নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতত টি–২০ বিশ্বকাপঃ ৯ ভেন্যু বাছনি ভাৰতীয় ক্রিকেট ব’ৰ্ডৰ

নিয়মীয়া বাৰ্তা, ১৮ এপ্ৰিলঃ ভাৰতৰ মাটিত চলিত বর্ষৰ অক্টোবৰ–নৱেম্বৰত অনুষ্ঠিত হ’বলগীয়া আই চি চি টি–২০ বিশ্বকাপৰ বাবে ৯টা স্থান বাছনি কৰিছে ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’র্ডে৷ বি চি চি আইৰ এপেক্স কাউন্সিলৰ বৈঠকত নির্ধাৰিত হোৱা এই স্থানকেইটা হ’ল– মুম্বাই, নতুন দিল্লী, চেন্নাই, কলকাতা, বাংগালুৰু, হায়দৰাবাদ, ধৰমশালা, আহমেদাবাদ আৰু লক্ষ্ণৌ৷

বি চি চি আইৰ এক সূত্রই আজি সদৰী কৰা অনুসৰি আগতীয়া প্রস্তুতিৰ বাবে এই স্থানসমূহক বাছনি কৰা হৈছে৷ উল্লেখ্য যে ২০১৬ত ভাৰতৰ মাটিত অনুষ্ঠিত টি–২০ বিশ্বকাপৰ সময়ত আহমেদাবাদ, লক্ষ্ণৌ, চেন্নাই আৰু হায়দৰাবাদে মেচ আয়োজনৰ সুযোগ পোৱা নাছিল৷

জানিব পৰা অনুসৰি টি–২০ বিশ্বকাপৰ ফাইনেল মেচ আহমেদাবাদত অৱস্থিত বিশ্বৰ সর্ববৃহৎ ক্রিকেট ষ্টেডিয়াম নৰেন্দ্র মোদী ষ্টেডিয়ামত অনুষ্ঠিত হ’ব৷ ইফালে, টি–২০ বিশ্বকাপত অংশ ল’বলগীয়া প্রতিটো দলৰ খেলুৱৈয়ে ভিছা লাভ কৰিব বুলি বি চি চি আয়ে   পুনৰ এবাৰ স্পষ্ট কৰি দিয়ে৷

You might also like