নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পিষ্টল দেখুৱাই ডকাইতে লুটিলে ফুটবলাৰ স্মলিঙৰ অলংকাৰ

নিয়মীয়া বাৰ্তা, ১৮ এপ্ৰিলঃ অস্ত্রধাৰী ডকাইতে এ এছ ৰোমাৰ তাৰকা মিডফিল্ডাৰ ক্রিছ স্মলিঙৰ মূৰত পিষ্টল থৈ কিছু নগদ ধন, আ–লংকাৰ আৰু বহুতো মূল্যৱান সা–সামগ্রী লুট কৰি নিয়ে৷ ইটালিয়ান সংবাদ মাধ্যমে আজি প্রকাশ কৰা বাতৰি অনুসৰি শুকুৰবাৰে পুৱতিনিশা এদল অস্ত্রধাৰী ডকাইতে ৰোমস্থিত ফুটবলাৰগৰাকীৰ বাসগৃহত প্রৱেশ কৰি বহু মূল্যৱান সা–সম্পত্তি লুট কৰি নিয়ে৷

ফুটবলাৰগৰাকীয়ে এইপর্যন্ত আনুষ্ঠানিকভাৱে কোনো বিবৃতি প্রকাশ কৰা নাই যদিও ইটালিয়ান সংবাদ মাধ্যমে দাবী কৰিছে যে ডকাইতৰ দলটোৱে ক্রিছ স্মলিঙৰ বাসগৃহৰ পৰা কেইবাটাও মূল্যৱান হাতঘড়ী, সোণৰ অলংকাৰ আৰু অন্যান্য সম্পদ চুৰি কৰি নিয়ে৷ সেই সময়ত স্মলিঙৰ পত্নী, পুত্র, মাতৃ আৰু পৰিয়ালৰ অন্যান্য সদস্যসকল উপস্থিত আছিল৷ ফুটবলাৰগৰাকীৰ সৈতে পূর্বে মানচেষ্টাৰ ইউনাইটেডৰ হৈ একেলগে খেলা সতীর্থ তাৰকা মার্কাছ ৰাছফ’র্ডে প্রকাশ কৰা এক টুইটৰ পিছতে স্মলিঙৰ ঘৰত ডকাইতিৰ ঘটনা চর্চালৈ আহে৷

উল্লেখ্য যে আঁঠুৰ আঘাতৰ বাবে ক্রিছ স্মলিঙে ইউৰোপা লীগৰ কোৱার্টাৰ ফাইনেলত ৰোমাৰ হৈ খেলপথাৰত নমা নাছিল৷ ইয়াৰ পূর্বে যোৱা মাহত পেৰিছ ছেইণ্ট জার্মেইনৰ তাৰকা ষ্ট্রাইকাৰ এঞ্জেল ডি মাৰিয়াৰ ঘৰতো ডকাইতিৰ ঘটনা সংঘটিত হৈছিল৷ ইয়াৰ বাবে তেওঁ লীগ–১ৰ এখন মেচৰ পৰা নাম প্রত্যাহাৰ কৰিছিল৷

You might also like