ক’ৰোনা ভেকচিন ল’লে প্রমোদ বড়োৱে
নিয়মীয়া বাৰ্তা, ২১ এপ্ৰিলঃ ওঠৰ বছৰৰ ঊর্ধ্বৰ সকলোকে ক’ভিড ভেকচিন ল’বলৈ আহ্বান জনাইছে বিটিআৰৰ মুখ্য কার্যবাহী সদস্য প্রমোদ বডোৱে৷ মঙলবাৰে কোকৰাঝাৰ ৰূপনাথ ব্রহ্মসামৰিক চিকিৎসালয়ত ক’ভিডৰ ভেকচিন গ্রহণ কৰি প্রমোদ বডোৱে সংবাদ মাধ্যমৰ জৰিয়তে বিটিআৰবাসী ৰাইজক এই আহ্বান জনায়৷
লগতে বডোৱে মাস্ক, ছেনিটাইজাৰ আৰু সামাজিক দূৰত্ব মানি চলিবলৈ আহ্বান জনাইছে৷ ইতিমধ্যে ক’ভিডে সৃষ্টি কৰা পৰিস্থিতিৰ সন্মুখীন হ’বলৈ সকলো সাজু কৰি তোলা হৈছে বুলি জানিবলৈ দি বিটিআৰৰ মুখ্য কার্যবাহীগৰাকীয়ে মানৱতা সকলোৰে ঊর্ধ্বত বুলি উল্লেখ কৰি পূর্বে ক’ৰোনা কালত যিসকলে সহায়–সহযোগ কৰিছে তেওঁলোকক এইবাৰো আগবাঢ়ি আহিবলৈ পুনৰ আহ্বান জনাইছে৷