রীয় উদ্যানলৈ স্থানান্তৰ কৰা হৈছিল৷ প্রথম কেইবছৰমান ঠিকেই আছিল যদিও লাহে লাহে ৰাজাৰ স্বভাৱ হৈ পৰিছিল উগ্র৷ মানুহ দেখিলেই খঙাল হৈ উঠা ৰাজাৰ আক্রমণত ২০১৭ চনৰ ২০ এপ্রিল আৰু ২ ছেপ্টেম্বৰত দুগৰাকী স্থানীয় লোকৰ উপৰি ১৭ ডিচেম্বৰত এগৰাকী বনৰক্ষী, চলিত বর্ষৰ ৯ এপ্রিলত এগৰাকী বনৰক্ষীকে ধৰি মুঠ চাৰিগৰাকী ব্যক্তিয়ে হেৰুৱাইছিল প্রাণ৷ তদুপৰি গঁডটোৰ আক্রমণত আহত হৈছিল বহুকেইজন৷
আনহাতে, অন্য গঁড়ৰ আক্রমণত ৰাজাও হৈ আছিল আঘাতপ্রাপ্ত৷ গঁড়টোৰ এখন ভৰিৰ উপৰি চকু এটা সম্প্রতিও অসুস্থ৷ সেয়েহে কালি বন বিভাগৰ লগতে অসম ৰাজ্যিক চিৰিয়াখানা, বিভিন্ন স্বেচ্ছাসেৱী সংগঠনৰ কর্মকর্তা, চিকিৎসকৰ দল মানাহত উপস্থিত হৈ ভূঞাপাৰা ৰেঞ্জৰ এটুকুৰা বনাঞ্চলত ট্ৰেংকুলাইজ কৰে ৰাজাক৷ ইয়াৰ পাছতে প্রয়োজনীয় সাময়িক চিকিৎসাৰ অন্তত পিঞ্জৰাবদ্ধ কৰি ট্ৰাকত উঠাই ৰাজাক লৈ যোৱা হ’ল গুৱাহাটীস্থিত অসম ৰাজ্যিক চিৰিয়াখানালৈ৷ এতিয়াৰে পৰা ৰাজাৰ স্থায়ী ঠিকনা হ’ব অসম ৰাজ্যিক চিৰিয়াখানা৷