দেশীয় প্ৰতিষেধক covaxin য়ে কৰোনাৰ সংহাৰী ৰূপ লোৱা দ্বিতীয় স্তৰকো প্ৰতিহত কৰিব পাৰে…
নিয়মীয়া বাৰ্তা ২১ এপ্ৰিলঃ কৰোনাৰ সংহাৰৰ মাজতে দেশবাসীৰ বাবে এক ভালখবৰ! Indian Council for Medical Research-এ আজি ঘোষণা কৰা মতে, দেশত প্রস্তুত হোৱা Covaxin ভেকচিনৰ আন এক বিশেষত্ব হৈছে কৰোনাৰ ইউ কে ভেৰিয়েণ্টক প্ৰতিহত কৰিবলৈ সক্ষম Covaxin ।
ভাৰত বাইয়’টেক নামৰ হায়দৰাবাদৰ প্ৰতিষ্ঠানটোৱে প্ৰস্তুত কৰি উলিওৱা এই প্রতিষেধকে বৰ্তমান কোভিড-১৯ৰ মহামাৰীয়ে ভয়ানক ৰূপ ধাৰণ কৰাৰ মূল কাৰণ ইউকে ভেৰিয়েণ্টকো প্ৰতিহত কৰিব পাৰে।
উল্লেখ্য যে, ICMRৰ মতে ব্ৰাজিল ভেৰিয়েণ্টৰ আৰু double mutant SARS-CoV-2কো প্ৰতিহত কৰিব পৰা ক্ষমতা আছে এই ভেকচিনৰ ।
মন কৰিবলগীয়া যে ভাৰত বায়’টেকে আৰু ICMRয়ে Covaxin ফ্ৰেজ ৩ ৰ ডাটা মুকলি কৰিছে য’ত Covaxinয়ে কভিড-১৯ৰ বিৰোধে ১০০% প্ৰভাৱিত হয়। ফ্ৰেজ ৩ ট্ৰায়েল দেশত ১৮-৯৮ বয়সৰ ২৫,৮০০ জনৰ ওপৰত পৰীক্ষা কৰা হৈছিল।