অতি জটিল অৱস্থাত কণ্ঠশিল্পী ভিতালী দাসঃ জি এম চি এইচৰ অধীক্ষক অভিজিৎ শৰ্মা
নিয়মীয়া বাৰ্তা, ২১ এপ্ৰিলঃ কণ্ঠশিল্পী ভিতালী দাসৰ স্বাস্থ্যৰ অৱস্থা সংকটজনক। ক’ভিডত আক্ৰান্ত হোৱাত শিল্পীগৰাকীক ১৪ এপ্ৰিলত ভৰ্তি কৰোৱা হৈছিল কালাপাহাৰস্থিতি ক’ভিড হাস্পতালত। সম্প্ৰতি তেওঁক মেকানিকেল ভেণ্টিলেশ্যনত ৰখা হৈছে বুলি জানিবলৈ দিছে জি এম চি এইচৰ অধীক্ষক অভিজিৎ শৰ্মাই। শৰ্মাই জানিবলৈ দিয়া মতে, তেওঁৰ স্বাস্থ্যৰ অৱস্থা যথেষ্ট জটিল।